মৰাণ, ১১ মাৰ্চ:সমাগত লোকসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । বিৰোধী দল সমূহৰ লগতে শাসক দল বিজেপিয়ে নিজৰ সাংগঠনিক কামকাজ আগুৱাই নিছে প্ৰতিটো সমষ্টিত। বিজেপিৰ ১১ টা লোকসভা সমষ্টিত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰি আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ।
ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ সাংসদ ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে । টিকট কৰ্তন হোৱাৰ পাছতে সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । অসমৰ সকলো সাংসদতকৈ বেছি কাম কৰা বুলি দাবী কৰা তথা টিকট কৰ্তন কৰাৰ দুখত জৰ্জৰিত ৰামেশ্বৰ তেলীক অৱশেষত বুজনি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । দেওবাৰে নিশা নামৰূপৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ৰাজহুৱা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।