নিউজ ডেস্ক, 12 মে’ :মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলে ৰাম মন্দিৰৰ শুদ্ধিকৰণ সন্দৰ্ভত কৰা মন্তব্যক বিপজ্জনক আখ্যা দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শনিবাৰে ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷
ড৹ শৰ্মাই লগতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে ৰাম মন্দিৰ দৰ্শনৰ অনুমতি লাভ কৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ৷ তদুপৰি তেওঁ নানা পাটোলৰ মন্তব্যৰ প্ৰসংগ উত্থাপন কৰি ছোনিয়া গান্ধীৰ ধৰ্ম কি বুলিও প্ৰশ্ন কৰে ৷
আনহাতে যদি ছোনিয়া গান্ধীয়ে ৰাম মন্দিৰ শুদ্ধি কৰে, হিন্দুসকল মনে-মনে হৈ থাকিব নেকি বুলি প্ৰশ্ন কৰে ড৹ শৰ্মাই ৷ এতিয়া নিৰ্বাচনৰ সময় বাবেহে কেৱল কথাৰে কৈ থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে যদিহে ছোনিয়া গান্ধীয়ে ৰাম মন্দিৰ শুদ্ধিকৰণৰ চেষ্টা কৰে, তেন্তে তেওঁক কাৰাগাৰলৈ লৈ যোৱা হ’ব । উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিচতহে ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।
উল্লেখ্য যে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলে কৈছিল যে যদিহে কেন্দ্ৰত ইণ্ডি এলায়েন্সৰ চৰকাৰ হয়, তেতিয়া ৰাম জন্মভূমিৰ মন্দিৰ শুদ্ধি কৰা হ’ব ।