অসম

assam

ETV Bharat / politics

তৃতীয় পৰ্যায়ৰ নিৰ্বাচন : মহানগৰীত ই ভি এমলৈ গন্তব্য় স্থানলৈ ৰাওনা প’লিং-প্ৰিজাইডিং বিষয়াৰ দল - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

GUWAHATI LOK SABHA SEAT : 5 নং গুৱাহাটী লোকসভা সমষ্টি বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প'লিং-প্ৰিজাইডিং বিষয়াৰ দল ৷ কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ মুঠ ভোটাৰৰ সংখ্যা 10,55,684 গৰাকী ৷ 26 টা আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা 100 টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালিত হ'ব ৷

GUWAHATI POLLING STATIONS
ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰীৰ দল (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 6, 2024, 9:28 PM IST

গন্তব্য় স্থানলৈ ৰাওনা প’লিং-প্ৰিজাইডিং বিষয়া (ETV BHARAT ASSAM)

গুৱাহাটী, 6 মে': তৃতীয় পৰ্যায়ত গুৱাহাটী লোকসভা সমষ্টিত মঙলবাৰে অৰ্থাৎ 7 মে’ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷ 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি ক্ৰমে 33 নং দিছপুৰ, 34 নং ডিমৰীয়া, 35 নং নিউ গুৱাহাটী, 36 নং গুৱাহাটী চেন্ট্ৰেল আৰু 37 নং জালুকবাৰী সমষ্টিত ভোটগ্ৰহণৰ বাবে আজি ই ভি এমসহ অন্যান্য নিৰ্বাচনী সামগ্ৰীসমূহ বিতৰণ কৰা হয় ৷ মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত বিতৰণ কৰা এই নিৰ্বাচনী সামগ্ৰী লৈ প'লিং-প্ৰিজাইডিং বিষয়াৰ দলসমূহ নিৰ্ধাৰিত বাহনত নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ইতিমধ্যে ৰাওনা হৈছে ৷

উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত প'লিং বিষয়া সকলৰ বাবে এক বিশেষ এপৰ ব্যৱস্থা কৰা হৈছে ৷ য'ত এগৰাকী প'লিং বিষয়াই নিজৰ এনড্ৰইড ম’বাইল ফোনেৰে 'কিউ আৰ' ক'ড স্কেন কৰি নিজৰ সতীৰ্থ সকলৰ নাম আৰু ফোন নম্বৰ লাভ কৰিব পাৰিব ৷ তেনেদৰে প্ৰতিখন বাহনত জি পি এচ প্ৰয়োগ কৰি ভোটগ্ৰহণ কেন্দ্ৰ সমূহলৈ যোৱা আৰু ভোটগ্ৰহণৰ অন্তত ঘূৰি অহাৰ পথ নিৰ্দিষ্ট কৰি দিয়া হৈছে ৷ এই প্ৰক্ৰিয়া সংশ্লিষ্ট কৰ্তৃপক্ষই নিৰীক্ষণ কৰি থাকিব ৷ এইবাৰৰ নিৰ্বাচনত কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ মুঠ ভোটাৰৰ সংখ্যা 10,55,684 গৰাকী ৷ ইয়াৰ ভিতৰত 5,15,052 গৰাকী পুৰুষ আৰু 5,40,596 গৰাকী মহিলা ভোটাৰ ৷ আনহাতে জিলাখনত এইবাৰ 36 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে ৷

কামৰূপ মহানগৰ নিৰ্বাচন জিলা কাৰ্যালয়ে সদৰী কৰা তথ্য অনুসৰি এই ভোটাৰ সকলৰ ভিতৰত 15,960 গৰাকী 18 ৰ পৰা 19 বছৰ বয়সৰ নতুন ভোটদাতা ৷ 8,212 গৰাকী 85 ৰ উৰ্ধৰ ভোটদাতা আৰু 912 গৰাকী চাৰ্ভিছ ভোটাৰ আছে ৷ ইফালে কামৰূপ মহানগৰ নিৰ্বাচন জিলাত এইবাৰ 1,026 টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পাদন কৰাৰ বাবে 1,283 গৰাকী প্ৰিজাইডিং বিষয়া, 4,620 গৰাকী পলিং বিষয়াৰ লগতে প্ৰয়োজনীয় সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে ৷ তদুপৰি জিলাখনত 564 টা ভোটগ্ৰহণ কেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে ৷

একেদৰে কামৰূপ মহানগৰ জিলাত 26 টা আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা 100 টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালিত হ'ব ৷ নিৰ্বাচন আয়োগে কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ 79 টা ভোটগ্ৰহণ কেন্দ্ৰক সংকটপূৰ্ণ, 87 টাক অসুৰক্ষিত আৰু 5 টা ভোটগ্ৰহণ কেন্দ্ৰক দুৰ্গম এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিহ্নিত কৰিছে ৷ এই ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভোটদান প্ৰক্ৰিয়া সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ইতিমধ্যে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে ৷ আনহাতে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হোৱাৰ দিনৰ পৰা বৰ্তমানলৈকে কামৰূপ মহানগৰ জিলাত 61 হাজাৰৰো অধিক লিটাৰ অবৈধ সুৰা জব্দ কৰা হৈছে, যাৰ বজাৰ মূল্য প্ৰায় 78 লাখ টকা ৷

লগতে পঢ়ক :ৰাজপথৰ পৰা হঠাৎ নোহোৱা হ'ল চিটি বাছ: হাৰাশাস্তি যাত্ৰীৰ - City Bus Crisis In Guwahati

ABOUT THE AUTHOR

...view details