স্প’ৰ্টছ ডেস্ক, 21 ছেপ্টেম্বৰ: ভাৰতবৰ্ষত ছবি আৰু ক্ৰিকেটৰ প্ৰতি দেশবাসীৰ আছে এক বৃহৎ উন্মাদনা । এই দুয়োক্ষেত্ৰৰ সৈতে জড়িত তাৰকাসকলৰো আছে বিশালসংখ্যক অনুৰাগী-অনুগামী ।
কেতিয়াবা বাৰু ভাবিছেনে খেলপথাৰত ছয়ৰে প্ৰতিপক্ষৰ বলাৰক আঘাত কৰা তাৰকা ক্ৰিকেটাৰে ৰূপালী পৰ্দাত খোজ দিলে কি হ’ব ? কিন্তু এনে কোনো খবৰ শুনাৰ পিছত অনুৰাগীৰ মনত দুগুণে সুখ অনুভৱ হয় ।
তেনে এক সময়তে অহা খবৰ অনুসৰি, অষ্ট্ৰেলিয়াৰ তাৰকা ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰক অচিৰেই দেখা যাব ৰূপালী পৰ্দাত ৷ যাক লৈ উৎসাহিত হৈ পৰিছে নেটিজেনসকল ৷
ডেভিদ ৱাৰ্ণাৰক ৰূপালী পৰ্দাত দেখা পোৱাৰ সম্ভাৱনা
তাৰকা আইকন আল্লু অৰ্জুন অভিনীত পুষ্পা পাৰ্ট-1 ৰ "স্ৰিভালী" গানটো মুক্তিৰ লগে লগে সমগ্ৰ ভাৰততে চুপাৰহিট হৈছিল । এই গানটোৰ ৰিলছবোৰত সেই সময়ত দেখা গৈছিল তাৰকা ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰক ৷ যি হৈ পৰিছিল সমগ্ৰ বিশ্বতে ভাইৰেল ৷
লগতে, ৱাৰ্ণাৰে খেলপথাৰত কেইবাবাৰো 'টেগেডেল' (নমনা নহ'ব বুলি কৈ তেলেগু দৰ্শকৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল । এই মুহূৰ্তৰ খবৰটো হৈছে যে, পৰিচালক সুকুমাৰে এই ছেনছেশ্যনক সম্প্ৰতি 'পুষ্পা 2' ত সংযোগ কৰাৰ সিদ্ধান্ত লৈছে । যদি এয়া সঁচা হয়, তেন্তে আমি ডেভিদ ৱাৰ্ণাৰক 'পুষ্পা 2' ত দেখা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
ছবিখনৰ বিশেষ চৰিত্ৰত ৱাৰ্ণাৰ
ৱাৰ্ণাৰে 'পুষ্পা 2' ত বিশেষ ভূমিকা পালন কৰাৰ বাতৰি সামাজিক মাধ্যমত ইতিমধ্যে প্ৰকাশ পাইছে ৷ শেহতীয়াকৈ ৰং-বিৰঙৰ সাজ-পোছাকৰে উঠা ডেভিদ ৱাৰ্ণাৰৰ এখন ফটোও সামাজিক মাধ্যমত তীব্ৰগতিত ভাইৰেল হৈ পৰে । এই ফটোখনত ৱাৰ্ণাৰ এজন পেছাদাৰী বাউঞ্চাৰৰ ৰূপত আছে । ৱাৰ্ণাৰক হোৱাইট এণ্ড হোৱাইট পোছাকত বন্দুক লৈ ষ্টাইলিছ ৰূপত দেখা গৈছে ।
নেটিজেনসকলে দাবী কৰা অনুসৰি, এই সজ্জাটো পুষ্পা ছবিখনৰ ৷ অৱশ্যে ইয়াত কিমান সত্যতা আছে, সেয়া এতিয়াও জানিব পৰা নাই । পুষ্পাৰ নিৰ্মাতাসকলৰ পৰাও এই বিষয়ে বৰ্তমানলৈকে লাভ কৰা নাই কোনো প্ৰতিক্ৰিয়া ৷
তেলেগু দৰ্শকৰ হৃদয়ত আছে ৱাৰ্ণাৰ
ৱাৰ্ণাৰ আৰু তেলেগু লোকসকলৰ মাজত আছে এটা ভাল বান্ধোন ৷ বিগত সময়ত ৱাৰ্ণাৰে আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰতিনিধিত্ব কৰিছিল । তেলেগু অনুৰাগীসকলেও ৱাৰ্ণাৰক যথেষ্ট সমৰ্থন কৰিছিল ।
এই বান্ধোনৰ বাবে বহু সময়ত ৱাৰ্ণাৰে তেলেগু গানত নৃত্য কৰা, চলচ্চিত্ৰৰ সংলাপ ব্যক্ত কৰি ৰিলছ তৈয়াৰ কৰা দেখা গৈছিল ৷ এনেদৰে ক্ৰিকেটাৰগৰাকী তেলেগু লোকসকলৰ কাষ চাপিছিল ।
ৱাৰ্ণাৰে হায়দৰাবাদ আৰু তেলেগু অনুৰাগীসকলৰ প্ৰতি তেওঁৰ মৰম বহুবাৰ ৰাজহুৱাকৈ প্ৰদৰ্শন কৰিছে । বহু সাক্ষাৎকাৰত ক্ৰিকেটাৰগৰাকীয়ে এয়া মুকলিকৈ প্ৰকাশো কৰিছে ।
তেওঁ শেহতীয়াকৈ হায়দৰাবাদত কটোৱা সময়ক সুঁৱৰি আবেগিক পোষ্ট কৰা সামাজিক মাধ্যমত দেখা গৈছিল ৷ এনেদৰে ৱাৰ্ণাৰৰ হায়দৰাবাদৰ সৈতে আছিল এক অটুট সম্পৰ্ক ৷ একাংশ অনুৰাগীয়ে পুনৰ বিচাৰে যে, আই পি এলৰ ফ্ৰেঞ্চাইজি দল ছানৰাইজাৰ্ছে 2025 চনৰ মেগা নিলামত ৱাৰ্ণাৰক বাছনি কৰক ।
আল্লু অৰ্জুনৰ সৈতে বিশেষ সম্পৰ্ক
তাৰকা আইকন আল্লু অৰ্জুনে চলচ্চিত্ৰৰ গানসমূহত অধিক মনোনিৱেশ কৰাৰ লগতে সংলাপ ব্যক্ত কৰাতো অধিক দৰ্শনীয় হৈ উঠা পৰিলক্ষিত হৈছে । কৰ’ণা কালত আল্লু অৰ্জুন-ৱাৰ্ণাৰ ভাল বন্ধু হৈ পৰে । যদিও দুয়ো দুয়োকে কেতিয়াও ব্যক্তিগতভাৱে সাক্ষাৎ কৰা নাই, তথাপিও ইজনে-সিজনক অনলাইনত বিশেষ দিনবোৰত কেইবাবাৰো অভিনন্দন জনাইছে ।
লগতে পঢ়ক:অস্থিৰ-সন্ত্ৰাসজৰ্জৰিত-যুদ্ধবিধ্বস্ত আফগানিস্তানৰ ক্ৰিকেটত পথাৰত সংগ্ৰামী উত্থান - AFGHANISTAN CRICKET TEAM