স্পৰ্টছ ডেস্ক, ১০ আগষ্ট :চলিত পেৰিছ অলিম্পিকত সফলতা অৰ্জনৰ পিছত অমন চেহৰাৱতৰ খুৰাক সুধীৰে প্ৰকাশ কৰে যে অলিম্পিকত ভাৰতীয় মল্লযোদ্ধাগৰাকীৰ ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো তেওঁৰ প্ৰয়াত পিতৃ-মাতৃৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি ।
উল্লেখ্য যে অলিম্পিক অভিষেকতে অমন চেহৰাৱতে শুকুৰবাৰে পুৱেৰ্টো ৰিকোৰ ডাৰিয়ান ক্ৰুজৰ বিৰুদ্ধে ১৩-৫ পইণ্টৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে । এইটো হৈছে ২০২৪ পেৰিছ অলিম্পিক গেমছত ভাৰতৰ প্ৰথমটো কুস্তিৰ পদক ।
এ এন আইৰ সৈতে হোৱা এক বাৰ্তালাপত সুধীৰে অমনৰ প্ৰত্যাহ্বানমূলক যাত্ৰাৰ কথা উল্লেখ কৰি উল্লেখ কৰে যে মল্লযোদ্ধাগৰাকীয়ে ১০ বছৰ বয়সতে পিতৃ-মাতৃক হেৰুৱাবলগীয়া হৈছিল । তাৰ পিচত যথেষ্ট সংগ্ৰামৰ মাজেৰে তেওঁ পাৰ হ'বলগা হৈছে । লগতে তেওঁ আশা ব্যক্ত কৰে যে এই ২১ বছৰীয়া যুৱ প্ৰতিভাগৰাকীয়ে এদিন অলিম্পিকত সোণৰ পদক জয় কৰিব ।
"তেওঁ অলপৰ বাবে সোণৰ পদক হেৰুৱাইছে । কিন্তু তেওঁ দেশৰ হৈ ব্ৰঞ্জৰ পদক জিকিছে । আমি কেৱল প্ৰাৰ্থনা কৰোঁ যে তেওঁ পৰৱৰ্তী অলিম্পিকত সোণৰ পদক জিকিব... অমনৰ জীৱন সংগ্ৰামেৰে ভৰি আছে । তেওঁ ১০ বছৰ বয়সতে পিতৃ-মাতৃক হেৰুৱাইছিল । আজি তেওঁ ব্ৰঞ্জৰ পদক জয় কৰি পিতৃ-মাতৃক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।" সুধীৰে কয় ।
উল্লেখ্য যে মেচখনৰ সময়ত পুৱেৰ্টো ৰিকান কুস্তিবিদগৰাকীয়ে প্ৰথমতে ভৰিৰ ওপৰত লক্ষ্য কৰি এক পইণ্ট লাভেৰে অগ্ৰগতি লাভ কৰে । অৱশ্যে অমনে ডাৰিয়ান ক্ৰুজৰ কান্ধক লক্ষ্য কৰি লৈ পইণ্ট অৰ্জন কৰি শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰে । আনহাতে, ডাৰিয়ান ক্ৰুজে দুই পইণ্টেৰে পুনৰ অগ্ৰগতি লোৱাৰ পিচত অমনে খেল পুনৰ নিজৰ নিয়ন্ত্ৰণলৈ আনে । মেচখনৰ বাবে 37 ছেকেণ্ড সময় বাকী থকা অৱস্থাত অমনে অতিৰিক্ত পইণ্ট লাভ কৰে আৰু কাৰিকৰী শ্ৰেষ্ঠতাৰে বাউটটো জয় কৰে ।