গুৱাহাটী, 4 জুন : উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৷ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ ফলাফলক লৈ নাচি-বাগি আনন্দ-উল্লাস বিজেপিৰ নেতা-কৰ্মীৰ ৷ ইতিমধ্যে ভোটগণনাত ৰাজ্যৰ 10 টা সমষ্টিত নিশ্চিত বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৷
ভোটগণনা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, " ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশ চলি আছে ৷ আজিলৈকে অসমত এন ডি এ তথা বিজেপিৰ 14 খন আসনৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল 9 খন ৷ এইবাৰ অসমৰ ৰাইজৰ আশীৰ্বাদত 14 খন আসনৰ 10 খন নিশ্চিত হৈছে ৷ সৰ্বৰভাৰতীয় পৰ্যায়তো বিজেপি মিত্ৰজোঁটৰ আসন তিনিশৰ ওচৰে-পাঁজৰে আছে, সেয়ে চৰকাৰ বিজেপিৰ হ’বলৈ গৈ আছে, নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে ৷"
যোৰহাট লোকসভা সমষ্টি সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাই কয়-' আমাৰ কাৰণে প্ৰতিটো সমষ্টিয়ে সমান ৷ প্ৰতিটো সমষ্টিয়ে আমাৰ বাবে সমানেই গুৰুত্বপূৰ্ণ ৷ প্ৰতিটো সমষ্টিত আমি সমানেই গুৰুত্ব দিয়াৰ বাবেই আজি আমি পূৰ্বৰ 9 খন আসনৰ পৰিৱৰ্তে 10 খন আসন লাভ কৰিবলৈ সক্ষম হৈছো ৷ পিচপৰি থকা সমষ্টিকেইটাৰ ওপৰত বিশ্লেষণ হ'ব ৷'