অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / politics

NRCৰ নামত এখন কোনে নাটক কৰিছে ? নগাঁৱত সুস্মিতা দেৱৰ বহুকেইটা বিস্ফোৰক মন্তব্য - TMC Leader Sushmita Dev

Sushmita Dev in Nagaon : মিথ্যাচাৰৰ আশ্ৰয় লৈ ঝাৰখণ্ডত NRC ৰ নামত নাটক কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । স্মাৰ্ট মিটাৰ, NRCৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰত্যাহ্বান তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱৰ । পূজা কমিটীক বেনাৰ-পোষ্টাৰ অসমীয়াত লিখিবলৈ দিয়া নিৰ্দেশৰ বিৰেধিতা । বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰীৰ নামতো মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বুৰ্বক সজোৱা বুলি মন্তব্য তৃণমূল নেত্ৰীগৰাকীৰ ।

Sushmita Dev in Nagaon
নগাঁৱত তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱ (ETV Bharat Assam)

নগাঁও, ২৯ ছেপ্টেম্বৰ :NRC কাৰ্যকৰীকৰণ, দুৰ্গা পূজাৰ বেনাৰ পোষ্টাৰত অসমীয়া ভাষা বাধ্যতামূলক কৰা, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আদি কেবাটাও বিষয়ত মন্তব্য কৰিলে তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে ৷ দেওবাৰে নগাঁৱত উপস্থিত হৈ শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে কেবাটাও বিস্ফোৰক মন্তব্য কৰিলে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷

NRCক লৈ বিস্ফোৰণ সুস্মিতা দেৱৰ :

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ডত উপস্থিত হৈ NRC প্ৰসংগত কৰা এক মন্তব্যই সমগ্ৰ দেশতে চৰ্চা লাভ কৰাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহকো উভতি ধৰি প্ৰত্যাহ্বান জনালে সাংসদ সুস্মিতা দেৱে ৷ NRC ৰ নামত ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰাৰ পাছতো অসমত NRC কাৰ্যকৰী কৰিব নোৱৰা বুলি উল্লেখ কৰি অসমত প্ৰথমে NRC কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সুস্মিতা দেৱে প্ৰত্যাহ্বান জনায় ৷ NRCৰ নামত অসমৰ ৰাইজক বিজেপি চৰকাৰে বিশ্বাসঘাতকতা কৰা বুলিও উল্লেখ কৰি এতিয়া কেৱল ভোটৰ স্বাৰ্থত ঝাৰখণ্ডত মিথ্যাচাৰৰ আশ্ৰয় লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই NRCৰ নামত এখন নাটক আৰম্ভ কৰা বুলিও তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে তীব্ৰ কটাক্ষ কৰে ৷

নগাঁৱত তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱ (ETV Bharat Assam)

অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ কি বিস্ফোৰণ সুস্মিতা দেৱৰ ?

সাংসদগৰাকীয়ে কয়, ‘‘১৯৫১ চনৰ পূৰ্বে অসমত কেৱল অসমীয়া ভাষাই নাছিল ৷ ১৯৫১ চনৰ পূৰ্বৰ পৰাই অসমত প্ৰচলিত হৈ আছে বাংলা ভাষাৰ লগতে বড়ো আদি ভাষা ৷’’ সমাগত দুর্গা পূজা উদযাপনক লৈ কামৰূপ জিলা আয়ুক্তই পূজাৰ বেনাৰ-পোষ্টাৰ আদি লিখাৰ ক্ষেত্ৰত অসমীয়া ভাষা ব্যৱহাৰৰ বাবে জনোৱা এক জাননীৰ তীব্ৰ বিৰোধিতা কৰি অসমত এই জাননী প্ৰত্যাহাৰ কৰিবলৈ আব্বান জনায় সুস্মিতা দেৱে । ভাষাৰ নামত অসমক বিভক্ত নকৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাক আহ্বান জনাই সুস্মিতা দেৱে কয়- ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপিয়ে অসমত জাতীয়তাবাদৰ নামত ৰাজনীতি বন্ধ কৰিব লাগিব ৷’’ অৱশ্যে চৰকাৰী কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰাত কোনো আপত্তি নথকাৰ কথা উল্লেখ কৰে সুস্মিতা দেৱে ৷

বিপ্লৱ শৰ্মা প্ৰতিবেদন কাৰ্যকৰীকৰণক লৈ কি মন্তব্য সুস্মিতা দেৱৰ ?

অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱৰ ৷ অসমৰ বিশেষকৈ উজনি অসমত বিজেপিৰ দলীয় ভেটি যথেষ্ট শোচনীয় হৈ পৰাৰ বাবেই এতিয়া আহোম ভোটৰ আশাত নিৰ্বাচনৰ পূৰ্বে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰণ কৰাৰ নামত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নাটক আৰম্ভ কৰা বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে ৷ চাৰি বছৰৰ অন্তত বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনলৈ মনত পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক বুৰ্বক সজোৱাৰ চেষ্টা কৰা বুলিও কটাক্ষ কৰে সুস্মিতা দেৱে ।

স্মাৰ্ট মিটাৰক লৈ আন্দোলন ঘোষণা তৃণমূল কংগ্ৰেছৰ :

স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ গ্ৰাহকৰ পৰা অধিক হাৰত বিদ্যুৎ মাচুল আদায় কৰাৰ অভিযোগক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰে তৃণমূল কংগ্ৰেছে । দেশৰ ১৪ খন ৰাজ্যই জনতাক বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ কথা উল্লেখ কৰি অসমত দুৰ্গা পূজাৰ পূৰ্বেই দুশ ইউনিট বিদ্যুৎ বিনামূলীয়া কৰিবলৈ বিজেপি চৰকাৰক আহ্বান জনায় তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে । অন্যথা আগন্তুক দুৰ্গা পূজাৰ পাছতেই অসমত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ কথা সুস্মিতা দেৱে ঘোষণা কৰে ।

আনহাতে মাত্ৰ কেইদিনমান পূৰ্বে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা ৰিপুণ বৰাক ‘ইতিহাস’ হোৱা বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ৷ আনহাতে আগন্তুক সময়ত অসমৰ পঞ্চায়ত নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনতো তৃণমূল কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে সুস্মিতা দেৱে ৷

লগতে পঢ়ক :অসমত ৪০% মুছলমান জনসংখ্যাৰ তথ্য ক’ত পালে মুখ্যমন্ত্ৰীয়ে ? বুজা নাই সুস্মিতা দেবে !

ৰাজ্যৰ ৫ আসনতে উপ-নিৰ্বাচনত যুঁজিব তৃণমূল কংগ্ৰেছে

৫ দিনৰ ভিতৰত বেনাৰ হ’ব লাগিব অসমীয়াত : অনা-অসমীয়াক বিক্ৰী কৰিব নোৱাৰিব মাটি

ABOUT THE AUTHOR

...view details