অসম

assam

ETV Bharat / sports

সুন্দৰ যাত্ৰা কিন্তু কঠিন পৰাজয় : অলিম্পিকৰ পৰা বাহিৰ হোৱাৰ পিচত পি ভি সিন্ধুৰ প্ৰতিক্ৰিয়া - Paris Olympics 2024 - PARIS OLYMPICS 2024

PV SINDHU : ২০২৪ৰ পেৰিছ অলিম্পিকত পি ভি সিন্ধুৰ যাত্ৰা শেষ হ’ল যদিও তেওঁ হাৰ মনা নাই । ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰি সিন্ধুৱে আগন্তুক কেৰিয়াৰ সন্দৰ্ভত এটা ডাঙৰ ঘোষণা কৰিছে। সম্পূৰ্ণ খবৰ পঢ়ক...

PV SINDHU IN PARIS
পৰাজয়ৰ পিচত পি ভি সিন্ধুৰ প্ৰতিক্ৰিয়া (IANS PHOTOS)

By ETV Bharat Sports Team

Published : Aug 2, 2024, 5:38 PM IST

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : পেৰিছ অলিম্পিকৰ মহিলা একক বেডমিণ্টন ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হ’ল ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু ৷ আনহাতে লক্ষ্য সেনে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলখনত চীনৰ খেলুৱৈ জিয়াওৰ হাতত ষ্ট্ৰেইট ছেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় সিন্ধু ৷ 21-19, 21-14 ব্যৱধানত পৰাস্ত হয় ভাৰতীয় শ্বাটলাৰগৰাকী ৷ ইয়াৰ লগে লগে পেৰিছ অলিম্পিক 2024 ত ৰিঅ’ আৰু টকিঅ’ অলিম্পিকৰ পদক বিজয়ী পি ভি সিন্ধুৰ যাত্ৰাৰ অন্ত পৰে ৷

ছ’চিয়েল মিডিয়াত এটা পোষ্ট লিখিছে সিন্ধুৱে :

ভাৰতৰ দুবাৰৰ অলিম্পিক পদক বিজয়ীগৰাকীয়ে এই পৰাজয়ৰ পিচত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি নিজৰ অনুভৱ প্ৰকাশ কৰি অনুৰাগীসকলক তেওঁক সমৰ্থন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ লিখিছে, ‘এই পৰাজয় মোৰ কেৰিয়াৰৰ অন্যতম কঠিন পৰাজয় ৷ মানি ল’বলৈ সময় লাগিব, কিন্তু জীৱনটো আগবাঢ়ি যোৱাৰ লগে লগে মই জানো যে মই ইয়াক গ্ৰহণ কৰিম ৷ 2024 চনৰ পেৰিছলৈ যাত্ৰাটো আছিল এক সংগ্ৰাম, দুবছৰ ধৰি আঘাত লগতে এই ক্ৰীড়াৰ পৰা দীৰ্ঘদিন আতঁৰত আছিলো৷ এই প্ৰত্যাহ্বানসমূহৰ মাজতো মই সঁচাকৈয়ে ধন্য অনুভৱ কৰিছো যে মই ইয়াত থিয় হৈ মোৰ তৃতীয় অলিম্পিকত মোৰ দেশখনক প্ৰতিনিধিত্ব কৰিছো ৷'

তেওঁ আৰু কয়, ‘এই পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এটা প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বাবে মই অবিশ্বাস্যভাৱে সৌভাগ্যৱান ৷ এই সময়ছোৱাত আপোনালোকৰ বাৰ্তাবোৰে মোৰ বাবে এক বৃহৎ সান্ত্বনা ৷ মোৰ দল আৰু মই পেৰিছ 2024 ৰ বাবে আমাৰ সকলোখিনি দিলো, কোনো আক্ষেপ নোহোৱাকৈ ক’ৰ্টত সকলো এৰি দিলো ৷'

লগতে পঢ়ক :এখন হাত পকেটত ভৰাই পেৰিছ অলিম্পিকত ৰূপৰ পদক দখল: সামাজিক মাধ্যমত ভাইৰেল এই ষ্টাইল - Paris Olympics 2024

সিন্ধুৱে নিজৰ খেল অব্যাহত ৰাখিব :

নিজৰ খেল অব্যাহত ৰখাৰ সন্দৰ্ভত সিন্ধুৱে কয়, ‘মই মোৰ ভৱিষ্যতৰ বিষয়ে স্পষ্ট হ’ব বিচাৰো, মই খেলি যাম, অলপ বিৰতিৰ পিচতো ৷ মোৰ শৰীৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মোৰ মনটোক ইয়াৰ প্ৰয়োজন ৷ অৱশ্যে আগন্তুক যাত্ৰাৰ সযতনে মূল্যায়ন কৰি মই ইমান ভালপোৱা খেলখন খেলি অধিক আনন্দ লাভ কৰাৰ পৰিকল্পনা কৰিছো ৷'

ভাৰতৰ সকলো আশা লক্ষ্য সেনৰ ওপৰত :

বেডমিণ্টনত পদক লাভৰ বাবে ভাৰতৰ আশা এতিয়া কেৱল লক্ষ্য সেনৰ ওপৰত৷ পুৰুষৰ একক বেডমিণ্টন ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত লক্ষ্যই স্থান লাভ কৰিছে ৷ সিন্ধু, সাতৱিক-চিৰাগ, পুন্নাপ্পা-খ্ৰীষ্টো যুটিও খেলৰ পৰা বাহিৰ হৈছে ৷

লগতে পঢ়ক :ভাৰতীয় মিক্সড আৰ্চাৰী দলৰ বিস্ফোৰক প্ৰদৰ্শন : কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ - Paris Olympics 2024

ABOUT THE AUTHOR

...view details