অসম

assam

ETV Bharat / politics

চামগুৰিত নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ - ASSAM BYE ELECTION 2024

ৰাইজৰ পৰা এশ শতাংশ মৰম বিচাৰি এশ এক শতাংশ কাম কৰাৰ আশ্বাস দিপ্লুৰঞ্জন শৰ্মাৰ ।

ASSAM BYE ELECTION 2024
চামগুৰিত নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 10:43 PM IST

নগাঁও/কলিয়াবৰ: উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত চামগুৰি সমষ্টিত জোৰদাৰ প্ৰচাৰ অব্যাহত ৰাখিছে কংগ্ৰেছৰ লগতে শাসকীয় বিজেপি দলেও । শনিবাৰে আমবাগানৰ পৰা এক বৃহৎ ৰেলীত উলিয়াই কাৱৈমাৰীৰ সভাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, বিজেপি নেত্ৰী তথা অভিনেত্ৰী আঙুৰলতা ডেকাসহ কেইবাগৰাকী বিধায়ক আৰু বহুকেইগৰাকী জ্যেষ্ঠ নেতা ।

ইয়াৰ পাছতেই চামগুৰি সমষ্টিৰ কাৱৈমাৰীত অনুষ্ঠিত বিজেপিৰ বিশাল প্ৰচাৰ সভাত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিপ্লুৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ চলায় । কাৱৈমাৰী খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে সৰ্বানন্দ সোণোৱাল ।

চামগুৰিত নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ (Etv Bharat Assam)

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কামৰ দীঘলীয়া খতিয়ান দি চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ ভোট বিচাৰে সোণোৱালে । নিজৰ ভাষণত পুনৰ পাহাৰ ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰৰ কথাও দোহাৰিলে সোণোৱালে । বিগত কংগ্ৰেছ চৰকাৰৰ দিনত ধৰ্মীয় সংখ্যালঘুসকলেই সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ কথাও উল্লেখ কৰি মোদী চৰকাৰৰ দিনতেই সৰ্বাংগীন উন্নয়ন হোৱা বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক জয়ী কৰালে চামগুৰি সমষ্টিক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব বুলিও তেওঁ মন্তব্য কৰে । ইপিনে, নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ পৰা এশ শতাংশ মৰম বিচাৰি বিজয়ী হোৱাৰ পাছত এশ এক শতাংশ কাম কৰাৰ আশ্বাস প্ৰদান কৰে মিত্ৰজোঁট বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই । সভাত বহুসংখ্যক সংখ্যালঘু লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:মহাভৈৰৱ মন্দিৰত আশিস ল’লে সোণোৱালে: দেওবাৰে বিহালীত চলাব নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details