নেশ্যনেল ডেস্ক,১২ ফেব্ৰুৱাৰী :বিহাৰ বিধানসভাৰ অধিবেশন সোমবাৰৰ পৰা আৰম্ভ হৈছে । এই অধিবেশনৰ মাজতে বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক লক্ষ্য কৰি লোৱা দেখা যায় । নীতিশ কুমাৰক দল সলনি কৰা সন্দৰ্ভত প্ৰশ্ন কৰে আৰু দৃঢ়তাৰে কয় যে তেওঁ নৰেন্দ্ৰ মোদীক ৰাজ্যৰ বাহিৰত ৰাখিবলৈ যুঁজ দিব ।
বিধানসভাত নীতিশ কুমাৰ নেতৃত্বাধীন এন ডি এ চৰকাৰে উত্থাপন কৰা আস্থা প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি যাদৱে কুমাৰক অভিলেখ নৱমবাৰৰ বাবে আৰু লগতে ৫ বছৰৰ কাৰ্যকালৰ ভিতৰত তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ বাবে সমালোচনা কৰে ।
যাদৱে কয়, "প্ৰথমতে, মই আমাৰ মুখ্যমন্ত্ৰীক একেৰাহে নৱমবাৰৰ বাবে শপত গ্ৰহণ কৰি ইতিহাস ৰচনা কৰাৰ বাবে অভিনন্দন জনাইছো । আমি এটা কাৰ্যকালত তৃতীয়বাৰৰ বাবে শপত লোৱাৰ এনে এক আশ্চৰ্যকৰ দৃশ্য প্ৰত্যক্ষ কৰা নাই ।"
"আমি সদায় মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সন্মান কৰিছিলো... যেতিয়া আপুনি পদত্যাগ কৰাৰ পিচত ৰাজভৱনৰ পৰা ওলাই আহিছিল, আপুনি কৈছিল 'মন নেহী লাগ ৰহা থা, হম লোগ নাচনে গানে কে লিয়ে থোডে হে... আমি আপোনাক সমৰ্থন কৰিবলৈ তাত আছিলো...।"
যাদৱে লগতে কয় যে তেওঁ সদায় নীতিশ কুমাৰক পিতৃ হিচাপে গণ্য কৰিছিল কিন্তু এতিয়া তেওঁ আচৰিত হৈছে কিহে তেওঁক মহাজোঁটবন্ধনত বিভেদ আনিবলৈ আৰু বিজেপি নেতৃত্বাধীন এন ডি এলৈ ঘূৰি যাবলৈ বাধ্য কৰিছিল । প্ৰাক্তন উপ মুখ্যমন্ত্ৰীৰ মতে তেওঁ সদায় নীতিশ কুমাৰক ৰামায়ণৰ অন্যতম চৰিত্ৰ 'দশৰথ' বুলি গণ্য কৰিছিল ।কুমাৰে এন ডি এৰ দললৈ উভতি যোৱাৰ সময়ত হোৱা উত্থান-পতনৰ পিচৰে পৰা সংযত হৈ থকা যাদৱে অৱশেষত ৰাজ্যিক বিধানসভাৰ মজিয়াত মনৰ ভাৱ প্ৰকাশ কৰে । যাদৱৰ মতে বিহাৰৰ মহাজোঁটবন্ধন চৰকাৰক লৈ বিজেপি ভয় খাইছিল ।
ইফালে যাদৱে নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে একত্ৰিতভাৱে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতিৰ কথাও মনত পেলাই দিয়ে । যাদৱৰ মতে তেওঁ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ পৰিয়ালৰ সদস্য বুলি ভাবে । দেশত মোদীক বাধা দিবলৈ কুমাৰে তুলি লোৱা পতাকা এতিয়া তেওঁৰ ভতিজা অৰ্থাৎ যাদৱে তুলি ল'ব আৰু বিহাৰত মোদীক বাধা দিব বুলি যাদৱে দাবী কৰে ।
তেজস্বী যাদৱৰ মতে তেওঁলোকে একোকে ভয় নকৰে । তেওঁৰ দেহত লালুজীৰ তেজ আছে । তেওঁলোকে আদৰ্শত বিশ্বাস কৰে । আনহাতে তেওঁলোক হতাশ নহয় বা এই সকলোবোৰ বস্তুক ভয় নকৰে । তেওঁলোকে সংগ্ৰাম কৰে আৰু যুঁজ দিয়ে । তেওঁলোকে ভৱিষ্যতেও যুঁজ অব্যাহত ৰাখিব বুলিও তেজস্বী যাদৱে প্ৰতিশ্ৰুতি দিয়ে ।
লগতে পঢ়ক :কৃষকৰ পদযাত্ৰা ভেটিবলৈ সষ্টম আৰক্ষী; সীমান্তত স্থাপন কৰা হৈছে চিমেণ্টযুক্ত বেৰিকেড