অসম

assam

ETV Bharat / sports

চলিত টি-২০ বিশ্বকাপৰ প্ৰথমটো হেট্ৰিক কামিন্সৰ; কেংগাৰু বাহিনীৰ হাতত 28 ৰাণত পৰাস্ত বাংলাদেশ - T20 world cup 2024

Pat Cummins Hat-trick in T-20 WC : পেট কামিন্সে চলিত টুৰ্ণামেণ্টখনত প্ৰথমটো হেট্ৰিক অৰ্জন কৰে । আনহাতে, ডেভিদ ৱাৰ্ণাৰে দ্ৰুততাৰে অৰ্ধশতক অৰ্জন কৰি শুকুৰবাৰে অষ্ট্ৰেলিয়াক ছুপাৰ এইটৰ প্ৰথমখন মেচত জয়ৰ সোৱাদ প্ৰদান কৰে । বৰ্ষাবিঘ্নিত মেচখনত ডাকৱৰ্থ/লুইছ (ডি এল এছ) পদ্ধতিত বাংলাদেশ ২৮ ৰাণত পৰাস্ত সহায় ।

By ETV Bharat Sports Team

Published : Jun 21, 2024, 12:47 PM IST

Pat Cummins Hat-trick in T-20 WC
হেট্ৰিক অৰ্জনৰ পিচত পেট কামিন্স (ETV Bharat)

স্পৰ্টছ ডেস্ক, ২১ জুন :অষ্ট্ৰেলিয়াৰ অন্যতম পেচাৰ পেট কামিন্সে চলিত টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণৰ প্ৰথমটো হেট্ৰিক অৰ্জন কৰে । লগতে ডেভিদ ৱাৰ্ণাৰৰ মাৰমুখী বেটিঙেৰে ছুপাৰ এইটৰ প্ৰথমখন মেচত বিজয় সাব্যস্ত কৰে । বাংলাদেশ-অষ্ট্ৰেলিয়াৰ মাজৰ ছুপাৰ এইটৰ মেচখনত বৰষুণে ব্যাঘাত জন্মায় । ফলত ডাকৱৰ্থ লুইছ (ডি এল এছ) পদ্ধতিৰ জৰিয়তে জয়-পৰাজয় নিৰ্ণ কৰা হয় আৰু বাংলাদেশ ২৮ ৰাণত পৰাস্ত হয় ।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ অধিনায়ক মিচেল মাৰ্শে টছত জয়ী হৈ বাংলাদেশৰ বিৰুদ্ধে প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে । বৰষুণৰ বাবে বাধাগ্ৰস্ত হোৱা মেচখনত কামিন্সে ক্ৰমাগত তিনিটা বলত তিনিটা উইকেট দখল কৰে আৰু বাংলাদেশৰ ইনিংছ নিৰ্ধাৰিত অভাৰত আঠ উইকেটত ১৪০ ৰাণতে সীমিত ৰাখে ।

আনহাতে, জয়ৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ডেভিদ ৱাৰ্ণাৰ আৰু ট্ৰেভিছ হেডে প্ৰথম উইকেটত ৬৫ ৰাণৰ এক বিস্ফোৰক যুটি বান্ধি দলৰ জয়ৰ ভেঁটি নিৰ্মাণ কৰে । ইয়াৰ পূৰ্বে বৰষুণৰ বাবে দুবাৰকৈ মেচখন বাধাগ্ৰস্ত হয় । অৱশেষত মেচ অফিচিয়েলে মেচৰ ফলাফল নিৰ্ধাৰণৰ বাবে ডি এল এছ পদ্ধতি ব্যৱহাৰৰ সিদ্ধান্ত লয় আৰু তাত অষ্ট্ৰেলিয়াৰ অঘিনায়কে শেষ হাঁহি মাৰে ।

ডি এল এছ ঘোষণাৰ সময়ত অষ্ট্ৰেলিয়াক ৭২ ৰাণৰ প্ৰয়োজন আছিল, কিন্তু দলটো তেতিয়া ২৮ ৰাণত আগবাঢ়ি আছিল । তাৰ পিচত বাংলাদেশক ২৮ ৰাণত পৰাস্ত ঘোষণা কৰা হয় ।

প্ৰথমে বলিং কৰিবলৈ বাছনি কৰি মিচেল ষ্টাৰ্কে সচৰাচৰৰ দৰে ইনিংছ মুকলি কৰে আৰু তৃতীয়টো বলতে তানজিন হাছানক আউট কৰে । ইয়াৰ পিচত লিটন দাস আৰু অধিনায়ক নাজমুল হোছেইন শান্তোৱে দ্বিতীয় উইকেটৰ বাবে ৫৭ ৰাণৰ গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ গঢ়ে । অৱশ্যে এই ৰাণ সংখ্যা অতি লেহেম গতিত আহিছিল । ইয়াৰ পিচত এডাম জাম্পাই দলৰ বাবে আন এক সফলতা আনে ।

ইয়াৰ পিচৰে পৰা বাংলাদেশে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাব ধৰে । তাৰ মাজতে পেট কামিন্সে টুৰ্ণামেণ্টৰ প্ৰথমটো হেট্ৰিক অৰ্জন কৰে । আনহাতে, বাংলাদেশৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে তৌহিদ হৃদয়ে (২৮ বলত ৪০ ৰাণ) ।

"মই জুনিয়ৰ শাখাত কেইটামান (হেট্ৰিক) পাইছো, কিন্তু অষ্ট্ৰেলিয়াৰ হৈ কেতিয়াও পোৱা নাই । এষ্টন এগাৰ নাথান এলিছে হেট্ৰিক কৰিছে আৰু এতিয়া তেওঁলোকৰ ক্লাবত যোগদান কৰিলোঁ । বহুত ভাল লাগিছে ।" মেচৰ অন্তম বঁটা বিতৰণী অনুষ্ঠানত কামিন্সে কয় ।

টি-২০ বিশ্বকাপৰ কেইটামান পৰিসংখ্যা

  • টি-২০ বিশ্বকাপ, ২০২৪ ত হেট্ৰিক কৰা প্ৰথমগৰাকী বলাৰ পেট কামিন্স
  • ব্ৰেট লীৰ পিচত পেট কামিন্স টি-২০ বিশ্বকাপত হেট্ৰিক অৰ্জন কৰা দ্বিতীয়গৰাকী অষ্ট্ৰেলিয়ান হিচাপেও পৰিগণিত হয়
  • এডাম জাম্পাই টি-২০ বিশ্বকাপত একেৰাহে কমেও এটাকৈ উইকেট লোৱা তালিকাত তৃতীয় স্থানত উপনীত হৈছে (১৫)
  • মিচেল ষ্টাৰ্কে (এদিনীয়া বিশ্বকাপ -65, টি-20 বিশ্বকাপ -30) পুৰুষৰ এদিনীয়া আৰু টি-20 দুয়োটা বিশ্বকাপতে সৰ্বাধিক উইকেট দখলৰ ক্ষেত্ৰত শ্ৰীলংকাৰ লাচিথ মালিংগাক (এদিনীয়া বিশ্বকাপ - 56, টি-20 বিশ্বকাপ - 38) অতিক্ৰম কৰে ।
  • অষ্ট্ৰেলিয়াৰ টি-২০ বিশ্বকাপত একেৰাহে সৰ্বাধিক মেচ জয়ৰ ধাৰা অব্যাহত আছে ।

ছুপাৰ এইটত প্ৰথম জয়েৰে অষ্ট্ৰেলিয়া বৰ্তমান গ্ৰুপ 1 পইণ্ট তালিকাৰ শীৰ্ষত আছে । দলটোৱে পৰৱৰ্তী মেচত ২৩ জুনত ছেইণ্ট ভিনচেণ্টৰ কিংছটাউনৰ আৰ্নোছ ভেল গ্ৰাউণ্ডত আফগানিস্তানৰ মুখামুখি হ'ব ।

লগতে পঢ়ক :সূৰ্যকুমাৰ যাদৱৰ অভিলেখৰে ভাৰতৰ হাতত ধৰাশায়ী আফগানিস্তান - T20 World Cup 2024

লগতে পঢ়ক :টি 20 বিশ্বকাপৰ চুপাৰ 8 ৰ মেচত ইংলেণ্ডৰ বিৰুদ্ধে ধৰাশায়ী ৱেষ্ট ইণ্ডিজ - T20 World Cup 2024

ABOUT THE AUTHOR

...view details