মৰিগাঁও, 11 এপ্ৰিল :‘‘আবুল-তাবুল কথা সদায় বিজেপি দলৰ নেতাই কৈয়ে থাকে ৷ তেওঁলোক কিয় ইমান অধৈয্য হৈছে ৷ সাধাৰণ জনতাৰ ওপৰত অকণমান শ্ৰদ্ধা কৰিবলৈ শিকক বিজেপিয়ে ৷ বিজেপিৰ এজনে ক’ব 50 হাজাৰত জিকিম, হিমন্ত বিশ্বই ক’ব 1 লাখ/2 লাখত জিকিম বুলি ৷ অসংলগ্ন কথা বিজেপিয়ে কৈয়ে থাকে ৷’’ এই মন্তব্য 9 নং নগাঁও লোকসভা সমষ্টিৰ উমৈহতীয়া কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ৷
উল্লেখ্য যে, মাজত আৰু কেইটামান দিন বাকী ৷ সমুখত নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত মাৰ বান্ধি থিয় দিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলেই ৷ সকলো ৰাজনৈতিক নেতাই দিনে নিশাই চলাইছে প্ৰচাৰ অভিযান ৷ কি কংগ্ৰেছ, কি বিজেপি কিম্বা অন্য ৰাজনৈতিক দল ৷ বাদ পৰি ৰোৱা নাই কোনো ৷
আনহে নালাগে, প্ৰতিখন সভা বা নিৰ্বাচনী প্ৰচাৰ অভিযানত ৰাজনৈতিক নেতাসকলেও বাদ পৰি ৰোৱা নাই ইজনে আনজনক কটাক্ষ কৰিবলৈ ৷ বুধবাৰে মৰিগাঁও শলমাৰীত উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ৷ শলমাৰীত এক সভাত অংশ লৈ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিক কটাক্ষ কৰি সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে ৷