যোৰহাট : উত্তৰাখণ্ডত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি আৰম্ভ কৰিছে অসম দলৰ হেণ্ডবল খেলুৱৈসকলে । যোৰহাট জিলাৰ বাঘমৰাৰ ব্ৰহ্মপুত্ৰৰ বালিচৰৰ নৈসৰ্গিক পৰিৱেশত আৰম্ভ হৈছে বীচ্চ হেণ্ডবল দলৰ খেলুৱৈসকলৰ অনুশীলন আৰু প্ৰস্তুতি শিবিৰ ।
ইয়াৰ বাবে অসমৰ বিভিন্ন জিলাৰ হেণ্ডেবল দলৰ খেলুৱৈসকল বাঘমৰাৰ বালিচৰ প্ৰস্তুতি শিবিৰত উপস্থিত হৈছে আৰু উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকৰ দ্বাৰা ল'ৰা আৰু ছোৱালী উভয় দলকে উন্নতমানৰ প্ৰশিক্ষণ দি থকা হৈছে । ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰস্তুতি শিবিৰ ২০২৫ বৰ্ষৰ ৭ জানুৱাৰীত সমাপ্ত হ'ব ।
উক্ত শিবিৰত উপস্থিত থকা হেণ্ডবল দলৰ বিষয়ববীয়াসকলে কয়, "গুৱাহাটীৰ সৰুসজাইত ১০ আৰু ১৩ জানুৱাৰীত অনুষ্ঠিত হ'ব লগীয়া ৰাষ্ট্ৰীয় বীচ্চ হেণ্ডবল প্ৰতিযোগিতাৰ বাবে অসম দলৰ ল'ৰা-ছোৱালী উভয় দলৰ প্ৰতিযোগীকে এই স্থানতেই প্ৰশিক্ষণ দিয়া হৈছে । ইয়াৰ পৰাই উক্ত গেমছৰ বাবে দল নিৰ্বাচন কৰা হ'ব ।"
অসম হেণ্ডবল সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "ইতিমধ্যে উত্তৰাখণ্ডত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে ছোৱালী হেণ্ডবল দলটোৱে যোগ্যতা অৰ্জন কৰিছে । দুয়োটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে । ৰাষ্ট্ৰীয় বীচ্চ হেণ্ডবল প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন আগৱঢ়োৱা খেলুৱৈসকলে উত্তৰাখণ্ডত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে মনোনীত হ'ব ।"
ৰাষ্ট্ৰীয় বীচ্চ হেণ্ডবল প্ৰতিযোগিতাৰ বাবে ব্ৰহ্মপুত্ৰৰ বালিচৰত প্ৰশিক্ষণ (ETV Bharat Assam) ইফালে দুয়োটা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতেই অসম দলে পদক লাভ কৰিব পাৰিব বুলি আশাবাদী প্ৰশিক্ষকগৰাকী ।
আনহাতে, হেণ্ডবল দলৰ খৈলুৱৈসকলে যাতে এক সুন্দৰ পৰিৱেশত থাকি তেওঁলোকৰ খেলৰ বাবে প্ৰস্তুতি চলাব পাৰে তাৰ বাবে প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশ বিৰাজমান বাঘমৰা ব্ৰহ্মপুত্ৰৰ বালিচৰক স্থান হিচাপে নিৰ্বাচিত কৰা হৈছে বুলিও তেওঁলোকে উল্লেখ কৰে । ইফালে এনে এক সুন্দৰ পৰিৱেশ লাভ কৰি খৈলুৱৈসকলেও পূৰ্ণোদ্যমে অনুশীলনত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে । সকলোৰে এটাই সংকল্প, দুয়োটা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমৰ বাবে পদক কঢ়িয়াই আনিব ।