স্প’ৰ্টছ ডেস্ক, 5 ছেপ্টেম্বৰ:আজিৰে পৰা আৰম্ভ হৈছে দুলীপ ট্ৰফী 2024 ৰ মেচসমূহ ৷ বৃহস্পতিবাৰে ভাৰত এ বনাম ভাৰত বি ৰ মাজত অনুষ্ঠিত হৈছে এখন মেচ ৷ এই মেচখনত ভাৰত এ ৰ হৈ প্ৰথমে বেটিং কৰিবলৈ অহা মুছিৰ খানে দলটোৰ হৈ অৰ্জন কৰে শতক । দলটোৰ আৰম্ভণি সন্তোষজনক নাছিল আৰু 80 ৰাণৰ ভিতৰতে হেৰুৱাইছিল 5 টাকৈ উইকেট ।
দুটাকৈ উইকেট হেৰুওৱাৰ পিছত বেটিং কৰিবলৈ অহা চৰফৰাজ খানৰ ভাতৃ মুছিৰ খানে ক্ৰিজত আধিপত্য বিস্তাৰ কৰে ৷ মুছিৰে প্ৰথমাৱস্থাত ৰাণ সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷ পৰৱৰ্তী সময়ত অৱশ্যে খেলুৱৈগৰাকীয়ে দৰ্শনীয় প্ৰদৰ্শনৰে অৰ্জন কৰে শতক ৷ মুছিৰে প্ৰথমাৱস্থাত 60 টা বলত সংগ্ৰহ কৰিছিল মাত্ৰ 6 ৰাণ ৷
পৰৱৰ্তী সময়ত খেলুৱৈগৰাকীয়ে 118 টা বলত 6 টা চাৰিৰে সম্পূৰ্ণ কৰে অৰ্ধশতক ৷ ইয়াৰ পিছত অপ্ৰতিৰোধ্য মুছিৰে 192 টা বলত 10 টা চাৰি আৰু 2 টা ছয়ৰে দৰ্শনীয় শতকটো অৰ্জন কৰে । তেওঁ উৎকৃষ্ট বেটিং দক্ষতা প্ৰদৰ্শন কৰি ইনিংছটো চম্ভালি অৰ্জন কৰে শতক ৷
চৰফৰাজ আৰু পন্ত ব্যৰ্থ