স্পৰ্টছ ডেস্ক, ১৬ মে' :আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও অনুৰাগীৰ আৱেগ আৰু উৎসাহ এতিয়া কমা নাই তেওঁলোকৰ মৰমৰ 'মাহী'ৰ প্ৰতি । তাৰ উদাহৰণ এইবাৰ আইপিএলত স্পষ্ট হৈ পৰিছে । মহেন্দ্ৰ সিং ধোনীয়ে হাতত বেট লৈ খেলপথাৰত প্ৰৱেশৰ লগে লগে ষ্টেডিয়ামত সৃষ্টি হোৱা আলোড়নে প্ৰমাণ কৰিছে এইগৰাকী কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ প্ৰতি ক্ৰিকেট অনুৰাগীৰ সীমাহীন মৰম আৰু ভালপোৱা ।
কিন্তু তাৰ মাজতে এই কথাও চৰ্চালৈ আহিছে যে ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বকালৰ সৰ্বকালৰ শ্ৰেষ্ঠ অধিনায়কগৰাকীৰ এইবাৰেই হয়তো শেষ আইপিএল । ধোনীক হয়তো ভৱিষ্যতে খেলপথাৰত দেখা পোৱা নাযাব । দেখা পোৱা নাযাব 'কেপ্টেইন কুল'ৰ সেই শান্ত সমাহিত ৰূপ, নাইবা বিধ্বংসী বেটিং পৰাক্ৰম বা প্ৰিয় 'হেলিকপ্টাৰ শ্বট' ।
কিন্তু এই ক্ষেত্ৰত অন্য দৃষ্টিভংগী প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা চেন্নাই চুপাৰ কিংছৰ (চিএছকে) বেটিং প্ৰশিক্ষক মাইকেল হাছিয়ে । তেওঁ বিশ্বাস কৰে যে মহেন্দ্ৰ সিং ধোনীয়ে আগন্তুক কেইবছৰমানলৈ খেলা অব্যাহত ৰাখিব পাৰে । উল্লেখ্য যে ধোনীৰ বৰ্ধিত বয়স আৰু ফিটনেছৰ কথা মনত ৰাখি বহুতে এয়া ধোনীৰ অন্তিম আইপিএল বুলি এক ধাৰণা গ্ৰহণ কৰিছে ।
আঁঠুৰ অস্ত্ৰোপচাৰৰ পিচৰে পৰা ধোনীৰ কামৰ বোজা হ্ৰাস কৰিছে চিএছকেই । ইতিমধ্যে দলটোৰ অধিনায়কত্ব ত্যাগ কৰা ধোনীয়ে এই ছিজনৰ পিচত ক্ৰিকেটক বিদায় দিব পাৰে বুলি সৰ্বত্ৰে চৰ্চা চলিছে । কিন্তু এইবাৰ ডেথ অভাৰত বেটিং কৰা সত্ত্বেও ধোনীয়ে 10 টা ইনিংছত 226.66 ষ্ট্ৰাইক ৰেটেৰে 136 ৰাণ সংগ্ৰহ কৰি নিজৰ খেলৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছে ।
ধোনী অহা বছৰ পুনৰ ঘূৰি আহিব নেকি বুলি ইএছপিএনৰ 'এৰাউণ্ড দ্য উইকেট' অনুষ্ঠানত সোধা প্ৰশ্নৰ উত্তৰত হাছিয়ে এইকথা কয় । "এই স্তৰত আপোনাৰ অনুমান মোৰ দৰেই ভাল । তেওঁ নিজৰ কাৰ্ড বুকুৰ অতি ওচৰত ৰাখে । আমি আশা কৰি আছোঁ যে তেওঁ এইটো অব্যাহত ৰাখিব । মই জানো অনুৰাগীসকলে সম্ভৱত তেওঁক অৰ্ডাৰত অলপ ওপৰলৈ বেটিং কৰাটো চাব বিচাৰে ।"