স্প’ৰ্টছ ডেস্ক:আবুধাবিত অনুষ্ঠিত আন্তৰ্জাতিক কাৰাটে চেম্পিয়নশ্বিপত অসমৰ নাম উজলাই তুলিলে ডিমা হাছাওৰ চাৰিগৰাকী খেলুৱৈয়ে । বিগত 17 নৱেম্বৰত আবুধাবিৰ অল জাজিৰা ক্লাবত অনুষ্ঠিত আন্তৰ্জাতিক কাৰাটে চেম্পিয়নশ্বিপত ভাৰতক প্রতিনিধিত্ব কৰি ডিমা হাছাওৰ চাৰি খেলুৱৈয়ে লাভ কৰে সোণৰ পদক ৷ এই চাৰিগৰাকী খেলুৱৈ হৈছে ক্ৰমে- এড্ৰি জন দুংগেল, কেলেৰেট চিংতপি অফ্ৰাংকিৰি, ৰংহি চেংলাৰ আৰু জেমছ চিংথং ।
চাৰিজনীয়া খেলুৱৈৰ দলটোৱে এই কাৰাটে চেম্পিয়নশ্বিপত সোণৰ পদকৰ লগতে ৰূপ আৰু ব্ৰঞ্জৰ পদকো অৰ্জন কৰে । খেলুৱৈকেইগৰাকীৰ সাফল্যৰ বাবে সোমবাৰে জিলা ক্ৰীড়া বিভাগৰ তৰফৰ পৰা জনোৱা হয় সম্বৰ্ধনা ৷
অসমৰ প্ৰতিযোগীৰ স্বৰ্ণ পদক অৰ্জন (ETV Bharat Assam) এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য ধনপাইনন থাওচেন প্ৰবীতা জহৰি । অনুষ্ঠানত উপস্থিত থাকি প্ৰবীতা জহৰিয়ে সংবাদ মাধ্যমৰ আগত কয় যে, "ডিমা হাছাও জিলাৰ পৰা চাৰিগৰাকী কণমানি খেলুৱৈয়ে ভাৰতৰ হৈ আবুধাবিত কাৰাটে প্ৰতিযোগিতাত ভাগ লৈ চাৰিটা সোণৰ পদক, তিনিটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি ডিমা হাছাও জিলাৰ নাম উজ্জ্বল কৰিলে ৷ তাৰ বাবে তেওঁলোকক আজি সম্বৰ্ধনা প্ৰদান কৰা হৈছে" ।
অনাগত সময়তো জিলাখনৰ খেলুৱৈসকলে ক্ৰীড়াক্ষেত্ৰত আগুৱাই যাব বুলিও জহৰিয়ে লগতে মন্তব্য কৰে ৷ তদুপৰি জিলাখনৰ ক্ৰীড়াৰ ক্ষেত্ৰত সদায়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে সাহায্য আগবঢ়াই গৈছে বুলিও তেওঁ প্ৰকাশ কৰে ৷ যি সাহায্য অনাগত সময়তো পৰিষদে কৰি যাব বুলি আশ্বাস প্ৰদান কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য ধনপাইনন থাওচেন প্ৰবীতা জহৰিয়ে ৷
লগতে পঢ়ক:অৰুণাচলত জন আব্ৰাহাম: জে এ ফুটবল এছ’চিয়েশ্যন-এ পি এফ এৰ বুজাবুজি চুক্তি