স্প’ৰ্টছ ডেস্ক, 9 ছেপ্টেম্বৰ:লোকসভাৰ দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক দেখা গ’ল আন এক ৰূপত । ৰঙিয়াৰ তৰণিস্থিত আৰিমত্ব মিনি ষ্টেডিয়ামত অনুষ্ঠিত ৰঙিয়া জিলা কাৰাটে প্ৰতিযোগিতাৰ এখন প্ৰীতি খেলত অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে ।
প্ৰতিযোগিতাৰ টাটামিত নামি কাৰাটে প্ৰদৰ্শনৰে থিয়ৈ থিয়ৈ বিপক্ষৰ মুখত পাঞ্চ মাৰি দৰ্শকৰ মন জয় কৰিলে সাংসদ শইকীয়াই । দৰাচলতে ৰঙিয়াত দেওবাৰে এদিনীয়াকৈ ৰঙিয়া জিলা কাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে চতুৰ্থ বাৰ্ষিক কাৰাটে প্ৰতিযোগিতাখন । ৰঙিয়া জিলা কাৰাটে সন্থাৰ 9 টাকৈ স্বীকৃতিপ্ৰাপ্ত ক্লাৱৰ পৰা ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ প্ৰায় আঢ়ৈ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন উদ্বোধন কৰে সাংসদ দিলীপ শইকীয়াই ।
কাটা আৰু কুমিতে- এই দুটা শাখাত প্ৰায় 250 ল’ৰা আৰু ছোৱালীয়ে অংশগ্ৰহণ কৰে উক্ত প্ৰতিযোগিতাত । খেলখন উদ্বোধন কৰি সাংসদ দিলীপ শইকীয়াই কয় যে, "ৰঙিয়া জিলা কাৰাটে সন্থাই ৰাজ্যখনৰ ভিতৰতে অন্যতম মুখ্য ৰূপত পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে । দিনে দিনে ৰঙিয়া জিলা কাৰাটে সন্থাৰ প্ৰসাৰ বঢ়াৰ লগতে সন্থাৰ জৰিয়তে অঞ্চলটোত কাৰাটে খেলৰ প্ৰচাৰো বাঢ়িছে" ।