স্পৰ্টছ ডেস্ক, ১৪ মে' :স্বামী বিবেকানন্দ অনূৰ্ধ্ব-২০ পুৰুষ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অসমে ত্ৰিপুৰাক পৰাস্ত কৰি গ্ৰুপ জিৰ শীৰ্ষস্থানলৈ উন্নীত হয় । আনহাতে, ৰামকৃষ্ণ মিছন আশ্ৰম খেলপথাৰত অনুষ্ঠিত অৰুণাচল আৰু মধ্যপ্ৰদেশৰ মাজৰ মেচখন গ'লশূন্যভাৱে সমাপ্ত হয় ।
আনহাতে, সোমবাৰৰ এই জয়লাভৰ পিচত অসমে বৰ্তমানলৈকে দুখন মেচৰ পৰা ৪ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপ জিৰ শীৰ্ষত আছে । ইফালে ২ পইণ্টকৈ অৰ্জন কৰি অৰুণাচল আৰু মধ্যপ্ৰদেশ দ্বিতীয় স্থানত আছে । সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ (এআইএফএফ) এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, এক পইণ্টেৰে ত্ৰিপুৰা পৰৱৰ্তী স্থানত আছে ।
অসমে পিণ্টু সন্দিকৈ, (৩৪ মিনিট আৰু ৫৯ মিনিট), নিকোদিম নাৰ্জাৰী (৪২ মিনিট আৰু ৪৫ মিনিট) আৰু গোৱামচাৰ গয়াৰীৰ (৫৭ মিনিট আৰু ৮৬ মিনিট) গ'লৰ সহায়ত ত্ৰিপুৰাক ৬-০ ব্যৱধানত পৰাস্ত কৰে । আনহাতে, অসমে ত্ৰিপুৰাক ৬-০ গ'লত পৰাস্ত কৰাৰ লগে লগে গ্ৰুপ জিৰ শীৰ্ষস্থানলৈ উন্নীত হয় । জিৰণিৰ সময়লৈকে অসমে ৩-০ গ'লৰ অগ্ৰগতি লাভ কৰি আছিল । পিণ্টু সন্দিকৈ, নিকোদিম নাৰ্জাৰী আৰু গোৱামচাৰ গয়াৰী প্ৰত্যেকে দুটাকৈ গ'ল কৰে ।