অসম

assam

ETV Bharat / politics

কংগ্ৰেছ চৰকাৰৰ দিনত দুখীয়া পৰিয়ালৰ যুৱক-যুৱতীয়ে নিযুক্তি পোৱা নাছিল : মুখ্যমন্ত্ৰী - Lok Sabha elections 2024

CM Himanta Biswa Sarma : নগাঁৱত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ প্ৰচাৰত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে কি কি আঁচনি ঘোষণা কৰিলে ? লাখপতি বাইদেউৰ ধন স্বামীক নিদিয়াৰ টিপছো শিকালে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 7:22 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নগাঁও, ১৯ এপ্ৰিল: “কংগ্ৰেছ শাসনকালত এটা এ চি এছ চাকৰিৰ বাবে প্ৰয়োজন হৈছিল এক কোটি টকাৰ ।” এই বিস্ফোৰক অভিযোগ কংগ্ৰেছ চৰকাৰৰেই প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । শুক্ৰবাৰে নগাঁৱত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পূৰ্বৰ কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য় কৰে । তেওঁ লগতে বিজেপি চৰকাৰৰ গুণানুকীৰ্তন কৰে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়," পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ধনৰ অভাৱত কোনো দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰা নাছিল । বৰ্তমান চৰকাৰৰ শাসনকালত দুখীয়া-দৰিদ্ৰ পৰিয়লৰ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ।" মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালৰ বিগত সময়ত এক লাখ নিযুক্তি দিয়াৰ কথা উল্লেখ কৰি আৰু পঞ্চাশ হাজাৰ নতুনকৈ নিযুক্তি দিয়াৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আনকি মহিলাসকলক চাৰ্ভাইকেল কেঞ্চাৰৰ প্ৰতিষেধক দিয়াৰ বাবেও চিন্তা-চৰ্চা কৰাৰ কথা ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বৰ্তমান চৰকাৰে অৰুণোদয়, আয়ুষ্মানকে ধৰি দিয়া আঁচনিৰ কথা উল্লেখ কৰি কোনো ঘৰতেই কংগ্ৰেছৰ কোনো চিন-চাব নথকাৰ কথা উল্লেখ কৰি কংগ্ৰেছে কিয় ভোট বিচাৰে বুলিও প্ৰশ্ন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

পুনৰ এবাৰ ডাবল ইঞ্জিন চৰকাৰ চলাৰ কথা উল্লেখ কৰি ১২০ গতিত চলা ৰে'লখন প্ৰদ্যুৎ বৰদলৈয়ে বিপৰীত দিশৰ পৰা টানি কেৱল গতি ৰোধ কৰাৰ চেষ্টা কৰিব বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ফলত এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰূপক শৰ্মা আৰু আনফালে প্ৰদ্যুৎ বৰদলৈৰ মাজত ৰঁচী টনাহে হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আনহাতে, নিৰ্বাচনৰ পাচতেই লাখপতি বাইদেউৰ একাউণ্টত দহ হাজাৰ টকা সোমাই যাব বুলি কৈ স্বামীয়ে যাতে মহিলাসকলৰ টকা নিব নোৱাৰে মহিলাসকলক তাৰো টিপছ শিকাই দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । নগাঁৱৰ উৰীয়াগগাঁৱৰ সমীপত অনুষ্ঠিত হোৱা বিজেপিৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ উপৰি নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা, বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ উপস্থিত থাকে ।

লগতে পঢ়ক:জাগীৰোডতকৈ দহগুণ ডাঙৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প হ’ব পাঁচগ্ৰাম কাগজকলত : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details