ETV Bharat / state

আপুনি খবৰ লৈছেনে হকাৰজনৰ মনৰ ? - NEWSPAPERS IN ASSAM

অসমত বাতৰি কাকতে ৰুচিসম্পন্ন বাতৰি দিয়াত বিফল হৈছে । নৱপ্ৰজন্মৰ মাজত বাতৰি কাকতৰ জনপ্ৰিয়তা হ্ৰাস হ'লেও জ্যেষ্ঠসকলে আদৰি লয় বাতৰি কাকত ।

Newspapers in Assam have failed to deliver interesting news
অসমত বাতৰি কাকতে ৰুচিসম্পন্ন বাতৰি দিয়াত বিফল হৈছে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 7:54 PM IST

যোৰহাট: বাতৰি কাকত, এটা শব্দ নহয়, যেন এক আবেগ ! দশক দশকজুৰি প্ৰায় প্ৰতিখন ঘৰৰ পুৱাৰ চাহকাপৰ সৈতে বাতৰি কাকতখন যেন অন্যতম প্ৰয়োজন । সময়ৰ সোঁতত, প্ৰযুক্তি বিদ্যাৰ উত্তৰণৰ ফলত বাতৰি কাকতৰ জনপ্ৰিয়তা কিছু হ্ৰাস পালেও এতিয়াও যেন আদৰ কমা নাই বাতৰি কাকতৰ । বাতৰি কাকতৰ সৈতে এক এৰাব নোৱৰা সম্পৰ্ক হকাৰজনৰ ।

পাঠকৰ মাজলৈ চাইকেলখন কোবাই কোবাই মনৰ পছন্দৰ বাতৰি কাকতখন পুৱাৰ ভাগতেই যোগান ধৰাত অগ্ৰণী ভুমিকা গ্ৰহণ কৰি আহিছে হকাৰসকলে । ফলত নিজৰ পছন্দৰ কাকতখন লৈ পুৱা সময় অতিবাহিত কৰে পঢ়ুৱৈ সমাজে । কিন্তু এই সময়ত পেপাৰ যোগান ধৰা হকাজনৰ কথা কোনে বুজি পায় ? কাৰণ বহু অভাৱ-অভিযোগ প্ৰত্যাহ্বানৰ মাজেৰে তেওঁলোকে নিষ্ঠাৰে পালন কৰি আহিছে এই কাৰ্য ।

অসমত বাতৰি কাকতে ৰুচিসম্পন্ন বাতৰি দিয়াত বিফল হৈছে (ETV Bharat Assam)

পুৱা ৩ বজাতেই এজেন্সিত উপস্থিত হয় হকাৰসকল । প্ৰচণ্ড শীত, বতাহ বৰষুণ সকলো এফালে থৈ ইয়াৰ পৰাই পাঠক সমাজলৈ পচন্দৰ কাকতখন সংগ্ৰহ কৰি পাঠকৰ পদূলিত থৈ আহে । কোনোদিনেই যেন ব্যতিক্ৰম নহয় এই কাৰ্যৰ । বহু দশকজুৰি যোৰহাট নগৰতো এই পৰিৱেশেই হৈ আহিছে সূলভ ।

এই সন্দৰ্ভত যোৰহাট জিলাখনত পাঠক সমাজক বাতৰি যোগানত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি অহা নিৰোদ চাংকাকতিয়ে কয়,"মই ১৯৮০ চনৰ পৰাই বাতৰি কাকত উদ্যোগটোৰ লগত জড়িত হৈ আছোঁ । ৪০ পইচাৰ পৰা বাতৰি কাকত বিক্ৰী কৰি আহিছোঁ । বৰ্তমান সময়ত তথা ২০১৬ চনৰ পিছৰ পৰাই বাতৰি কাকতৰ জনপ্ৰিয়তা পঢ়ুৱৈ সমাজত হ্ৰাস পাই আহিছে । কাৰণ অসমৰ কাকতসমূহ পাঁচৰ পৰা ছয় মিনিটত পঢ়ি শেষ কৰিব পাৰি আৰু সম্পূৰ্ণ বাতৰি যোগান ধৰাত ব্যৰ্থ হোৱা বাবে কাকতসমূহৰ জনপ্ৰিয়তা হ্ৰাস পাইছে বুলি অনুমান কৰিব পাৰি । তাৰ বাবেই হয়তো পঢ়ুৱৈ সমাজৰ সংখ্যা হ্ৰাস পাইছে ।"

লগতে হকাৰসকলে বাতৰি কাকত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি কৰাত অভূতপূৰ্ব বৰঙণি যোগায় আহিছে । ৪২ বছৰ ধৰি পাঠক সমাজৰ মাজত বাতৰি কাকত যোগান ধৰা এজন হকাৰে কয়,"আজি বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাই আহিছে । নৱপ্ৰজন্ম মাজত বাতৰি জনপ্ৰিয়তা হ্ৰাস পাইছে । তাৰ বিপৰীতে জ্যেষ্ঠসকলে বাতৰি কাকত আঁকোৱালি লৈছে ।"

লগতে পঢ়ক: বিদায় ২০২৪: অসমৰ চাহ আৰু গ্ৰাম্য পৰ্যটনৰ নতুন যাত্ৰা - ASSAM TEA TOURISM

বিদায় ২০২৪ : এইসকল অসমীয়াক লৈ গৌৰৱান্বিত ৰাজ্যবাসী - YEARENDER 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.