অসম

assam

ETV Bharat / sports

বিশ্বকাপ ২০২৪ৰ ছেমি ফাইনেলত স্থান দখল ইংলেণ্ডৰ; USA ক ১০ উইকেটত পৰাস্ত - T20 World Cup 2024

USA VS ENG T20 World Cup 2024 : ফাইনেল দিশে আগবাঢ়িছে ছুপাৰ-৮ মেচ টি-২০ বিশ্বকাপ ২০২৪ ৷ ইতিমধ্যে বিশ্বকাপ ২০২৪ ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ইংলেণ্ডে ৷ ইংলেণ্ডৰ দলটো বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাবে বিবেচিত হৈছে ৷

USA VS ENG T20 World Cup 2024
ছুপাৰ-৮ মেচ টি-২০ বিশ্বকাপ ২০২৪ৰ ছেমি ফাইনেলত ইংলেণ্ড (AP)

By ETV Bharat Sports Team

Published : Jun 24, 2024, 7:23 AM IST

স্পৰ্টছ ডেস্ক, ২৪ জুন : শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি,ব্ৰীজটাউনৰ কেনচিংটন অ’ভেলত ইংলেণ্ড আৰু আমেৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হয় ছুপাৰ-৮ ৰ অতি ৰোমাঞ্চকৰ মেচখন ৷ এই মেচত ইংলেণ্ডে আমেৰিকাক ১০ উইকেটত পৰাস্ত কৰে ।

এই জয়ৰ পাচতে ইংলেণ্ডে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে । একে সময়তে মেচখনত পৰাজয়ৰ লগে লগে প্ৰথমবাৰৰ বাবে ICC ত খেলা আমেৰিকাৰ যাত্ৰা ইমানতে অন্ত পৰে ।

  • ইংলেণ্ডে ১০ উইকেটত জয়লাভ কৰে

ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰে টছত জয়লাভ কৰি USA ক প্ৰথমে বেটিং কৰিবলৈ সুবিধা দিয়ে ৷ তাৰ পাচত ইংলেণ্ডৰ বলাৰসকলে নিজৰ অধিনায়কৰ সিদ্ধান্তক শিৰত ৰাখি আমেৰিকাক ১৮.৫ অভাৰত মাত্ৰ ১১৫ ৰাণহে কৰিবলৈ সুবিধা কৰি দিয়ে ৷

ইংলেণ্ডৰ হৈ বেগী বলাৰ ক্ৰীছ জৰ্ডানে হেট্ৰিকৰে ৪ টা উইকেট দখল কৰে । তাৰ পাচত ১১৬ ৰাণৰ লক্ষ্য আগত ৰাখি ইংলেণ্ডে মাত্ৰ ৯.৪ অভাৰত ১১৭ ৰাণ সংগ্ৰহ কৰে ৷ এটাও উইকেট নেহেৰুৱাই জয়লাভ কৰে দলটোৱে । ইংলেণ্ডৰ হৈ অ’পেনাৰ জোছ বাটলাৰে ৮৩ ৰাণ আৰু ফিল ছল্টে ২৫ ৰাণ সংগ্ৰহ কৰি দলটোক ছেমি ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰে ।

  • মেচখনৰ নায়ক আছিল ক্ৰীছ জৰ্ডান

আমেৰিকাৰ বিৰুদ্ধে ইংলেণ্ডৰ এই জয়ৰ মূল নায়ক মাৰ্ক উডৰ সলনি বেগী বলাৰ ক্ৰীছ জৰ্ডানে প্লেইং-১১ ত যোগদান কৰে । যিজন টি-২০ ত হেট্ৰিক লোৱা ইংলেণ্ডৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছিল ।

এই খেলখনত জৰ্ডানে ২.৫ অভাৰত মাত্ৰ ১০ ৰাণত ৪ উইকেট দখল কৰাৰ লগতে ইংলেণ্ডৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াৰ উপৰিও জৰ্ডানে তেওঁৰ অভিনয়ৰ বাবে প্লেয়াৰ অৱ দ্য এৱাৰ্ড লাভ কৰে ।

  • ইংলেণ্ডে ছেমি ফাইনেলত প্ৰৱেশ কৰে

আমেৰিকাৰ বিৰুদ্ধে এই ৰোমাঞ্চকৰ জয়ৰ পাচতে ইংলেণ্ডে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে । ডিফেণ্ডিং টি-২০ চেম্পিয়ন ইংলেণ্ডে ছুপাৰ-৮ পৰ্যায়ত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাক পৰাস্ত কৰিবলৈ সক্ষম হৈছে । একে সময়তে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এখন ৰোমাঞ্চকৰ মেচত মাত্ৰ ৭ ৰাণত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

  • ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ডু অৰ ডাই মেচ

ইতিমধ্যে ছুপাৰ-৮ ৰ গ্ৰুপ-২ ৰ পৰা ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ইংলেণ্ড । আজি (সোমবাৰ)ৰ মেচখন আছে দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ৷ এই মেচত যি দলে জয়ী হ’ব সেই দলটোৱে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । অৰ্থাৎ দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ - দুয়োটা দলৰ বাবেই এই মেচখন বহু বেছি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে (Do or die match) ৷

লগতে পঢ়ক :অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আফগানিস্তানৰ জয়ে ছেমিত ভাৰতৰ প্ৰৱেশ ৰুদ্ধ কৰিব নেকি ! - T20 World Cup 2024

পেট কামিন্সে ৰচিলে ইতিহাস; একেৰাহে দুখন খেলত হেট্ৰিক - Pat Cummins Hat Trick

ABOUT THE AUTHOR

...view details