স্প’ৰ্টছ ডেস্ক, 31 মে’: পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত দ্বি-পাক্ষিক টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত আলহী দলটো সাত উইকেটত পৰাস্ত হ'লেও অধিনায়ক বাবৰ আজমে ৰচিলে এক অভিলেখ । টি-২০ মেচত ৪০০০ ৰাণ সংগ্ৰহ কৰা দ্বিতীয়গৰাকী বেটছমেন হিচাপে তেওঁ অভিলেখ ৰচনা কৰিবলৈ সক্ষম হয় ।
ইংলেণ্ডৰ বিৰুদ্ধে অ'ভেলত অনুষ্ঠিত মেচখনত পাক অধিনায়ক বাবৰ আজমে ভাৰতীয় তাৰকা বেটাৰ বিৰাট কোহলীৰ একে শাৰীতেই এই কৃতিত্ব অৰ্জন কৰে । ২৯ বছৰীয়া দুৰ্ধৰ্ষ বেটাৰগৰাকীয়ে ৩৬ ৰাণৰ ইনিংছ খেলাৰ সময়তেই এই অভিলেখৰ গৰাকী হ'বলৈ সক্ষম হয় ।
উল্লেখ্য় যে, সোঁহতীয়া বেটাৰগৰাকীয়ে ৩৯৮৭ ৰাণ সংগ্ৰহ কৰি এই অভিলেখৰ বাবে মাত্ৰ ১৩ ৰাণৰ প্ৰয়োজন আছিল । ইংলেণ্ডৰ বিৰুদ্ধে অ'ভেলত অনুষ্ঠিত মেচখনত জৰ্ডানৰ এটা অভাৰত ক'ভাৰ ড্ৰাইভেৰে বাউণ্ডেৰী কোবাই এই প্ৰয়োজনীয় ৰাণখিনি সংগ্ৰহৰ পিচতেই টি-২০ মেচত একাধিক অভিলেখৰ গৰাকী হ'বলৈ সক্ষম হয় ।
ইয়াৰ পূৰ্বে আয়াৰলেণ্ড-পাকিস্তানৰ মাজত অনুষ্ঠিত তৃতীয়খন T-20 মেচত অধিনায়ক বাবৰ আজমে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ সৰ্বাধিক 50-তকৈ অধিক ৰাণ কৰা বেটাৰৰ অভিলেখ অতিক্ৰম কৰিছিল ৷ এই মেচখনত অধিনায়ক বাবৰ আজমে আক্ৰমণাত্মক বেটিঙেৰে 42 টা বলতে 75 ৰাণ সংগ্ৰহ কৰিছিল ৷