নগাঁও, 28 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যেই সম্পন্ন হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ৷ সমষ্টি পুনৰনিৰ্ধাৰণৰ পিচতেই ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে নগাঁও লোকসভা সমষ্টিৰো সলনি হৈছে ভোট বিন্যাস ৷ পূৰ্বৰ হোজাই জিলাৰ লামডিং, হোজাই, যমুনামুখ, নগাঁৱৰ বঢ়মপুৰ, নগাঁও সদৰ, ৰহা, মৰিগাঁও জিলাৰ মৰিগাঁও, জাগীৰোড আৰু লাহৰীঘাট সমষ্টিক সামৰি থকা নগাঁও লোকসভা সমষ্টিৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণত কৰ্তন কৰা হৈছে হোজাই জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টি ৷ ইয়াৰ পৰিবৰ্তে নগাঁও জিলাৰ অৰ্থাৎ পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ চামগুৰি, ৰূপহীহাট আৰু পূৰ্বৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ এটা অংশক লৈ গঠিত ধিং বিধানসভা সমষ্টি অন্তৰ্ভুক্ত কৰা হৈছে নগাঁও লোকসভা সমষ্টিত ৷
নগাঁৱৰ পূৰ্বৰ তিনিটা বিধানসভা সমষ্টিৰ বিপৰীতে বৰ্তমানৰ মুঠ পাঁচটাকৈ বিধানসভা সমষ্টি অন্তৰ্ভুত কৰা হৈছে নগাঁও লোকসভা সমষ্টিত ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত নগাঁও লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যাও সাল -সলনি হৈ পৰিছে ৷ ভোটাৰৰ সংখ্যা- নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি পূৰ্বৰ নগাঁও সদৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল 1, 91, 918 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 94,051 আৰু মহিলা ভোটাৰৰ সংখ্যা 97,867 ৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পূৰ্বৰ বটদ্ৰৱা সমষ্টিৰ এটা অংশ নগাঁও বিধান সভা সমষ্টিত অন্তৰ্ভুক্ত কৰি নতুনকৈ নামাকৰণ কৰা নগাঁও-বটদ্ৰৱা বিধান সভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1, 99, 688 গৰাকী ৷ অৰ্থাৎ পূৰ্বতকৈ প্ৰায় 8 হাজাৰ বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা ৷
বৰ্তমানৰ নগাঁও -বটদ্ৰৱা বিধানসভা সমষ্টিৰ মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,02,752 গৰাকী আৰু পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 96,921 গৰাকী ৷ নগাঁও- বটদ্ৰৱা বিধানসভা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰ আছে 15 গৰাকী ৷ একেদৰে ৰহা বিধানসভা সমষ্টিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে মুঠ ভোটাৰৰ সংখ্যা আছিল 2, 31, 422 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা আছিল 1, 16, 883 আৰু মহিলা ভোটাৰৰ সংখ্যা আছিল 1,14,539 ৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাঁও লোকসভা সমষ্টিৰ অধীনৰ ৰহা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,36,797 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ 1, 17, 595 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 1, 19, 186 গৰাকী ৷ ইফালে বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা চামগুৰি বিধানসভা সমষ্টিত পূৰ্বৰ মুঠ ভোটাৰৰ সংখ্যা আছিল 1,76, 571 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 90,089 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা আছিল 86, 482 গৰাকী ৷
কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত বৰ্তমান চামগুৰি সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 2, 11, 956 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 1,06, 909 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,05,036 গৰাকী ৷ চামগুৰি সমষ্টিত বৰ্তমান তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 11 গৰাকী ৷ একেদৰে ৰূপহীহাট বিধানসভা সমষ্টিত পূৰ্বৰ ভোটাৰৰ সংখ্যা আছিল 2, 15, 998 গৰাকী ৷ পুৰুষ ভোটাৰৰ সংখ্যা 1, 09, 539 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা আছিল 1, 06, 459 গৰাকী ৷ বৰ্তমান ৰূপহীহাট বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 2, 15, 627 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 1, 10, 155 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 1, 05, 455 গৰাকী ৷ ৰূপহীহাট বিধান সভা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰ আছে 17 গৰাকী ৷