গুৱাহাটী, 17 জুলাই :"অসমৰ ৰাজনীতিত বহু ধুমুহা, বহু ছুনামি এতিয়াও হ’বলৈ বাকী ৷ অসমৰ ৰাজনীতিত কিছুদিনৰ পিচত ভয়াৱহ ছুনামি হ’ব ৷" উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত ব্যাপক পৰিৱৰ্তনৰ ইংগিত দি এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷
আজি গুৱাহাটীৰহোটেল লিলিত অনুস্থিত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত উপস্থিত হৈ এই মন্তব্য আগবঢ়াই অজাপৰ সভাপতিগৰাকীয়ে ৷ তেওঁ কয় যে 2024ৰ লোকসভা নিৰ্বাচনত ভাল ফলাফল হোৱাৰ কাৰণ আমি ঐক্যবদ্ধ আছিলো ৷ 2026 চনৰ নিৰ্বাচন অথবা উপ-নিৰ্বাচনো আমি ঐক্যবদ্ধভাৱে যুঁজিব লাগিব ৷ আমাৰ মূল লক্ষ্য বিজেপিক পৰাভূত কৰা ৷ সমগ্ৰ দেশতে ইতিমধ্যে এই পৰিৱৰ্তনৰ লহৰ আৰম্ভ হৈছে ৷ সমগ্ৰ দেশতে মানুহে কিছু উশাহ-নিশাহ লোৱাৰ পৰিৱেশ আহিছে ৷ আমি দেশৰ সংবিধান, গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব ৷ গতিকে আমাৰ প্ৰথম দায়িত্বটোৱেই হ’ল আমি ঐক্যবদ্ধভাৱে যুঁজি বিজেপিক পৰাভূত কৰিব লাগিব ৷
তেওঁ পুনৰ কয় যে, এইখন চৰকাৰৰ অহংকাৰ, অহমিকা, অত্যাচাৰ, দুৰ্নীতি, ছিণ্ডিকেট, কমিছনৰাজে সমগ্ৰ অসমকে ভয়াৱহ ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে ৷ চাৰিওফালে অব্যৱস্থা, কোনো ধৰণৰ আইনৰ শাসন নাই ৷ তাৰ মাজতে উন্নয়নহীনতা, কৰ-কাটলৰ বোজা জাপি দিছে ৷ তেনেকুৱা এটা অৱস্থাত বিজেপিক উৎখাত কৰিবৰ কাৰণে সকলো একলগ হৈ থাকিব লাগিব, ইতিমধ্যে পৰিৱেশ আৰম্ভ হৈছে ৷ আনহাতে অসম জাতীয় পৰিষদত একাংশ ব্যক্তিয়ে যোগদান কৰিব বুলি চলি থকা চৰ্চা সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয় যে ৰাজ্যৰ ৰাজনীতিত ধুমুহা বলিবলৈ, ভয়াৱহ ছুনামি আহিবলৈ এতিয়াও বাকী ৷ অপেক্ষা কৰক, কিছুদিন পাচতে আহি আছে ছুনামি ৷ কথাবোৰ এতিয়াই ৰাজহুৱাকৈ কোৱাৰ সময় নহয় বুলি কয় তেওঁ ৷