গুৱাহাটী, ২১ আগষ্ট: ৰাজ্যসভাত অসমৰ পৰা খালী হোৱা দুখন আসনৰ বাবে আজি বুধবাৰে বিজেপিৰ প্ৰার্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসে মনোনয়ন পত্ৰ দাখিল কৰে । উল্লেখ্য যে এই দুই আসনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল । বিৰোধীৰ পৰা এই আসনৰ বাবে কোনো মনোনয়ন পত্ৰ দাখিল কৰা নহ'ল । যাৰ বাবে বিজেপিৰ প্ৰার্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসৰ জয় প্ৰায় নিশ্চিত । মনোনয়ন দাখিলৰ সময়ত এই দুই প্ৰাৰ্থীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংগ দিয়ে ।
উল্লেখ্য যে দুলীয়াজানৰ প্ৰাক্তন বিধায়ক তেলীয়ে প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয়টো কার্যকালত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । চলিত বছৰত অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত তেলী বঞ্চিত হ'বলগীয়া হৈছিল ।
আনহাতে, উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হোৱা মিছন ৰঞ্জন দাস বিজেপিৰ এগৰাকী অভিজ্ঞ ৰাজনীতিক । অষ্টাদশ লোকসভা নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা জয়ী হোৱাৰ পিছত ৰাজ্যসভাৰ দুয়োখন আসন খালী হৈ আছিল । অহা তিনি ছেপ্টেম্বৰত ৰাজ্যসভাৰ আসন দুখনৰ বাবে নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে । উল্লেখ্য যে ৰাজ্যসভাৰ দুখন আসনৰ বাবে আবেদন কৰা দহগৰাকী প্ৰার্থীৰ মাজৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক মনোনীত কৰে ।
বিৰোধীৰ শক্তি , আত্মবিশ্বাস নাইকীয়া হৈছে: সৰ্বানন্দ
আজি মনোনয়ন দাখিলৰ সময়ত এই দুই প্ৰাৰ্থীক সংগ দিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকক সম্বোধন কৰি কয়, ‘‘ দুয়ো জেষ্ঠ নেতা, বহুত নিষ্ঠাবান কৰ্মী । ৰাইজৰ সহযোগত সকলো নিৰ্বাচনত সহযোগিতা আগবঢ়াইছে । আমি সংকল্পবদ্ধ । দলটোক কষ্ট কৰি শক্তিশালী কৰিছে । বিৰোধীৰ শক্তি নাই, আত্মবিশ্বাস নাইকীয়া হৈছে ।’’