স্প’ৰ্টছ ডেস্ক:ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট মেচ এডিলেইডত গোলাপী বলৰ সৈতে শুকুৰবাৰৰে পৰা আৰম্ভ হৈছে ৷ এই মেচত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
টীম ইণ্ডিয়াই দ্বিতীয় টেষ্টৰ বাবে মূল একাদশত তিনিটা পৰিৱৰ্তন কৰা দেখা গৈছে । দ্বিতীয় টেষ্টৰ পূৰ্বে দললৈ প্ৰত্যাৱৰ্তন কৰিছে ৰোহিত, শুভমন গিল আৰু ৰবিচন্দ্ৰন অশ্বিনে ।
মেচখনত প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজত নমা ভাৰতৰ আৰম্ভণি অতি বেয়া । শেষৰখন মেচত শতক অৰ্জন কৰা যশস্বী জয়ছোৱালে পিংক বল টেষ্টৰ প্ৰথম ইনিংছত অনুৰাগীক হতাশ কৰে ৷
প্ৰথম বলত আউট যশস্বী জয়ছোৱাল
দ্বিতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বলিঙৰ দায়িত্ব দিয়া হৈছে মিচেল ষ্টাৰ্কক । টীম ইণ্ডিয়াৰ হৈ ইনিংছ মুকলি কৰিবলৈ খেলপথাৰলৈ আহে কে এল ৰাহুল আৰু যশস্বী জয়ছোৱাল ৷ খেলখনৰ প্ৰথম অভাৰৰ প্ৰথমটো বল ঘণ্টাত 140 কিল’মিটাৰ বেগেৰে জয়ছোৱাললৈ লক্ষ্য কৰি দলিয়াই ষ্টাৰ্কে ।
লেট ছুইঙৰ বাবে জয়ছোৱালে বলটো ভালদৰে বুজিব নোৱাৰি ফ্লিক মিছ কৰা দেখা যায় । যাৰ বাবে প্ৰথমটো বলতে এল বি ডব্লিউ আউট হ’বলগীয়া হয় ভাৰতীয় ক্ৰিকেটাৰগৰাকী । টেষ্ট কেৰিয়াৰত প্ৰথমবাৰৰ বাবে শূন্যত আউট হোৱা জয়ছোৱালৰ এই অভিলেখ অতি লজ্জাজনক ।
শূন্যত আউট হোৱা সপ্তমগৰাকী খেলুৱৈ
টেষ্ট ক্ৰিকেটত প্ৰথম অভাৰৰ প্ৰথমটো বলতে শূন্যত আউট হোৱা সপ্তমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে যশস্বী জয়ছোৱাল । তেওঁৰ পূৰ্বে সুনীল গাভাস্কাৰ, সুধীৰ নাইক, ডব্লিউ ভি ৰমন, শিৱ সুন্দৰ দাস, ৱাছিম জাফাৰ আৰু কে এল ৰাহুলে টেষ্টত শূন্যত আউট হৈছে । ক্ৰিকেটাৰগৰাকীৰ এয়া এক লজ্জাজনক অভিলেখ ৷
তৃতীয়বাৰৰ বাবে আউট যশস্বী জয়ছোৱাল
2023 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ হৈ টেষ্ট মেচত অভিষেক ঘটাইছিল যশস্বী জয়ছোৱালে । ইয়াৰ পাছত ভাৰতৰ হৈ 16 খন টেষ্টৰ 29 টা ইনিংছত মুঠ 1568 ৰাণ সংগ্ৰহ কৰা খেলুৱৈগৰাকী মুঠ তিনিবাৰকৈ শূন্যত আউট হয় । ভাৰতৰ হৈ জয়ছোৱালে এই পৰ্যন্ত 4 টা শতক আৰু 8 টা অৰ্ধশতক অৰ্জন কৰিছে ।
মিডল অৰ্ডাৰত খেলিব ৰোহিত শৰ্মাই
দ্বিতীয়খন টেষ্টৰ বাবে ভাৰতীয় দলৰ মূল একাদশত কেইবাটাও সালসলনি ঘটোৱা হৈছে । দ্বিতীয় টেষ্টৰ পূৰ্বে দললৈ উভতিছে ৰোহিত শৰ্মা আৰু শুভমন গিল ৷ আনহাতে, ৱাশ্বিংটন সুন্দৰৰ ঠাইত ৰবিচন্দ্ৰন অশ্বিনক স্থান দিয়া হৈছে । ইয়াৰ বাহিৰেও ৰোহিতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি অ’পেনিঙৰ পৰিৱৰ্তে মিডল অৰ্ডাৰত খেলাৰ সিদ্ধান্ত লৈছে ।
বৰ্তমানলৈকে এডিলেইড টেষ্ট
শুকুৰবাৰৰ পৰা এডিলেইডত আৰম্ভ হোৱা দ্বিতীয়খন টেষ্টৰ চাহ বিৰতিলৈকে ভাৰতে বেটিং কৰি 23 অভাৰত 4 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 82 ৰাণ ৷ দলটোৰ হৈ ঋষভ পন্তে অপৰাজিত 4 ৰাণ আৰু অধিনায়ক ৰোহিত শৰ্মাই অপৰাজিত 1 ৰাণ সংগ্ৰহ কৰি ক্ৰিজত বৰ্তি আছে ৷
লগতে পঢ়ক:ফুল নহয় জুই... হেৰী ব্ৰুকৰ শতকে ৰক্ষা কৰিলে ‘চাহাব’ ৰ সুনাম !