নেশ্যনেল ডেস্ক, ২৮ মে' :উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে সোমবাৰে ৰাহুল গান্ধীক উপহাস কৰি কয় যে তেওঁ কেৱল ৰাজনৈতিক পৰ্যটনৰ বাবে উত্তৰ প্ৰদেশলৈ আহে । সোমবাৰে মিৰ্জাপুৰত অনুষ্ঠিত জনসভাত ভাষণ প্ৰদান কৰি ব্ৰজেশ পাঠকে কয় যে ৰাহুল গান্ধীয়ে শিশুৰ দৰে কাম কৰি আছে । নেতাগৰাকীৰ মতে ৰাজ্যখনৰ জনসাধাৰণ আৰু দেশৰ জনসাধাৰণে বুজি পাইছে যে তেওঁলোকৰ কোনো নীতি বা কোনো কাৰ্যসূচী নাই । ৰাহুল গান্ধয়ে উত্তৰ প্ৰদেশলৈ কেৱল ৰাজনৈতিক পৰ্যটনৰ বাবেহে আহে বুলি তেওঁ অভিযোগ কৰে ।
তদুপৰি পাঠকে দাবী কৰে যে এন ডি এ মিত্ৰজোঁটে সপ্তম পৰ্যায়ত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে সকলো আসনত জয়ী হ'ব । তেওঁ কয় যে এফালে বিজেপি আৰু মোদীৰ ঢৌ চলি আছে । আনহাতে বিৰোধীৰ মিত্ৰতা সম্পূৰ্ণৰূপে বিফল হৈছে । তৃণমূল পৰ্যায়ত ই হেৰাই গৈছে বুলি তেওঁ অভিযোগ কৰে । তেওঁৰ মতে তৃণমূল পৰ্যায়ত ইণ্ডিয়া ব্লক নিয়ন্ত্ৰণত নাই । বিজেপি নেতাগৰাকীৰ মতে এন ডি এ মিত্ৰজোঁটে ৰাইজৰ সম্পূৰ্ণ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে ।