স্প’ৰ্টছ ডেস্ক: গাব্বাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট মেচৰ চতুৰ্থ দিনা টীম ইণ্ডিয়াই 9 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 252 ৰাণ । এতিয়াও আয়োজক দলটোৰ প্ৰথম ইনিংছৰ 445 ৰাণৰ তুলনাত 193 ৰাণত পিছপৰি আছে ভাৰত ৷
ৰাহুল-জাদেজাৰ অৰ্ধশতক
বৰষুণে বিধি-পথালি দিয়া গাব্বা টেষ্টৰ চতুৰ্থ দিনটোত টীম ইণ্ডিয়াৰ ওপৰত দৃষ্টি নিৱদ্ধ আছিল অনুৰাগীৰ ৷ তৃতীয় দিনা 4 টা উইকেটৰ বিনিময়ত 51 ৰাণ সংগ্ৰহ কৰাৰ পিছত ফল’-অনৰ পৰা হাত সাৰিবলৈ খেলখনৰ চতুৰ্থ দিনা ভাৰতে 194 ৰাণ সংগ্ৰহ কৰিবলগা হৈছিল ।
চতুৰ্থ দিনাৰ খেলত ভাৰতৰ হৈ কে এল ৰাহুল আৰু ৰবীন্দ্ৰ জাদেজাই অৰ্ধশতকৰ অংশীদাৰিত্ব গঢ়ি তোলে ৷ ৰাহুলে 139 টা বলত 8 টা চাৰিৰে 84 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, ৰবীন্দ্ৰ জাদেজাই 7 টা চাৰি আৰু এটা ছয়ৰে 77 ৰাণ সংগ্ৰহ কৰে ৷
বলাৰসকলে ফল’-অনৰ পৰা ৰক্ষা কৰিছিল
চতুৰ্থ দিনৰ ষ্টাম্পলৈকে যশপ্ৰীত বুমৰাহে (10) আৰু আকাশদীপে (27) অন্তিম উইকেটত 39 ৰাণ যোগ কৰি ভাৰতক ফল’-অনৰ পৰা ৰক্ষা কৰে । দিনটোৰ অন্তিম চেছনত ৰবীন্দ্ৰ জাদেজা (77) আউট হোৱাৰ পিছত সংকটত পৰিছিল ভাৰত ৷ কিয়নো সেই সময়ত দলটোৱে ফল’-অন এৰাই চলিবলৈ 33 ৰাণত পিছপৰি আছিল । অৱশ্যে বুমৰাহ আৰু আকাশৰ যুটিটোৱে 51 টা বলত অপৰাজিত 39 ৰাণ কৰি দলক এই সংকটৰ পৰা উদ্ধাৰ কৰিছিল ।
ড্ৰ’ৰ দিশে আগবাঢ়িছে তৃতীয়খন টেষ্ট
বৰষুণ প্ৰভাৱিত গাব্বা টেষ্ট ক্ৰমাৎ ড্ৰ’ৰ দিশে আগবাঢ়িছে ৷ এনে হ’লে অষ্ট্ৰেলিয়াই তাৎক্ষণিকভাৱে ভাৰতৰ ইনিংছ সীমাবদ্ধ কৰি ৰখাৰ চেষ্টা কৰাৰ লগতে ফাষ্ট বেটিঙৰ সহায়ত ভাৰতক চতুৰ্থ ইনিংছত উপনীত কৰাৰ প্ৰয়াস কৰিব ৷ পাঁচখন মেচৰ শৃংখলাটো ইতিমধ্যে 1-1 ত ড্ৰ’ হৈ আছে ৷ অষ্ট্ৰেলিয়াৰ হৈ কামিন্স আৰু ষ্টাৰ্কে সাতটা উইকেট আৰু লিয়'ন আৰু হেজলউডে এটাকৈ উইকেট দখল কৰে ।