অসম

assam

ETV Bharat / sports

২০২৩ৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমটো বিজয় আফগানিস্তানৰ - T20 World Cup 2024 - T20 WORLD CUP 2024

T20 World Cup 2024: ৰছিদ খানৰ নেতৃত্বত আফগানিস্তানে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ প্ৰস্থানৰ প্ৰতিশোধ ল'লে । ২০২১ চনৰ টি-২০ বিশ্বকাপৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক ২১ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে আফগানিস্তানে । ৪ টা উইকেট দখল কৰা গুলবাদিন নাইবক প্লেয়াৰ অফ দ্য মেচৰ বঁটা ।

T20 World Cup 2024
২০২৩ৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমটো বিজয় আফগানিস্তানৰ (ETV Bharat)

By ETV Bharat Sports Team

Published : Jun 23, 2024, 1:09 PM IST

স্পৰ্টছ ডেস্ক, ২৩ জুন :চলিত টি-২০ বিশ্বকাপত আন এক অঘটন । ছুপাৰ-৮ৰ গুৰুত্বপূৰ্ণ খেলত আফগানিস্তানৰ হাতত পৰাস্ত দেশৰ আগশাৰীৰ দল অষ্ট্ৰেলিয়া । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ ল'লে আফগানিস্তানে ! আৰ্নোছ ভেল গ্ৰাউণ্ডত অনুষ্ঠিত টি-২০ বিশ্বকাপ ২০২৪ ৰ ছুপাৰ-৮ ৰ খেলখনত ২০২১ চনৰ চেম্পিয়নৰ বিৰুদ্ধে ২১ ৰাণত প্ৰথম বিজয় নিশ্চিত কৰে আফগানিস্তানে । আফগানিস্তানে সফলতাৰে টাৰ্গেট ডিফেণ্ড কৰিবলৈ সক্ষম হয় ।

ৰছিদৰ দুয়োগৰাকী পেচাৰ ক্ৰমে নবীন উল হক আৰু ফজলহক ফাৰুকীৰ যুটিয়ে আৰম্ভণিতে দলটোৰ পক্ষত যথেষ্ট কাম কৰে । প্ৰথম অভাৰতে ইন-ফৰ্ম ট্ৰেভিছ হেডক নবীনে আউট কৰে । ইয়াৰ দ্বাৰা আফগান দলটোৱে আক্ৰমণৰ সাহস পাইছিল । পৰৱৰ্তী অভাৰত বিৰোধী অধিনায়ক মিচেল মাৰ্শকো নবীন উল হকে আউট কৰে । তাৰ পিচত প্ৰাক্তন অধিনায়ক মহম্মদ নবীয়ে পৰৱৰ্তী অভাৰত অভিজ্ঞ ডেভিদ ৱাৰ্ণাৰৰ উইকেট দখল কৰে ।

এনেদৰে খেলখনত লাহে লাহে আফগানিস্তানে দখল দিবলৈ আৰম্ভ কৰে । এসময়ত ৩২ ৰাণত ৩ টা উইকেট হেৰুৱাইছিল অষ্ট্ৰেলিয়াই । মাজৰ সময়খিনিত স্পিনাৰসকলে দলটোৰ বেছি ক্ষতি কৰিব নোৱাৰিলে । কিন্তু পৰিস্থিতিবোৰ অষ্ট্ৰেলিয়াৰ পক্ষত থকা স্বত্বেও কোনো প্ৰভাৱ নপৰিল ।

পৰৱৰ্তী সময়ত আফগানিস্তানৰ গুলবাদিন নাইবৰ আক্ৰমণ আৰম্ভ হয় । নাইবে ৪ টা উইকেট দখল কৰি অষ্ট্ৰেলিয়াক নিৰাশ কৰে । নাইবে খেলখনৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী মেক্সৱেলসহ মাৰ্কাছ ষ্ট'ইনিছ, টিম ডেভিদ আৰু হেট্ৰিক মেন পেট কামিন্সৰ গুৰুত্বপূৰ্ণ উইকেট দখল কৰে । ইফালে খেলখনত নবীন উল হকে মুঠ তিনিটা উইকেট দখল কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰে ।

ইফালে আজমাতুল্লাহ ওমৰজাই চূড়ান্ত উইকেট লাভ কৰাৰ লগে লগে ষ্টেডিয়ামত বিজয় উৎসৱ আৰম্ভ হয় । আফগানিস্তানে অষ্ট্ৰেলিয়াক ১২৭ ৰাণতে বান্ধি ৰাখে আৰু টি-২০ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমটো বিজয় নিশ্চিত কৰে ।

উল্লেখ্য যে, খেলখনত অষ্ট্ৰেলিয়াৰ অধিনায়ক মিচেল মাৰ্শে টছত জয়ী হৈছিল আৰু প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল । কিন্তু আফগানিস্তানৰ অপেনাৰসকলে অষ্ট্ৰেলিয়াক প্ৰথম আঘাত দিছিল । অপেনাৰ যুটিয়ে ১০০ তকৈ অধিক ৰাণ সংগ্ৰহ কৰিছিল । ৰহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জাদৰান দুয়োজনে অৰ্ধশতক অৰ্জন কৰিছিল কিন্তু শেষলৈকে বৰ্তি থাকিব নোৱাৰিলে । দুয়োগৰাকী বেটছমেন আউট হোৱাৰ লগে লগে মিডল অৰ্ডাৰো বিফল হয় ।

লেগ স্পিনাৰ এডাম জাম্পা পুনৰ এবাৰ অষ্ট্ৰেলিয়াৰ হৈ উইকেট দখলৰ ধাৰাবাহিকতা অব্যাহত ৰাখে আৰু পেট কামিন্সে একেৰাহে বিশ্বকাপৰ মেচত দ্বিতীয়টো হেট্ৰিক লৈ ইতিহাস ৰচনা কৰে । অৱশ্যে, অভিজ্ঞ নবীয়ে অন্তিম ডেলিভাৰীটোত এটা বাউণ্ডেৰীৰে আফগানিস্তানক ১৫০ ৰাণৰ ওচৰলৈ লৈ যায় । ইয়াৰ প্ৰত্যুত্তৰত, অষ্ট্ৰেলিয়াৰ টপ অৰ্ডাৰে ফ্লপ হয় আৰু এই টাৰ্গেট সম্পূৰ্ণ কৰাত বিফল হয় ২০২১ চনৰ চেম্পিয়ন অষ্ট্ৰেলিয়া ।

ঐতিহাসিক বিজয়ৰ দ্বাৰা আফগানিস্তানে পইণ্ট তালিকাতো শক্তিশালী স্থিতিলৈ যোৱা দেখা গৈছে । কিয়নো অষ্ট্ৰেলিয়াই পৰৱৰ্তী খেলত উন্নত ব্যৱধানত জয় সুৰক্ষিত কৰিব লাগিব । যদি দলটোৱে ছেমিফাইনেলত নিজৰ স্থান নিশ্চিত কৰিব বিচাৰে । আফগানিস্তান, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বাবে পৰৱৰ্তী খেলবোৰ অতি গুৰুত্বপূৰ্ণ হ'ব । সাধাৰণ জয়ে অষ্ট্ৰেলিয়া বা আফগানিস্তানৰ আশাত চেঁচা পানী পৰিব পাৰে ।

লগতে পঢ়ক :অষ্ট্ৰেলিয়া বনাম আফগানিস্তান: আফগানিস্তানৰ হাতত ২১ ৰাণত ব্যৱধানত পৰাস্ত অষ্ট্ৰেলিয়া - T20 WORLD CUP 2024

ABOUT THE AUTHOR

...view details