গুৱাহাটী, ১৬ এপ্ৰিল:মোদীময় হৈ পৰিল গুৱাহাটী মহানগৰী । সাধাৰণ জনতাক পণবন্দী কৰি গুৱাহাটী মহানগৰীত অনানুষ্ঠানিক ৰোড শ্ব' কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দুদিনীয়া নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্দী নৰেন্দ্ৰ মোদীক বিপুল আদৰণি জনোৱা হয় ।
সন্ধিয়া বিশেষ বিমান যোগে গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । বিমান বন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি দলীয় নেতৃত্বই প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় । বিমান বন্দৰৰ পৰা স্থলপথেৰে গুৱাহাটীৰ মাজেৰে কইনাধৰাৰ ৰাজ্যিক অতিথিশালালৈ আহে প্ৰধানমন্ত্ৰীৰ বিশাল কনভয় । এককথাত আনুষ্ঠানিকভাৱে নহ'লেও অনানুষ্ঠানিকভাৱে গুৱাহাটী মহানগৰীত ৰোড শ্ব' কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বজালে নিৰ্বাচনী ৰণদুণ্ডুভি ।
গুৱাহাটীৰ মেৰুদণ্ডস্বৰূপ জি এছ ৰোডেৰে প্ৰধানমন্ত্ৰীৰ বিশাল কনভয় যোৱাৰ লগে লগে স্তব্ধ হৈ পৰে গুৱাহাটী মহানগৰী । অৱশ্যে বিয়লিৰ পৰাই গুৱাহাটী মহানগৰীৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰে । যাত্ৰাপথৰ সমগ্ৰ পথছোৱাত হাজাৰ হাজাৰ লোক সমবেত হৈ প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় । প্ৰধানমন্ত্ৰীয়েও ৰাইজৰ অভিবাদন গ্ৰহণ কৰি আগুৱাই যায় ।
লক্ষ্যণীয় বিষয় যে জি এছ ৰোডেৰে কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত পথৰ দুয়োকাষে ৰাইজে প্ৰধানমন্ত্ৰীক অভিবাদন জনোৱাৰ বাবে বিশেষ ব্যৱস্থা কৰা হয় । প্ৰধানমন্ত্ৰীয়ে কোনো আনুষ্ঠানিক ৰোড শ্ব' নকৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছিল যদিও প্ৰধানমন্ত্ৰীৰ যাত্ৰাপথক বিশেষভাৱে সজাই তোলাৰ লগতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল ।
প্ৰধানমন্ত্ৰী পাৰ হৈ যোৱা সময়ত ফুটপাথৰ পৰা ৰাইজে অভিবাদন জনাবৰ বাবে বেৰিকেডৰ ব্যৱস্থা কৰা হৈছিল । আনুষ্ঠানিক ৰোড শ্ব' নহয় বুলি মুখ্যমন্ত্ৰীয়ে ক'লেও প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বিমান বন্দৰৰ পৰা কইনাধৰালৈ পথৰ কাষত তৈয়াৰ কৰা হৈছিল বাঁহৰ বেৰিকেড । যি বেৰিকেডৰ মাজত সাধাৰণ জনতা আৱদ্ধ হৈ প্ৰধানমন্ত্ৰীক জনাইছিল অভিবাদন । এককথাত অনানুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত ৰোড শ্ব' কৰি একপ্ৰকাৰ গুৱাহাটীৰ দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায় ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত জি এছ ৰোডৰ এ বি চিৰ পৰা বিশেষকৈ ৰাজীৱ ভৱনৰ সন্মূখৰ পৰা জনতা ভৱনলৈ পথছোৱা বেৰিকেড লগাই ৱান ৱে কৰি দিয়া হয় । য'ৰ পৰা ৰোড শ্ব' কৰি প্ৰধানমন্ত্ৰীৰ বিশাল কনভয় আগুৱাই যোৱাৰ বিপৰীতে আনটো ফালে বিজেপিৰ সমৰ্থক সকলে প্ৰধানমন্ত্ৰীক অভিবাদন জনায় ।