অসম

assam

টীম ইণ্ডিয়াৰ এইসকল ক্ৰিকেটাৰ অভিযন্তাও: এই দিনটোৰ ইতিহাস আৰু গুৰুত্ব কি জানেনে - ENGINEERS DAY 2024

By ETV Bharat Sports Team

Published : Sep 15, 2024, 12:47 PM IST

Engineers Day history: প্ৰতিবছৰে 15 ছেপ্টেম্বৰৰ দিনটো ভাৰতত পালন কৰা হয় অভিযন্তা দিৱস হিচাপে । অভিযন্তাসকল ভিন্ন ক্ষেত্ৰত ব্যস্ত হৈ থকা দেখা যায় । অভিযন্তা দিৱস কেৱল ভাৰততে নহয়, বিশ্বৰ অন্যান্য দেশতো উদযাপন কৰা হয় । এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক সেইসকল ক্ৰিকেটাৰৰ বিষয়ে জনাম, যিসকল খেলুৱৈৰ উপৰিও আছিল একোগৰাকী অভিযন্তা ।

ENGINEERS DAY 2024
অভিযন্তা দিৱস (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 15 ছেপ্টেম্বৰ: ভাৰতত প্ৰতি বছৰে 15 ছেপ্টেম্বৰৰ দিনটো অভিযন্তা দিৱস হিচাপে পালন কৰা হয় । এই দিনটোতে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অভিযন্তা তথা ভাৰতৰত্ন মোক্ষগুণ্ডাম বিশ্বেশ্বৰায়ৰ জন্মদিন । তেওঁ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ অভিযন্তা আছিল ৷

দিনটোৰ ইতিহাস

ভাৰতৰত্ন মোক্ষগুণ্ডাম বিশ্বেশ্বৰায়ে অভিযান্ত্ৰিক ক্ষেত্ৰখনত আগবঢ়াইছে অসাধাৰণ অৱদান, যিটো কোনেও পাহৰিব নোৱাৰে । সমগ্ৰ দেশতে অধিকাংশ নদীৰ মথাউৰি আৰু দলঙৰ নিৰ্মাণকাৰ্যত বিশ্বেশ্বৰায়ে মুখ্য ভূমিকা পালন কৰিছে । ব্যক্তিগৰাকীৰ বাবেই দেশৰ পানীৰ সমস্যা বহু পৰিমাণে সমাধান হৈছে ।

1968 চনত ভাৰত চৰকাৰে ড৹ মোক্ষগুণ্ডাম বিশ্বেশ্বৰায়ৰ জন্মদিনটো "ইঞ্জিনিয়াৰ দিৱস" হিচাপে ঘোষণা কৰে । তেতিয়াৰে পৰাই প্ৰতিবছৰে 15 ছেপ্টেম্বৰৰ দিনটো পালন কৰা হয় অভিযন্তা দিৱস হিচাপে ।

ভাৰতকে ধৰি এই দেশসমূহত অভিযন্তা দিৱস পালন

এই দিৱস অকল ভাৰততে নহয়, বৰং বিশ্বৰ আন আন দেশতো পালন কৰা হয় । উদাহৰণস্বৰূপে, আৰ্জেণ্টিনাত 16 জুনত, ইটালীত 15 জুনত, বাংলাদেশত 7 মে’ত, তুৰস্কত 5 ডিচেম্বৰত, ইৰাণত 24 ফেব্ৰুৱাৰীত, বেলজিয়ামত 20 মাৰ্চত আৰু ৰোমানিয়াত 14 ছেপ্টেম্বৰত অভিযন্তা দিৱস পালন কৰা হয় ।

আচলতে এই দিৱসটো সমগ্ৰ বিশ্বৰ অভিযন্তাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে পালন কৰা হয় ৷ যাতে তেওঁলোকে নিজৰ দক্ষতাৰে দেশ আৰু বিশ্বক প্ৰগতিৰ এক নতুন পথত আগুৱাই নিব পাৰে।

ক্ৰীড়াৰ জগতখনত বিশেষকৈ ক্ৰিকেটত অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰা খেলুৱৈৰ সংখ্যা বহুত বেছি । এনে কেইগৰাকীমান ক্ৰিকেটাৰ হৈছে-

  • শ্ৰীনিবাস ভেংকটাৰঘৱন: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অফ ব্ৰেক বলাৰ শ্ৰীনিবাস ভেংকটাৰঘৱনক ক্ৰিকেটৰ ময়দানত দেখা গৈছিল আম্পায়াৰ হিচাপে । তেওঁ চেন্নাইৰ গুইণ্ডিৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী সম্পূৰ্ণ কৰে ।
  • ই এ এছ প্ৰসন্ন: ভাৰতৰ প্ৰাক্তন অফ স্পিনাৰ ই এ এছ প্ৰসন্ন প্ৰথমে অভিযন্তা, পিছলৈ ক্ৰিকেটাৰত পৰিণত হয় ৷ তেওঁ মহীশূৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিঙৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছে ।
  • কে শ্ৰীকান্ত: 80 ৰ দশকৰ মাজভাগত ভাৰতৰ আগ্ৰাসী অ’পেনিং বেটছমেন কৃষ্ণমাচাৰী শ্ৰীকান্তে চেন্নাইৰ গুইণ্ডিৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে ।
  • অনিল কুম্বলে: মহান ভাৰতীয় লেগ স্পিনাৰ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক অনিল কুম্বলে অভিযান্ত্ৰিকৰ স্নাতকোত্তৰ । কুম্বলে ৰাষ্ট্ৰীয় বিদ্যালয় কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা সম্পূৰ্ণ কৰিছে স্নাতক ডিগ্ৰী ।
  • জাভাগল শ্ৰীনাথ: আই চি চি ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত ভাৰতৰ হৈ যুটীয়া সৰ্বাধিক উইকেট দখল কৰা জাভাগল শ্ৰীনাথে মহীশূৰৰ শ্ৰীজয়চমৰাজেন্দ্ৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা ইনষ্ট্ৰুমেণ্টেল টেকন’ল’জিত অভিযান্ত্ৰিক ডিগ্ৰী সম্পূৰ্ণ কৰে ।
  • ৰবিচন্দ্ৰন অশ্বিন: ভাৰতীয় ক্ৰিকেট তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ তথ্য প্ৰযুক্তিবিদ্যাত আছে বি টেক ডিগ্ৰী । অশ্বিনে এতিয়াও ভাৰতীয় দলত খেলি আছে । টেষ্টত তেওঁ দলটোৰ আগশাৰীৰ স্পিনাৰৰূপে পৰিচিত ।
  • শিখা পাণ্ডে: ভাৰতীয় মহিলা ক্ৰিকেটৰ অন্যতম বেগী বলাৰ হৈছে শিখা পাণ্ডে । 35 বছৰীয়া খেলুৱৈগৰাকীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি 100 খনতকৈও অধিক মেচত অংশগ্ৰহণ কৰিছে । গোৱা কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা ইলেক্ট্ৰনিকছ আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰা শিখা পাণ্ডে বৰ্তমান ভাৰতীয় বায়ুসেনাত কৰ্মৰত ।
  • আকাশ মাধৱাল: 2023 চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ মূল বলাৰ আছিল আকাশ মাধৱাল । 2016 চনত ৰুৰকীৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰে আকাশে ।

লগতে পঢ়ক:92 বছৰৰ পিছত হ’ব চমৎকাৰ ! ঐতিহাসিক অভিলেখ গঢ়াৰ পৰা মাথো কিছু দূৰৈত টীম ইণ্ডিয়া - IND VS BAN TEST SERIES

ABOUT THE AUTHOR

...view details