ETV Bharat / state

বেংগালুৰুৰ হোটেলত উদ্ধাৰ অসমৰ যুৱতীৰ মৃতদেহ: প্ৰেমিকে হত্যা কৰাৰ সন্দেহ - ASSAM GIRL MURDERED IN BENGALURU

বেংগালুৰুৰ ইন্দিৰা নগৰস্থিত হোটেল দ্য ৰয়েল লিভিঙত মায়া গগৈ নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় ।

Assam girl murdered in Bengaluru
বেংগালুৰুৰ হোটেলত উদ্ধাৰ অসমৰ যুৱতীৰ মৃতদেহ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 6:50 PM IST

বেংগালুৰু: বহিঃৰাজ্যত অসমৰ যুৱতীক হত্যা । বেংগালুৰুত উদ্ধাৰ হৈছে অসমৰ এগৰাকী যুৱতীৰ মৃতদেহ । 'দ্য ৰয়েল লিভিং' নামৰ হোটেল এখনৰ কোঠাৰ পৰা উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ । প্ৰেমিকে হত্যা কৰি পলায়ন কৰাৰ সন্দেহ কৰা হৈছে ।

বেংগালুৰুৰ ইন্দিৰা নগৰৰ হোটেলখনত সংঘটিত হয় এই হত্যাকাণ্ড । হোটেলখনৰ এটা কোঠাত যুৱতীগৰাকীক ছুৰীকাঘাত কৰি হত্যা কৰা হয় । জানিব পৰা মতে, যুৱতীগৰাকীৰ নাম মায়া গগৈ । অৱশ্যে মায়া অসমৰ কোন ঠাইৰ বা তেওঁৰ সঠিক পৰিচয় তথা বিৱৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । ইফালে এই হত্যাকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ইন্দিৰা নগৰ আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু তদন্ত আৰম্ভ কৰে ।

বেংগালুৰুৰ হোটেলত উদ্ধাৰ অসমৰ যুৱতীৰ মৃতদেহ (ETV Bharat)

আৰক্ষীৰ সূত্ৰ মতে, হত্যাৰ বলি হোৱা মায়া গগৈয়ে বেংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল আৰু তেওঁ এইচ এছ আৰ লে'-আউটত বাস কৰিছিল ।

হোটেলখনৰ চিচি টিভি ফুটেজত ধৰা পৰা অনুসৰি, ২৩ নৱেম্বৰত মায়া আৰু তেওঁৰ প্ৰেমিক আৰাৱ হাৰ্নিয়ে ইন্দিৰা নগৰৰ দ্য ৰয়েল লিভিঙলৈ আহিছিল । অৱশ্যে চিচি টিভি ফুটেজত দেখা গৈছে যে আৰাৱ হাৰ্নীয়ে মঙলবাৰে পুৱা এখন কেব বুক কৰি হোটেলখনৰ পৰা পৰা অকলে ওলাই যায় ।

ইফালে পুৱা ৰূম ছাৰ্ভিচৰ সময়ত হোটেলৰ কৰ্মচাৰীয়ে কোঠাটোলৈ যাওঁতে এই হত্যাকাণ্ডৰ ঘটনাটো আৱিষ্কাৰ হয় । তেজেৰে তুমৰলি হৈ মায়া কোঠাটোৰ বিছনাত পৰি আছিল । লগে লগে আৰক্ষীক খবৰ দিয়া হয় আৰু ঘটনাৰ বিষয়ে খবৰ পোৱা মাত্ৰকে ইন্দিৰা নগৰ আৰক্ষীৰ এটা দল ৰয়েল লিভিং হোটেলৰ ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে ।

অৱশ্যে হত্যাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আনহাতে, দুয়োজনৰে হোটেলখনত প্ৰৱেশ কৰাৰ চিচি টিভি ফুটেজ বন্দী কৰা হৈছে । কিন্তু তেওঁলোক দুয়োজনে হোটেলৰ কোঠাটো লোৱাৰ পিছত আৰু আন কোনোবা তাত প্ৰৱেশ কৰিছিল নেকি সেই বিষয়ে একো জানিব পৰা হোৱা নাই । আৰক্ষীয়ে জনোৱা মতে, প্ৰাৰম্ভিক অনুসন্ধানত এইটো প্ৰকাশ পাইছে যে এই হত্যাকাণ্ডৰ সন্দেহজনক ব্যক্তিজন হৈছে মায়াৰ প্ৰেমিকজন ।

লগতে পঢ়ক :বৰপেটাৰোডত মাজুলীৰ যুৱতীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ
লগতে পঢ়ক :হোজাইত পুখুৰীত ওলাল মহিলাৰ মৃতদেহ; সাপেখাতীত স্বামীৰ দাৰ ঘাপত নিহত পত্নী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.