গুৱাহাটী, ১ আগষ্ট :‘‘ যিকোনো ভাল কাম এটা কৰাৰ আগতে ভগৱানৰ ওচৰত সেৱা জনাও আৰু সেই উদ্দেশ্যৰেই ইয়ালৈ আহিছো ৷’’- এই মন্তব্য নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ ।
অশোক শৰ্মাই শুকুৰবাৰে বিজেপি দল ত্যাগ কৰিব আৰু আগষ্ট মাহতে কংগ্ৰেছ দলত যোগদান কৰিব ৷ যাৰ বাবে আজি জ্যেষ্ঠ বিজেপি নেতাজনে মা কামাখ্যা মন্দিৰৰ লগতে উগ্ৰতাৰা দেৱালয়ত প্ৰাৰ্থনা কৰে ৷ নেতাজনে কোৱা মতেই বিজপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ বাবে আজি তেওঁ ভগৱানৰ ওচৰত সেৱা জনাইছে ।
বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ কথা সদৰী কৰি বিজেপিৰ অসন্তুষ্ট জ্যেষ্ঠ নেতাজনে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অশোক শৰ্মাই কয়, ‘‘ এটা সংকল্প লৈ আজি মা কামাখ্যা মন্দিৰৰ লগতে উগ্ৰতাৰা মন্দিৰলৈ আহিছো । মোৰ যিটো মানস সেইটো প্ৰকট কৰিছো । আগন্তুক দিনত মই এটা নতুন ৰাস্তাৰে যাবলৈ ওলাইছো । সেই নতুন যাত্ৰাত যাতে মাৰ আশীৰ্বাদ লাভ কৰিব পাৰো তাৰ বাবে ইয়ালৈ আহিছো । মই ইমান দিনে সেৱা আগবঢ়াই অহা বিজেপি দলটোৰ পৰা অচিৰেই অব্যাহতি ল’ম আৰু আন এটা ৰাজনৈতিক দললৈ গতি কৰিম । মই জানো, মোৰ এই যাত্ৰাপথত বিভিন্নজনে অসুবিধাৰ সৃষ্টি কৰিব । কিন্তু মাৰ আশীৰ্বাদ পালে এই সকলোবিলাক অতিক্ৰম কৰি ৰাইজৰ মাজত থকাৰ শক্তি পাম ।’’
অৱশ্যে মন্দিৰ চৌহদত সকলো কথা নকও বুলি মন্তব্য কৰে অশোক শৰ্মাই ৷ তথাপিও জনাই যে তেওঁ কাইলৈ বিজেপি দল ত্যাগ কৰিব আৰু আগষ্ট মাহতে কংগ্ৰেছ দলত যোগদান কৰিব । বিজেপিত বিৰাট যন্ত্ৰণা আৰু অশান্তিত থকা বুলি মন্তব্য কৰি অশোক শৰ্মাই কয়, ‘‘ এই যন্ত্ৰণাময় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি মাৰ আশীৰ্বাদ ল’বলৈ আহিছো ৷’’