অসম

assam

ETV Bharat / politics

ধনৰ বলহে আছে ! আশে-পাশে সকলো তোষামোদকাৰী: কাক কিয় এইদৰে ক’লে ৰাজেন গোহাঁয়ে ? - LS POLL RESULTS 2024

Rajen Gohain slams CM Himanta: এইবাৰ বিধায়ক মৃণাল শইকীয়াৰ পক্ষত অৱস্থান প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে একনায়কত্ববাদ চলোৱাৰ অভিযোগ ৰাজেন গোহাঁইৰ । মুখ্যমন্ত্ৰীক আৱৰি ৰখাসকল মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষী নহয়, ব্যক্তিগত সম্পত্তি আহৰণৰ বাবেহে তোষামোদ কৰে হিমন্ত বিশ্ব শৰ্মাক । অহংকাৰে পতন মাতিব বুলি কিয় ক’লে ৰাজেন গোহাঁয়ে ?

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 5:07 PM IST

BJPs poor performance in Assam
LS Polls results 2024 (ETV Bharat Assam)

নগাঁও, 6 জুন: লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ল ৷ 8 জুনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এই চৰকাৰ গঠন কৰাৰ সম্ভাৱনা ৷ অসমত বিজেপিয়ে আশা কৰা ধৰণে ফল লাভ নকৰিলে যদিও নিজাকৈ 9 খন আৰু দুই মিত্ৰদল অগপ আৰু ইউ পি পি এলে এখনকৈ আসন লাভ কৰে ৷ বিজেপিৰ ফলাফলত যেন সন্তুষ্ট নহয় প্ৰবীণ বিজেপি নেতা ৰাজেন গোহাঁই ৷ নগাঁৱৰ নিজ বাসভৱনত সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ সহযোগীসকলক একপ্ৰকাৰ সমালোচনা কৰা দেখা গ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৷

ৰাজেন গোহাঁইৰ সংবাদ মেল (ETV Bharat Assam)

ভোটৰ ব্যৱধান কমিছে সমষ্টি সমূহত:সংবাদমেলত ৰাজেন গোহাঁয়ে কয় যে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ বহু কম ভোটত জিকিছে ৷ বিজেপিৰ বাবে জয়ৰ সুযোগ আছিল ৷ কিন্তু সেই সুযোগ গ্ৰহণ কৰিব নোৱাৰিলে ৷ হিন্দু ধৰ্মীয় মানুহৰ সম্পূৰ্ণ ভোট বিজেপিয়ে লাভ কৰা নাই বুলি তেওঁ মন্তব্য কৰাৰ লগতে একাংশ সংখ্যালঘু ভোটাৰে বিজেপিক সমৰ্থন কৰা বুলি কয় ৷ কাজিৰঙা সমষ্টিত ৰাজেন গোহাঁইৰ মতে অতি কমেও 5 লাখ ভোটত জিকিব লাগিছিল কামাখ্যা প্ৰসাদ তাছা ৷ ইয়াৰ কাৰণ হিচাপে গোহাঁয়ে কয় যে, কাজিৰঙা সমষ্টিৰ নামনি অংশত কোনো প্ৰচাৰেই নচলালে ৰ’জলীনা তিৰ্কীয়ে ৷ গতিকে অতি কমেও পাঁচলাখ ভোটত কামাখ্যা তাছা জয়ী হ’ব লাগিছিল ৷ কিন্তু বিজেপিৰ ভোটৰ হাৰ কমা দেখা গৈছে ৷

লগতে পঢ়ক:নগাঁৱৰ কোন বিধায়কৰ সমষ্টিত কিমান ভোট পালে কোন প্ৰাৰ্থীয়ে ? - Lok Sabha Election Results 2024

ধনৰ জোৰেৰে সকলো নহয়:অসমত বিজেপিৰ ফলাফল আশানুৰূপ নোহোৱাত হিমন্ত বিশ্ব শৰ্মাকেই জগৰীয়া কৰিব খুজিছে ৰাজেন গোহাঁয়ে ৷ তেওঁ কয় যে যৌতুকত লৈ অহা নেতাকেইজনকেই তেওঁ সকলোতে সুবিধা দিছে ৷ যিসমূহ মূলসূঁতিৰ বিজেপি আছে, তেওঁলোকক সুবিধা প্ৰদান কৰা হোৱা নাই ৷ নগাঁৱত কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগ দিয়া সুৰেশ বৰাক টিকট প্ৰদানত অসন্তুষ্টি প্ৰকাশ কৰি পূৰ্বৰ পৰা বিজেপি কৰ থকা যুৱনেতাক সুবিধা দিব লাগিছিল বুলি কয় জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে ৷ তেওঁ কয় যে ড৹ শৰ্মাৰ ধনৰ বলহে আছে, ধনৰ বলেৰে তেওঁ সকলো কৰিব নোৱাৰে ৷ আশে-পাশে চালে যিসকলক দেখা পায় তেওঁলোক তোষামোদকাৰী আৰু কেৱল সুবিধা লাভৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা বুলি কয় গোহাঁয়ে ৷ অহংকাৰী হৈ দলৰ পতন মাতি নানিবলৈ হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ সকীয়াই দিয়ে ৰাজেন গোহাঁয়ে ৷

আনৰ ঘৰ ভাঙি নিজৰ ঘৰ বনাব নালাগে: নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই শুভেচ্ছা জনাইছিল কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক ৷ ইয়াৰ পিচতেই এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অতি সোনকালে মৃণাল শইকীয়াই কংগ্ৰেছত যোগদান কৰিব পাৰে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল ৷ এই বিষয়ত মৃণাল শইকীয়াৰ পক্ষত থিয় দিছে ৰাজেন গোহাঁই ৷ তেওঁ কয় যে, বিজয়ী প্ৰাৰ্থী এগৰাকীক শুভেচ্ছা জনোৱাটো কোনো ভুল বা দোষ হ’ব নোৱাৰে ৷ কাইলৈ ৰকিবুল হুছেইনক লগপালে তেওঁ নিজেও শুভেচ্ছা জনাব আৰু এয়া সাধাৰণ শিষ্টাচাৰ বুলি কয় ৰাজেন গোহাঁয়ে ৷ তেওঁ লগতে কয় যে ভূপেন বৰা কংগ্ৰেছ এৰি বিজেপিলৈ আহিব বুলি মুখ্যমন্ত্ৰীয়ে কৈ আছিল, আনৰ ঘৰ ভাঙি তেওঁ নিজৰ শক্তি বৃদ্ধি কৰিব নালাগে ৷ নিজৰ থকা সামৰ্থখিনিকে ভালদৰে ব্যৱহাৰ কৰিলে তেওঁৰ ঘৰটো আনে ভাঙিব নোৱাৰিব ৷ কিন্তু আনৰ ক্ষতি কৰি নিজৰ উন্নতি কৰা কথাবোৰ সাধাৰণ ৰাইজেও ভাল নাপায় ৷

লগতে পঢ়ক:বিটিচিত খোপনি পুতিলে বিজেপিয়ে : চূড়ান্ত ব্যৰ্থৰ তালিকাত বিপিএফ-গণ সুৰক্ষা পাৰ্টি - Lok Sabha Election Results 2024

বিজেপিত চুলিশিপা সৰ্বা-হিমন্ত:ৰাজেন গোহাঁয়ে কয় যে বিজেপিত এতিয়াও চুলিশিপা হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল ৷ যিদৰে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা যৌতুকত একাংশ নেতা আনিছিল, সেইদৰে সৰ্বানন্দ সোণোৱালেও অগপৰ পৰা উজনি অসমত বিজেপিলৈ আনিছিল বহু নেতা-কৰ্মীক ৷ যাৰ বাবে প্ৰকৃত বিজেপি কৰা সকল বঞ্চিত হৈছে ৷ বিজেপিত ঘাইশিপা আৰু চুলিশিপাৰ কথা উল্লেখ কৰি ৰাজেন গোহাঁয়ে কয় যে সিদ্ধাৰ্থ ভট্টাচাৰ্য, অশোক শৰ্মা, কামাখ্যা তাছা আদিবোৰ ঘাইশিপা আৰু হিমন্ত-সৰ্বা আদি পৰৱৰ্তীসময়ত অহাসকল চুলিশিপা ৷ ঘাইশিপা হ’বলৈ তেওঁলোকক সময় লাগিব ৷ বিজেপিৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই সুবিধাহে লৈছে বুলিও কটাক্ষ কৰে ৰাজেন গোহাঁয়ে । সৰ্বানন্দ সোণোৱাল লুৰীণজ্যোতি গগৈৰ দৰে নতুন প্ৰাৰ্থী এগৰাকীৰ লগত বহু কম ভোটত জয় হৈছে বুলিও মন্তব্য কৰে ৰাজেন গোহাঁয়ে ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অহংকাৰী আখ্যা দি সুৰেশ বৰাক নগাঁৱত আনি প্ৰাৰ্থী দিয়া সন্দৰ্ভতো সমালোচনা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাক । এতিয়া বিজেপি দলত যৌতুকত অনা সকলকহে দপদপাই থকা বুলিও কটাক্ষ ৰাজেন গোহাঁইৰ । লগতে পুৰণা কৰ্মকৰ্তাসকল একত্ৰিত হৈ দলক বিপৰ্যয় পৰা উদ্ধাৰ কৰাৰ সন্দৰ্ভত আলোচনা কৰাৰ কথাও উল্লেখ কৰে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে । কংগ্ৰেছৰ সংস্কাৰ বিজেপিলৈ অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিজেপিৰ সংস্কাৰ গৌৰৱ গগৈহঁতে কংগ্ৰেছলৈ নিছে৷ এইদৰেই কেবাটাও বিষয়ক লৈ মুখ্যমন্ত্ৰীৰ লগতে নতুনকৈ বিজেপিলৈ অহাসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিল জ্যেষ্ঠ নেতাগৰাকী ৷

লগতে পঢ়ক:যোৰহাটত গৌৰৱ গগৈৰ অভূতপুৰ্ব জয় : জয়ৰ আঁৰৰ ১০টা মূল কাৰণ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details