অসম

assam

ETV Bharat / politics

নিৰ্বাচনৰ দিনকেইটাত অসমত পেইড হলিডে’ ঘোষণা - Lok sabha Elections 2024

Lok sabha Elections 2024: নিৰ্বাচনৰ দিনকেইটাত অসমত পেইড হলিডে’ ঘোষণা ৷ ৰাজ্যপাল কাটাৰীয়াই কৰিছে এই ঘোষণা ৷

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 11:32 AM IST

Lok sabha Elections 2024
নিৰ্বাচনৰ দিনকেইটাত অসমত পেইড হলি ডে’ ঘোষণা

তেজপুৰ, 3 এপ্ৰিল:সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ৷ ৰাজনৈতিক নেতা তথা কৰ্মীসকলৰ বাঢ়িছে নিৰ্বাচনী তৎপৰতা ৷ এই সময়তে,অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই সমাগত সাধাৰণ নিৰ্বাচনৰ বাবে পেইড হলিডে’ ঘোষণা কৰিছে । ৰাজ্যখনত যিহেতু প্ৰথম, দ্বিতীয় আৰু তৃতীয় তিনিটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, সেই হিচাবে ৰাজ্যপাল কাটাৰীয়াই ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 135 B ৰ অধীনত P R act 1951 ৰ অধীনত নিৰ্বাচনৰ দিনটোত কৰ্মচাৰীয়ে পেইড লীভ লাভ কৰিব বুলি জনায় ।

নিৰ্বাচনৰ দিনকেইটাত অসমত পেইড হলি ডে’ ঘোষণা

নিৰ্বাচনৰ দিনটোত নিজৰ বহুমূলীয়া ভোটটো প্ৰদান কৰিবলৈ বহু সময়ত ভোটাৰজন কৰ্মসূত্ৰে অন্য স্থানত থকাৰ বাবে ভোটদান কৰিবলৈ নোৱাৰে বা কোনো ব্যক্তি অন্য চুবুৰীয়া ৰাজ্যত থকাৰ বাবে নিৰ্বাচন চলি থকা ঠাইত উপস্থিত থাকিব নোৱাৰে ৷ সেইবাবে ৰাজ্যপাল কাটাৰীয়াই নিৰ্বাচনী আয়োগৰ নীতি অনুসৰি নিৰ্বাচন চলি থকা অঞ্চলত উপস্থিত থাকিব পৰাকৈ ঘোষণা কৰিছে Paid Holiday ৰ ।

এই পূৰ্ণ মজুৰীৰ সৈতে বন্ধ সকলো চৰকাৰী প্ৰতিষ্ঠান ,ব্যক্তিগত প্ৰতিষ্ঠান ,বেংক, চাহ বাগিচাৰ কৰ্মচাৰীৰ লগতে ভোট গ্ৰহণ নোহোৱা জিলাখনতো এই বন্ধ উপলব্ধ হ’ব বুলি ঘোষণাটোত উল্লেখ কৰা হৈছে । লোকসভা নিৰ্বাচন অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷ প্ৰথম পৰ্যায়ত শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট আৰু কাজিৰঙা পাঁচটা লোকসভা সমষ্টিত 19 এপ্ৰিলত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ৷ 26 এপ্ৰিলত দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়ত 7 মে'ত অনুষ্ঠিত হ’ব ।

2 এপ্ৰিলত এক অধিসূচনা জাৰি কৰা হৈছিল এই অধিসূচনাযোগেই পেইড হ’লিডে ব্যৱস্থাৰ বিশদ বিৱৰণ প্ৰকাশ কৰা হৈছিল ।

লগতে পঢ়ক:কোন দুই সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু প্ৰদ্যুৎ বৰদলৈ ? - Lok sabha Election 2024

ABOUT THE AUTHOR

...view details