গুৱাহাটী, 5 মাৰ্চ:সমাগত লোকসভা নিৰ্বাচন 2024 ৷ অসমৰ 14 টা সমষ্টিৰ বাবে কংগ্ৰেছ তথা বিৰোধী ঐক্যৰ সাম্ভাব্য এখন নামৰ তালিকা এই মুহূৰ্তত আছে ব্যাপক চৰ্চাত ৷ যোৰহাটত গৌৰৱ গগৈ, নগাঁৱত প্ৰদ্যুত বৰদলৈ আৰু ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা কংগ্ৰেছৰ ৷ ইতিমধ্যে কংগ্ৰেছে অসমত দুখনৰ পৰা তিনিখন আসন বিৰোধীক এৰি দিব বুলি প্ৰায় নিশ্চিত হৈছে । ডিব্ৰুগড় আৰু বৰপেটা — এই দুখন আসন মিত্ৰ দলক এৰি দিয়াটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷
নৱগঠিত কাজিৰঙাৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ৰ’জলীনা তিৰ্কী ৷ আনহাতে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা । শোণিতপুৰত প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা নৱগঠিত প্ৰেমলাল গঞ্জু । ডিফুত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হ'ব জয়ৰাম ইংলেং ।
বৰপেটা আসনখন বিৰোধীয়ে চি পি আই এমক এৰি দিয়াৰ সম্ভাৱনা । সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ বৰপেটাৰ প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । গুৱাহাটীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ’ব মীৰা বৰঠাকুৰ । আনহাতে, শিলচৰত তৃণমূল কংগ্ৰেছক প্ৰাৰ্থিত্ব প্ৰদান কৰিব নে কংগ্ৰেছে নিজে দিব সেই সন্দৰ্ভত কোনো সিদ্ধান্ত হোৱা নাই ৷ কংগ্ৰেছে নিজে শিলচৰত প্ৰাৰ্থী দিলে নৈঋতা শুক্লবৈদ্যক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিব ।