স্প’ৰ্টছ ডেস্ক:ৰিটেইনচন তালিকা প্ৰকাশৰ পিছতে কোন কেইগৰাকী খেলুৱৈ নিলামৰ বাবে উপলব্ধ হ’ব সেয়া স্পষ্ট হৈ পৰিছে ৷ 2025 ৰ আই পি এল সংস্কৰণৰ বাবে অচিৰে অনুষ্ঠিত হ’ব মেগা নিলাম প্ৰক্ৰিয়া ৷
ইয়াৰ পূৰ্বে দীপাৱলীৰ সময়তে 10 টা ফ্ৰেঞ্চাইজিয়ে প্ৰকাশ কৰিছিল ৰিটেইনড খেলুৱৈৰ তালিকা ৷
লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ কে এল ৰাহুল, দিল্লী কেপিটেলছৰ ঋষভ পন্ত, পঞ্জাৱ কিংছৰ ছেম কাৰাণ, 2024 চনৰ আই পি এলৰ খিতাপ বিজয়ী দল কলকাতাৰ অধিনায়ক শ্ৰেয়ছ আয়াৰক ইতিমধ্যে দলৰ পৰা বাদ দিয়া হৈছে । যাৰ বাবে ছিজন আৰম্ভ হোৱাৰ আগতেই আই পি এল 2025 ক উৎসুকতা যথেষ্ট বৃদ্ধি পাইছে ৷
ইয়াৰ মাজতে চেন্নাই চুপাৰ কিংছৰ এগৰাকী তাৰকা খেলুৱৈ মেগা নিলামৰ পৰা আঁতৰত থাকিব বুলি চৰ্চা চলিছে ৷ যাক লৈ অনুৰাগীসকলৰো উৎকণ্ঠা বৃদ্ধি পাইছে ৷ মেগা নিলামৰ পৰা আঁতৰি থাকিবলগীয়া ক্ৰিকেটাৰগৰাকী হৈছে ইংলেণ্ডৰ টেষ্ট দলৰ অধিনায়ক বেন ষ্ট’কছ ৷