নতুন দিল্লী: চেম্পিয়নছ ট্ৰফী 2025 ৰ পূৰ্বে পাকিস্তানে আন এটা ডাঙৰ বিফলতাৰ সন্মুখীন হৈছে । পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (পি চি বি) প্ৰতিযোগিতাখনৰ পূৰ্বে অনুসূচীত অধিনায়কসকলৰ ফটোশ্বুট আৰু সংবাদমেল বাতিল কৰিবলৈ বাধ্য হৈছে ।
পাকিস্তানলৈ নাযায় ৰোহিত শৰ্মা
চেম্পিয়নছ ট্ৰফীৰ ২০২৫ সংস্কৰণ দুটা বিশেষ ইভেণ্ট অবিহনে পাকিস্তানত আৰম্ভ হ'ব । খবৰ অনুসৰি, অধিনায়কৰ ফটোশ্বুট আৰু সংবাদমেল অনুষ্ঠিত হ’লে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই পাকিস্তান ভ্ৰমণ কৰিব লাগিব ৷ কিন্তু সুৰক্ষাজনিত কাৰণত এয়া সম্ভৱ হোৱা নাছিল ৷ কিয়নো 8 টা দলৰ প্ৰতিযোগিতাৰ পূৰ্বে অহা দলবোৰৰ সময়সূচী একে নাছিল ।
পাকিস্তানত অনুষ্ঠিত নহয় ফটোশ্বুট
পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ (পি চি বি) এটা সূত্ৰই পি টি আইক জনোৱা মতে, "ব্যস্ত ভ্ৰমণসূচীৰ বাবে দলৰ উপস্থিতি সম্ভৱ নাছিল" ৷ যাৰ বাবে প্ৰতিযোগিতাখনৰ পূৰ্বে পি চি বিয়ে অধিনায়কসকলৰ সংবাদমেল বাতিল কৰিবলৈ বাধ্য হৈছিল ।
সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, "কথাটো হ'ল প্ৰতিযোগিতাখনৰ আগতে সকলো দলৰ ব্যস্ত সময়সূচী আছে । ইংলেণ্ড আৰু ভাৰতে সম্প্ৰতি বগা বলৰ শৃংখলাত ব্যস্ত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ দলটো শ্ৰীলংকাতে টেষ্ট আৰু এদিনীয়া শৃংখলা খেলি আছে ৷ সূত্ৰটোৱে এইটোও উল্লেখ কৰিছিল যে, পি চি বিয়ে আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ পৰিৱৰ্তে 16 ফেব্ৰুৱাৰীত লাহোৰত প্ৰতিযোগিতাখন আৰম্ভ কৰাৰ বাবে এক কাৰ্যসূচী আয়োজন কৰিব" ৷
সকলো দলৰ ভিন্ন অনুসূচী
পাকিস্তান, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাই ইতিমধ্যে এক চমু শৃংখলাত অংশগ্ৰহণ কৰাৰ পিছত আয়োজক দেশখনত উপস্থিত থাকিব ৷ আনহাতে, অষ্ট্ৰেলিয়াই 14 ফেব্ৰুৱাৰীত শ্ৰীলংকা ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ দিনা অৰ্থাৎ 19 ফেব্ৰুৱাৰীত দেশখনত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ এদিনীয়া শৃংখলা 12 ফেব্ৰুৱাৰীত সমাপ্ত হ'ব আৰু তাৰপিছতহে তেওঁলোকে পাকিস্তানলৈ যাব ।
19 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উদ্বোধনী মেচ
ভাৰত আৰু পাকিস্তানৰ মাজত থকা ৰাজনৈতিক সংঘাত আৰু উত্তেজনাৰ বাবে ভাৰতে ডুবাইত ইয়াৰ সকলোবোৰ মেচ খেলিব । সেয়েহে চেম্পিয়নছ ট্ৰফীৰ সময়ত বাংলাদেশ, পাকিস্তান আৰু নিউজিলেণ্ডে এখনকৈ মেচৰ বাবে সংযুক্ত আৰৱ আমিৰশ্বাহীত উপস্থিত হ'ব । 19 ফেব্ৰুৱাৰীত কৰাচীৰ নেশ্যনেল ষ্টেডিয়ামত প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত আয়োজক পাকিস্তান নিউজিলেণ্ডৰ মুখামুখি হ'ব । 8 টা দলৰ ভিতৰত পাকিস্তান হৈছে একমাত্ৰ দল, যি এতিয়ালৈকে এই প্ৰতিযোগিতাৰ বাবে দল ঘোষণা কৰা নাই ।
লগতে পঢ়ক:কেপ্তেইন কুলৰ "হট" ৰূপ; সমাধান বিচাৰি বৰফৰ মাজত ধোনী