স্পৰ্টছ ডেস্ক, 29 জানুৱাৰী :ভাৰত-ইংলেণ্ডৰপাঁচখনীয়া শৃংখলাৰ প্ৰথমখনে টেষ্টত ভাৰতৰ পৰাজৰ অন্যমত কাৰণ কি ! বলিং নে বেটিং ! এই ক্ষেত্ৰত নানা ঋষিৰ নানা মত ৷ মেচৰ পাচত এক সংবাদমেল সম্বোধন কৰি প্ৰথমখন টেষ্ট ভাৰতৰ পৰাজয়ৰ কাৰণ উল্লেখ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে ৷
ইংলেণ্ডৰ বেটছমেন অলি প’পে খেলা শ্বটসমূহৰ কথা উল্লেখ কৰি দ্ৰাবিড়ে কয় যে, ভাৰতীয় স্পীনাৰৰ বিৰুদ্ধে সুন্দৰকৈ চুইপ আৰু ৰিভাৰ্চ চুইপৰ দৰে শ্বট মাৰিবলৈ সক্ষম হৈছিল প’প ৷ যাৰবাবে তেওঁ 196 ৰাণৰ এটা স্মৰণীয় ইনিংছ খেলিছিল । তেওঁৰ বেটিঙৰ বাবে প্ৰথম ইনিংছত 190 ৰাণত পিছ পৰি থকা ইংলেণ্ডে জয়লাভ কৰিবলৈ সক্ষম হয় ।
তেওঁ লগতে কয়, ‘‘ আমি স্পীনাৰ প্ৰতি গুৰুত্ব দিব লাগিব ৷ যাতে বিপক্ষ দলৰ খেলুৱৈ স্পীনাৰৰ বিৰুদ্ধে চুইপ আৰু ৰিভাৰ্চ চুইপ খেলিব নোৱাৰে তাৰবাবে অধিক গুৰুত্ব দিয়া হ’ব ৷’’ অলি প’পক প্ৰশংসা কৰি দ্ৰাবিড়ে কয় যে, পূৰ্বে আমি ইমান নিৰ্ভুলকৈ চুইপ বা ৰিভাৰ্চ খেলিব পৰা খেলুৱৈক দেখা নাছিলো ৷ পূৰ্বে কিছু খেলুৱৈ ভাল খেলিছিল যদিও প’পৰ অসাধাৰণ ইনিংছৰ দৰে দেখা নিছিলো ৷