গুৱাহাটী : অসম জৈৱ বৈচিত্ৰ্য, বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰা আৰু বিশ্ব প্ৰসিদ্ধ চাহৰ বাবে বিশেষভাৱে জনাজাত । বিগত কেইবাশ বছৰৰ পৰা অসমৰ চাহে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । চাহ বাগিচাসমূহ পৰ্যটকৰ বাবে এটি অনন্য আৰু আকৰ্ষণীয় অভিজ্ঞতাৰ সুযোগ সৃষ্টি কৰি আহিছে । লগতে অসমৰ বিভিন্ন ঠাইত থকা গ্ৰাম্য পৰ্যটনে পৰ্যটকসকলক আকৰ্ষিত কৰা দেখা গৈছে । অসমত ৰাষ্ট্ৰীয় অভয়াৰণ্য, ধৰ্মীয় মঠ-মন্দিৰ পৰ্যটকৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে যদিও শেহতীয়াকৈ অসম পৰ্যটন বিভাগে চাহ পৰ্যটন আৰু গ্ৰাম্য পৰ্যটনৰ আকৰ্ষণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অসমত চাহ পৰ্যটন আৰু গ্ৰাম্য পৰ্যটনৰ ওপৰত মনোনিৱেশ কৰিছে ।
এই সন্দৰ্ভত অসম পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ কুমাৰ বৰকটকীয়ে কয়,"অসমত ঘৰুৱা আৰু বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে চাহ পৰ্যটন আৰু গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে । চাহ পৰ্যটন আগৰ পৰাই অসমত চলি আছে যদিও এইবাৰ অসম চৰকাৰে প্ৰণালীবদ্ধভাৱে অসমৰ চাহ পৰ্যটনক এক বিশেষ মাত্ৰা দিয়াৰ বাবে গুৰুত্ব দিছে । অসম পৰ্যটন বিভাগে পৰ্যটনৰ উন্নয়নৰ বাবে দুটা গুৰুত্বপূৰ্ণ আঁচনি লৈছে । ইতিমধ্যে এই আঁচনি কাৰ্যকৰী কৰাৰ কাম অব্যাহত আছে । এই আঁচনি দুখন হ'ল-অসম চাহ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰচাৰ আৰু উন্নয়ন আঁচনি আৰু আমাৰ আলহী গ্ৰাম্য গৃহস্থান (হোমষ্টে) আঁচনি ।"
অসমত চাহ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰচাৰ আৰু উন্নয়ন আঁচনি :
অসম চৰকাৰে চাহ বাগিচাসমূহক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰি ৰাজ্যখনত পৰ্যটনৰ প্ৰসাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । অসম পৰ্যটন উন্নয়ন নিগমৰ পৰা পোৱা তথ্য অনুসৰি অসমত চাহ পৰ্যটনৰ বৃহৎ সম্ভাৱনা বিবেচনা কৰি পৰ্যটন বিভাগে "অসমত চাহ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰচাৰ আৰু উন্নয়ন" আঁচনিৰ জৰিয়তে ইতিমধ্যে ৫০ বছৰ পূৰ্ণ কৰা আৰু পৰ্যটন পৰিসৰসমূহৰ ওচৰৰ ৫০ খন চাহ বাগিচাক পি পি পি মোডত বাছনি কৰি চাহ পৰ্যটনক উৎসাহিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই আঁচনিখনৰ লক্ষ্য হৈছে ৰাজ্যখনত পৰ্যটন বৃদ্ধিৰ বাবে চাহ বাগিচাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহ্যৰ সদ্ব্যৱহাৰ কৰা ।
যোৱা বছৰ আঁচনিখনৰ প্ৰথম পৰ্যায়ত, ইতিমধ্যে ৯ খন চাহ বাগিচা বাছনি কৰা হৈছে আৰু সৰ্বাধিক ২ কোটি টকালৈকে ৫০ শতাংশ উন্নয়ন ৰাজসাহাৰ্য প্ৰদান কৰা হৈছে আৰু ইয়াৰ ৭ খনৰ উন্নয়নৰ কাম পূৰ্ণগতিত চলি আছে । বৰ্তমান এই চাহ বাগিচাসমূহত কাম চলি আছে । ইয়াৰে এখনত কাম প্ৰায় সম্পূৰ্ণ হৈছে । এই আঁচনিৰ অধীনত কাম চলি থকা নিৰ্বাচিত কৰা চাহ বাগিচাকেইখন হ'ল -শোণিতপুৰ জিলাৰ কলনী চাহ বাগিচা, কামৰূপ মহানগৰ জিলাৰ আমচং চাহ বাগিচা, শোণিতপুৰ জিলাৰ ডুৰুং চাহ বাগিচা, সোণাৰি চাহ বাগিচা, ডিব্ৰুগড় জিলাৰ শিয়ালকটি চাহ বাগিচা, দৰং জিলাৰ ভেৰগাঁও চাহ বাগিচা আৰু তিনিচুকীয়া জিলাৰ টিপুক চাহ বাগিচা ।
পৰ্যটন বিভাগৰ তথ্য অনুসৰি বৰ্তমান এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৩৪ খন চাহ বাগিচাৰ আবেদন গ্ৰহণ কৰা হৈছে । ৫ খনৰ ডি পি আৰত অনুমোদন জনোৱা হৈছে । অসমত ৮০০ তকৈও অধিক ডাঙৰ আৰু ৬০,০০০ সৰু চাহ বাগিচাৰ সৈতে অসমত বিশ্বৰ সৰ্বাধিক চাহ বাগিচা আছে আৰু ৰাজ্যখনৰ ১৭ শতাংশ কৰ্মচাৰী এই চাহ বাগিচাত কৰ্মৰত । ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫৫ শতাংশ অসমৰ পৰা হয় ।
আমাৰ আলহী গ্ৰাম্য গৃহস্থান (হোমষ্টে) আঁচনি :
অসম পৰ্যটন উন্নয়ন নিগমৰ তৰফৰ পৰা জনোৱা মতে, ২০১৭ চনতে এই আঁচনিখন আৰম্ভ কৰা হৈছিল যদিও চলিত বছৰত এই আঁচনিখন বহুতখিনি সংশোধন কৰি উন্নত কৰা হৈছে । অসম চৰকাৰৰ পৰ্যটন বিভাগৰ "আমাৰ আলহী হোমষ্টে" আঁচনিৰ লক্ষ্য হৈছে পৰ্যটকক হোমষ্টেৰ সুবিধা দিয়া, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা আৰু পৰ্যটকসকলক আতিথ্যৰ অভিজ্ঞতা প্ৰদান কৰা । এই আঁচনিৰ অধীনত অসমৰ গ্ৰামাঞ্চলত পৰ্যটনৰ সুবিধা থকা আৰু পৰ্যটক যাব পৰা অঞ্চল নিৰ্বাচন কৰা হয় । এই অঞ্চলত থকা ১০ জনীয়া গ্ৰুপ এটাই পঞ্জীয়ন কৰি এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে । এই ১০ জনীয়া দলৰ প্ৰত্যেকৰে দুটাকৈ মুঠ ২০ টা কোঠাৰ ঘৰ থাকিব লাগিব । তাত পৰ্যটকৰ বাবে সুবিধা থাকিব লাগিব । এইক্ষেত্ৰত পৰ্যটন বিভাগে গোটটোক মূলধন ৰাজসাহাৰ্য (Capital Subsidy) প্ৰকল্পৰ মুঠ ব্যয়ৰ ৯০ শতাংশ মূলধনৰ ৰাজসাহাৰ্য আগবঢ়াব, অৰ্থাৎ সৰ্বাধিক ১ কোটি পৰ্যন্ত । লগতে প্ৰচাৰমূলক ৰাজসাহাৰ্য আগবঢ়োৱা হ'ব । গোটটোৱে ৫ বছৰৰ বাবে প্ৰতি বছৰে সৰ্বাধিক ২.৫ লাখ পৰ্যন্ত মুঠ প্ৰচাৰমূলক ব্যয়ৰ ৫০ শতাংশ সামৰি লোৱাকৈ ৰাজসাহাৰ্য লাভ কৰিব ।
সঞ্চালক ৰণোজ কুমাৰ বৰকটকীয়ে আৰু কয়- "এই ৰাজসাহাৰ্যৰ লক্ষ্য হৈছে হোমষ্টে ইউনিটসমূহৰ মাৰ্কেটিং বৃদ্ধি কৰা, অধিক পৰ্যটকক আকৰ্ষিত কৰাত সহায় কৰা আৰু স্থানীয় অৰ্থনীতি বৃদ্ধি কৰা । লগতে এই আচঁনিৰ জৰিয়তে কাৰ্যকৰী ৰাজসাহাৰ্য আগবঢ়োৱা হ'ব । এই আঁচনিখনৰ জৰিয়তে প্ৰতি বছৰে চৰকাৰে ২.৫ লাখ টকালৈকে কাৰ্যকৰী ৰাজসাহাৰ্য প্ৰদান কৰিব যদি দলটোৱে ৫ বছৰৰ বাবে অতিথিসকলৰ দ্বাৰা ন্যূনতম ২৫০ টা পেইড ৰূম নাইট লাভ কৰে । এই আঁচনিখনৰ অধীনত ডিমা হাছাও এডভেঞ্চাৰ এছ'চিয়েশ্যন (ডিমা হাছাও), উমছৱাই ভেলী গ্ৰীণ এণ্ড ক্লিন প্ৰটেকশ্যন কমিটী (পশ্চিম কাৰ্বি আংলং), ডিচাং ৱেলফেয়াৰ ফাউণ্ডেশ্যন/চিউপাটফা ছ'চিয়েল ফাউণ্ডেশ্যন (চৰাইদেউ), দিহিং ডেভেলপমেণ্ট ছ'চাইটী (ডিব্ৰুগড়), চিৰাম ছ'চিয়েল ফাউণ্ডেশ্যন দেওৰী কমিউনিটী (মাজুলী)ৰ দৰে ৫ টা গোটক আমাৰ আলহী গ্ৰাম্য গৃহস্থান (হোমষ্টে) আঁচনিৰ বাবে নিৰ্বাচিত কৰা হৈছে । ইয়াৰে উমছৱাই ভেলী গ্ৰীণ এণ্ড ক্লিন প্ৰটেকশ্যন কমিটী (পশ্চিম কাৰ্বি আংলং)ৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে । পৰৱৰ্তী সময়ত অসম পৰ্যটন নিগমে এনেধৰণৰ ৭০ খন গ্ৰামাঞ্চলত এই আঁচনি ৰূপায়ণ কৰা পৰিকল্পনা কৰি আছে ।"
অসমত পৰ্যটকৰ আগমন :
অসম পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ কুমাৰ বৰকটকীয়ে আৰু কয়," অসমত ক'ভিড পৰিস্থিতিৰ বাবে ২০১৯-২০২০ চনৰ পৰা ২০২১-২০২২ চনলৈ পৰ্যটকৰ সংখ্যা যথেষ্ট কমি গৈছিল । কিন্তু পিছত ২০২২-২৩ চনত অসমত পৰ্যটকৰ সংখ্যা বৃদ্ধি পায় । অৱশ্যে ২০২৩-২৪ চনত অসমত পৰ্যটকৰ সংখ্যা পূৰ্বৰ বছৰৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পায় । অসম চৰকাৰে গ্ৰহণ কৰা এই দুই চাহ পৰ্যটন আৰু গ্ৰাম্য পৰ্যটনৰ উন্নয়নৰ আঁচনিয়ে নিশ্চিতভাৱে অসমত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিব ।"
তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে প্ৰায় ২০০ কোটি টকা ৰংঘৰৰ আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ উন্নয়নৰ বাবে ধন মোকলাই দিছে । এই আঁচনি লোকনিৰ্মাণ বিভাগে ৰূপায়ণ কৰিব । পৰ্যটন বিভাগৰ তথ্য মতে অসমত ঘৰুৱা আৰু বিদেশী পৰ্যটক ২০২১-২২ বৰ্ষত ১৭,০২,৯৩২ গৰাকী আছিল । একেদৰে ২০২২-২৩ বৰ্ষত ৯৮,৩১,১৪১ আছিল আৰু ২০২৩-২৪ চনত ৭০,৬৭,৩৩৫ গৰাকীৰ পৰ্যটকৰ আগমন হৈছে ।