স্প’ৰ্টছ ডেস্ক: দক্ষিণ আফ্ৰিকাৰ তাৰকা ফাষ্ট বলাৰ কাগিছো ৰাবাডাই ঢাকাৰ শ্বেৰ-ই-বাংলা ৰাষ্ট্ৰীয় ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত সৃষ্টি কৰিছে ইতিহাস । সোঁহতীয়া পেচাৰগৰাকীয়ে আটাইতকৈ কম বলত 300 টা টেষ্ট উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে ৷ সমান্তৰালকৈ এই তালিকাত থকা পাকিস্তানৰ ৱাকাৰ ইউনুছকো কৰে অতিক্ৰম ।
কাগিচো ৰাবাডাই ইতিহাস সৃষ্টি
ৰাবাডাই 11,817 টা বলত তেওঁৰ 300 টা টেষ্ট উইকেট সম্পূৰ্ণ কৰিছিল । ইয়াৰোপৰি ৰাবাডা ডেল ষ্টেইন আৰু এলান ড’নাল্ডৰ পিছত 300 টেষ্ট উইকেট দখল কৰা তৃতীয় দ্ৰুততম দক্ষিণ আফ্ৰিকাৰ বলাৰত পৰিণত হয় ৷ ৰাবাডাই তেওঁৰ 65 সংখ্যক টেষ্টত এই কৃতিত্ব অৰ্জন কৰে ৷ আনহাতে, ষ্টেইনে 61 সংখ্যক টেষ্টত এই কৃতিত্ব অৰ্জন কৰিছিল ।
ষ্টেন-ইউনুছ-ড’নাল্ডৰ দৰে প্ৰাক্তন কিংবদন্তীসকলৰ অভিলেখ ভংগ
দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত কাগিচো ৰাবাডা আৰু ৱিয়ান মুল্ডাৰে বলিং আৰম্ভ কৰে । ৰাবাডাই 14 অভাৰত প্ৰতিপক্ষৰ উইকেটকীপাৰ বেটছমেন মুশ্বফিকৰ ৰহিমৰ উইকেটটো দখল কৰি বেটছমেনগৰাকীক পেভিলিয়নলৈ পঠিয়ায় ৷ 29 বছৰীয়া বলাৰগৰাকীয়ে থ্ৰ’ কৰা বলটো বেটছমেনৰ সমীপৰ পৰা মিডল ষ্টাম্পৰ ওপৰেৰে পাৰ হৈ গৈছিল ।
প্ৰথম ইনিংছত 106 ৰাণত সীমাবদ্ধ বাংলাদেশ
বাংলাদেশৰ বেটছমেনসকলে দক্ষিণ আফ্ৰিকাৰ বলাৰসকলৰ মাৰাত্মক বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি প্ৰথম ইনিংছত সংগ্ৰহ কৰে মাত্ৰ 106 ৰাণ ৷ ৰাবাডা, মুল্ডাৰ আৰু কেশৱ মহাৰাজে 3 টাকৈ উইকেট দখল কৰে ৷ আনহাতে, ডেন পিডেটে মাহমুদুল হাছান জয়ৰ উইকেট দখল কৰে ।
কম বলত 300 টা টেষ্ট উইকেট দখল কৰা দ্ৰুততম বলাৰ
11817 - কাগিচো ৰাবাডা (দক্ষিণ আফ্ৰিকা)*
12602 - ৱাকাৰ ইউনুছ (পাকিস্তান)