ETV Bharat / sports

সকলোৰে সময় আহে আৰু আজি মোৰ যোৱাৰ সময়: অশ্বিনৰ বক্তব্যত আবেগিক সতীৰ্থ - R ASHWIN RETIREMENT

অৱসৰ সিদ্ধান্ত গ্ৰহণ কৰা ৰবিচন্দ্ৰন অশ্বিনৰ আবেগিক বক্তব্য ৷ ড্ৰেছিংৰুমত দিয়া বক্তব্যই আবেগিক কৰি তোলে সতীৰ্থসকলক ৷

R ASHWIN RETIREMENT
ৰবিচন্দ্ৰন অশ্বিন বিদায়ী ভাষণ (BCCI video Screengrab)
author img

By ETV Bharat Sports Team

Published : 2 hours ago

স্প’ৰ্টছ ডেস্ক: ভাৰতৰ অভিজ্ঞ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা বৰ্ডাৰ-গাভাস্কাৰৰ মাজতে অশ্বিনৰ অৱসৰৰ আকস্মিক ঘোষণাই সকলোকে আচৰিত কৰি তুলিছিল ।

গাব্বাত খেলা তৃতীয় টেষ্টখন অমীমাংসিতভাৱে সামৰণি পৰাৰ পিছত এখন সংবাদমেল সম্বোধন কৰি অশ্বিনে অৱসৰ ঘোষণা কৰে ৷ ইয়াৰ পিছতে অশ্বিন ড্ৰেছিংৰুমত উপস্থিত হৈ সতীৰ্থসকলক উদ্দেশ্যি এক ভাষণ দিয়ে ৷ যি বক্তব্যৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

আৰ অশ্বিনৰ অৱসৰকেন্দ্ৰিক বক্তব্য

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বি চি চি আই) সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা ভিডিঅ'ত অশ্বিনে এনেদৰে কয়, "মই এই বিষয়ে কি ক'ম নাজানো । সঁচাকৈ ক'বলৈ গ’লে খেলপথাৰত দলটোৰ সৈতে বাৰ্তালাপ কৰা সহজ । যদিও মই ইয়াক প্ৰদৰ্শন কৰা নাই, এয়া প্ৰকৃততে মোৰ বাবে এক অতি আৱেগিক মুহূৰ্ত" ৷

সকলোৰে সময় আহে

"এনেকুৱা অনুভৱ হয় যেতিয়া মই 2011-12 বৰ্ষত ইয়ালৈ আহিছিলো, মোৰ প্ৰথমটো ভ্ৰমণ আছিল অষ্ট্ৰেলিয়া ভ্ৰমণ ৷ মই সকলোতে পৰিৱৰ্তন দেখিছো । মই ৰাহুল (দ্ৰাবিড়) ভাইক বাওঁফালে দেখিছিলো, শচীন (তেণ্ডুলকাৰ) পাজ্জি গুচি গৈছিল" তেওঁ কয় ।

অশ্বিনে লগতে কৈছিল যে, "বিশ্বাস কৰক বন্ধুসকল, সকলোৰে সময় আহে আৰু আজি মোৰ যোৱাৰ সময়" ।

যোৱা 4-5 বছৰত একাংশ ভাল বন্ধু গোটাইছো

বিগত 4-5 বছৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সেই সময় আছিল, যেতিয়া অশ্বিনে কিছু বিশেষ সম্পৰ্ক গঢ়ি তোলে । সেই সন্দৰ্ভত অশ্বিনে কয়, "মই ইয়াক যথেষ্ট উপভোগ কৰিছো ৷ যোৱা 4-5 বছৰত একাংশ সু-সম্পৰ্ক আৰু বন্ধু গোটাইছো আৰু মই মোৰ একাংশ সতীৰ্থক এৰি আহিছো, যিসকলে (মোৰ সৈতে) খেলি আছিল" ৷

39 বছৰীয়া অফ স্পিনাৰগৰাকীয়ে লগতে কয়, "যোৱা 4-5 বছৰত প্ৰতিটো পাৰ হৈ যোৱা বছৰৰ লগে লগে মই উপলব্ধি কৰিছো যে মই তেওঁলোকৰ সম্পৰ্কক কিমান মূল্য দিওঁ আৰু এজন খেলুৱৈ হিচাপে তেওঁলোকক কিমান মূল্য দিওঁ" ৷

এটা মাথো ফোনকলতে উপলব্ধ হ'ম

অশ্বিনে এইটোও প্ৰতিশ্ৰুতি দিছিল যে, তেওঁ মাত্ৰ এটা ফোনকলতে উপলব্ধ হ'ব । "যদি আপোনালোকক কিবা প্ৰয়োজন হয়, মই কেৱল এটা ফোনকলতে উপলব্ধ হ'ম । আপোনালোকক আকৌ এবাৰ বহুত ধন্যবাদ, ধন্যবাদ ৰোহিত, ধন্যবাদ বিৰাট, ধন্যবাদ গৌতি ভাই । মই আজি বহুত সুখী" বুলি কৈ আবেগিক হৈ পৰে সদ্য বিদায়ী ক্ৰিকেটাৰগৰাকী ৷

ডি এছ পি চিৰাজৰ অভিবাদন

ভাইৰেল হৈ পৰা ভিডিঅ'টোত আৱেগিক ৰোহিতে এটি কেক কাটি অশ্বিনক এটা টুকুৰা খুৱাই বিদায় দিয়া দেখা গৈছে ৷ আনহাতে, মহম্মদ চিৰাজে অশ্বিনক উদ্দেশ্যি তিনিবাৰ চেল্যুট মৰাৰ লগতে কে এল ৰাহুলে খেলুৱৈগৰাকীক সাৱটি ধৰি বিদায় দিয়া দেখা গৈছিল ।

লগতে পঢ়ক: এটা যুগৰ অন্ত ! আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰবিদায় ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.