অসম

assam

ETV Bharat / sports

আইচিচি চেম্পিয়নছ ট্ৰফী : ভাৰতীয় অনুৰাগীৰ বাবে বিশেষ অ'ফাৰ পিচিবিৰ - ICC CHAMPIONS TROPHY 2025

PCB Chief Mohsin Naqvi: চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতক আকৰ্ষণৰ নতুন পন্থা পাকিস্তানৰ । ভিছা জাৰীৰ ক্ষেত্ৰত বিশেষ সকাহ দিব ভাৰতীয় অনুৰাগীক ।

ICC Champions Trophy 2025
ভাৰতীয় অনুৰাগীৰ বাবে বিশেষ অ'ফাৰ পিচিবিৰ (ANI Photo)

By ETV Bharat Sports Team

Published : Nov 2, 2024, 1:01 PM IST

নতুন দিল্লী : অহা বছৰ পাকিস্তানে আয়োজন কৰিব আইচিচি চেম্পিয়নছ ট্ৰফী । ইতিমধ্যে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (পিচিবি) ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে । অৱশ্যে পাকিস্তানত এই প্ৰতিযোগিতাত ভাৰতৰ অংশগ্ৰহণক লৈ এতিয়াও অনিশ্চয়তা আছে । ভাৰতে হাইব্ৰিড মডেলৰ পৰামৰ্শ দিছে যদিও পাকিস্তান মান্তি হোৱা নাই ।

তাৰ বিপৰীতে পিচিবিয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড(বিচিচিআই) আৰু ভাৰতীয় অনুৰাগীক আকৰ্ষণৰ বাবে নতুন নতুন পন্থা হাতত লৈছে । ইয়াৰ মাজতে পিচিবিৰ অধ্যক্ষ তথা ফেডাৰেল গৃহমন্ত্ৰী মহছিন নকভিয়ে আইচিচি চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান ভ্ৰমণ কৰিব বিচৰা ভাৰতীয় অনুৰাগীসকলৰ বাবে দ্ৰুত ভিছা জাৰী কৰাৰ নীতিৰ প্ৰতিশ্ৰুতি দিছে । তেওঁ আমেৰিকান শিখ তীৰ্থযাত্ৰীৰ এটা দলৰ সৈতে বৈঠকত এই গ্যেৰাণ্টি দিয়ে ।

ভাৰতীয় অনুৰাগীৰ বাবে বিশেষ অ'ফাৰ পিচিবিৰ (ANI and AFP Photo)

ভাৰতীয় অনুৰাগীক ভিছাৰ ক্ষেত্ৰত দিয়া হ'ব অগ্ৰাধিকাৰ

নকভিয়ে কয়, "আমাৰ ওচৰত ভাৰতীয় অনুৰাগীসকলৰ বাবে টিকটৰ এক বিশেষ কোটা থাকিব আৰু আমি ভিছা জাৰী কৰাৰ নীতি ত্বৰান্বিত কৰিবলৈ চেষ্টা কৰিম ।" তেওঁ লগতে কয় যে পিচিবিয়ে ভাৰতীয় অনুৰাগীসকলক পাকিস্তানলৈ অহাটো বিচাৰে আৰু লাহোৰত ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন চোৱাটো কামনা কৰে ।

পাকিস্তানে সকলো দলকে দিব আতিথ্য

প্ৰতিযোগিতাৰ পূৰ্বে নকভিয়ে কয় যে তেওঁ নিশ্চিত যে পাকিস্তানত অনুষ্ঠিত হ'লেও ভাৰতে চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিব । তেওঁ কয়, "ভাৰতীয় দলটো আহিব লাগে । মই নাভাবো যে তেওঁলোকে ইয়ালৈ অহাটো বাতিল বা স্থগিত ৰাখিব আৰু আমি নিশ্চিত যে আমি চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ অহা সকলো দলকে আতিথ্য দিম ।"

ভাৰতীয় অনুৰাগীৰ বাবে বিশেষ অ'ফাৰ পিচিবিৰ (ANI Photo)

আইচিচিয়ে চেম্পিয়নছ ট্ৰফীৰ সময়সূচী প্ৰকাশ কৰা নাই

আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ অহা বছৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু ফাইনেলখন ৯ মাৰ্চত অনুষ্ঠিত হ'ব । প্ৰতিযোগিতাখনৰ সকলোবোৰ খেল লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ'ব । আইচিচিয়ে এতিয়ালৈ প্ৰতিযোগিতাখনৰ সময়সূচী প্ৰকাশ কৰা নাই কিয়নো তেওঁলোক নিশ্চিত হ'ব পৰা নাই ভাৰত চৰকাৰে দলটোক অনুষ্ঠানটোৰ বাবে পাকিস্তানলৈ যোৱাৰ অনুমতি দিব নে নাই ।

ভাৰতীয় অনুৰাগীৰ বাবে বিশেষ অ'ফাৰ পিচিবিৰ (ANI Photo)

ভাৰত চৰকাৰে ল'ব সিদ্ধান্ত

বিচিচিআইয়ে স্পষ্ট কৰি দিছে যে তেওঁলোকে পাকিস্তান ভ্ৰমণৰ ক্ষেত্ৰত চৰকাৰৰ যিকোনো নীতিগত সিদ্ধান্ত মানি চলিব । ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় দলে পাকিস্তান ভ্ৰমণ কৰা নাই । ২০০৭ চনৰ পৰা দুয়োখন দেশৰ মাজত কোনো টেষ্ট শৃংখলাও অনুষ্ঠিত হোৱা নাই ।

লগতে পঢ়ক :দেৱালীৰ আনন্দ ম্লান পেলাই পাকিস্তানৰ হাতত পৰাস্ত ভাৰত

ABOUT THE AUTHOR

...view details