অসম

assam

ETV Bharat / sports

আজি অভিৰুচি ক্ৰীড়া দিৱস: ডাঃ টি আও ষ্টেডিয়ামত ভিন্নৰঙী কাৰ্যসূচীৰে পালন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন - ABHIRUCHI SPORTS DAY 2024 - ABHIRUCHI SPORTS DAY 2024

Bhogeswar Baruah birthday: কলিয়াবৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ 86 সংখ‍্যক জন্মদিন পালন ৷ ডাঃ টি আও ষ্টেডিয়ামত অনুষ্ঠিত হয় এই কাৰ্যসূচী ৷

ABHIRUCHI SPORTS DAY 2024
কলিয়াবৰতো পালন অভিৰুচি ক্ৰীড়া দিৱস (ETV Bharat Assam)

By ETV Bharat Sports Team

Published : Sep 3, 2024, 7:54 PM IST

কলিয়াবৰ, 3 ছেপ্টেম্বৰ:ৰাজ্যজুৰিঅৰ্জুন ভোগেশ্বৰ বৰুৱাৰ 86 সংখ‍্যক জন্মদিন পালন ৷ কলিয়াবৰত জিলা ক্ৰীড়া সন্থাৰ উদ‍্যোগত ডাঃ টি আও ষ্টেডিয়ামত থকা অৰ্জুন ভোগেশ্বৰ বৰুৱা পেভিলিয়ন চৌহদত স্বৰ্ণজয়ী দৌৰবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ভিন্নৰঙী কাৰ্যসূচীৰে পালন কৰা হয় ।

আজি অভিৰুচি ক্ৰীড়া দিৱস (ETV Bharat Assam)

ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটাপ্ৰাপ্ত প্ৰথমগৰাকী অসমীয়া ৷ 1966 চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত তেওঁ 800 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰি প্ৰতিযোগিতাত এক নতুন অভিলেখ স্থাপন কৰে । এছিয়ান গেমছতো সোণৰ পদক অৰ্জন কৰা বৰুৱা আছিল প্ৰথমগৰাকী অসমীয়া । সেই বছৰতে অৰ্থাৎ 1966 চনত ভোগেশ্বৰ বৰুৱাক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় ।

ফুটবল খেলুৱৈৰূপে ক্ৰীড়া জীৱন আৰম্ভ কৰি 1960 চনত ভাৰতীয় সেনা বাহিনীত যোগদান কৰা অৰ্জুনগৰাকীয়ে 1964-1965 চনৰ ৰাষ্ট্ৰীয় এথলেটিক প্ৰতিযোগিতাৰ আছিল স্বৰ্ণ বিজয়ী ৷ অসম চৰকাৰে তেওঁৰ প্ৰতি সন্মান দেখুৱাই প্ৰতিবছৰে 3 ছেপ্তেম্বৰৰ দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে ।

কলিয়াবৰৰ নাগশংকৰস্থিত অলিম্পিয়ান ফুটবলাৰ ডাঃ টি আওৰ স্মৃতিত উৎসৰ্গিত সমগ্ৰ ভাৰতৰে একমাত্ৰ খেলপথাৰ । ইয়াতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ‍্যৰ এতিয়ালৈকে একমাত্ৰ ক্ৰীড়া পেভিলিয়নখনো প্ৰাক্তন দৌৰবিদজনে নিজ হাতেৰে উন্মোচন কৰিছিল ।

2001 বৰ্ষৰ 11 মাৰ্চত তদানীন্তন অসমৰ ৰাজ্যপাল এছ কে সিনহাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল গ্ৰাম্য ক্ৰীড়াংগনখন । হাটবৰৰ ওচৰৰ নাগশংকৰত অৱস্থিত গ্ৰাম্য ষ্টেডিয়ামখন নতুনকৈ নিৰ্মাণ কৰা হৈছে ।

কলিয়াবৰৰ উপৰিও শিৱসাগৰ, আমগুৰি আদিতো উলহ-মালহেৰে মঙলবাৰৰ দিনটোত পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস ৷

লগতে পঢ়ক:ৰংপুৰজ্যোতি ক্লাৱৰ উদ্যোগত কেক কাটি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন পালন - ABHIRUCHI SPORTS DAY 2024

ABOUT THE AUTHOR

...view details