যোৰহাট: ৰাজ্যবাসীক বিনোদনৰ পৰা যেন কেতিয়াও বঞ্চিত নকৰে সততে চৰ্চাত থকা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । কেতিয়াবা যদি ভাওনাত ভাও দি, আন কেতিয়াবা আকৌ গীত গাই আমোদ দিয়াৰ চেষ্টা চলাই বিধায়ক কুৰ্মীয়ে ।
পিছে এইবাৰ আন এক ৰূপত দেখা গ'ল ৰূপজ্যোতিক । ৯০ দশকৰ জনপ্ৰিয় গীতৰ তালে তালে কঁকাল ভাঙিলে বিধায়কগৰাকীয়ে । এইবাৰ গায়কৰ ৰূপত নহয় বা কোনো ভাওনাত ভাৱৰীয়া ৰূপতো নহয় । এজন নৃত্যশিল্পীৰ ৰূপত দেখা গ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক ।
মিঠুন চক্ৰৱৰ্তীৰ ৯০ দশকৰ জনপ্ৰিয় আই এম এ ডিস্ক' ডান্সাৰ শীৰ্ষক গীতৰ তালে তালে নৃত্য কৰিলে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । মৰিয়নীৰ A1 ডেন্স স্কুলত আয়োজিত এক অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত হৈ মৰিয়নীৰ বিধায়ক কুৰ্মীয়ে দুগৰাকী নৃত্য বিচাৰকৰ সৈতে মুকলি মঞ্চত একেলগে উক্ত গীতৰ তালে তালে নৃত্য কৰা পৰিলক্ষিত হয় । বিধায়কজনৰ নৃত্যক সকলোৰে হাত চাপৰি মাৰি সহাৰি জনোৱা দেখা গ'ল ।
উল্লেখ্য যে বিধায়ক হোৱাৰ পাছতো ৰূপজোতি কুৰ্মীয়ে নিজৰ প্ৰতিভাসমূহ সময় পালেই দেখুৱাবলৈ চেষ্টা কৰে । ইয়াৰ পূৰ্বেও বহুবাৰ ভাওনাৰ মঞ্চৰ লগতে কন্ঠশিল্পীৰ ৰূপতো ৰূপজ্যোতি কুৰ্মীক দেখিবলৈ পোৱা গৈছিল । অভিনয়ৰ সমান্তৰালকৈ মৰিয়নী বিধায়কগৰাকীয়ে এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হিচাপেও ৰাজ্যবাসীৰ সন্মুখত নিজৰ পৰিচয় দাঙি ধৰিছে । মুঠতে মৰিয়নীৰ বিধায়কগৰাকীক সদায় চৰ্চাত থকা দেখা যায় । এনে সুপ্ত প্ৰতিভা জাগ্ৰত কৰাৰ সমান্তৰালভাৱে সমষ্টিৰ উন্নয়নতো যথেষ্ট আগবঢ়া বিধায়ক ৰূপজ্যোতি ।