অসম

assam

ETV Bharat / politics

ধুবুৰী-বৰপেটা অগপক, ইউ পি পি এলক কোকৰাঝাৰ: বাকী বিজেপিৰ - Assam Lok Sabha Election

Assam BJP Alliance: সমাগত লোকসভা নিৰ্বাচনত বিজিপিয়ে মিত্ৰদললৈ এৰি দিলে তিনিখন আসন ৷ ইয়াৰে দুখন অগপ আৰু এখন UPPLক দিলে বিজেপিয়ে ৷ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে এই কথা ৷

Assam BJP Alliance
বিজেপি মিত্ৰজোঁট

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 8:33 PM IST

সম্পন্ন হ’ল বিজেপি মিত্ৰজোঁটৰ আসনৰ ভাগ-বাটোৱাৰা

গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী : দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকৰ মাজতেই অসমত বিজেপি আৰু মিত্ৰজোঁটৰ আসনৰ ভাগ-বাটোৱাৰা চূড়ান্ত হ’ল । ৰাজ্যখনৰ ১৪ খন আসনৰ তিনিখন আসন বিজেপিয়ে মিত্ৰদল অসম গণ পৰিষদ আৰু ইউপিপিএলক প্ৰতিদ্বন্দিতাৰ বাবে আগবঢ়াই দিছে ৷

১১ খন আসনত বিজেপিয়ে নিজে প্ৰতিদ্বন্দিতা কৰিব । বৃহস্পতিবাৰে গুৱাহাটীত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত সংবাদমেল পাতি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ লগতে সংবাদমেলত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে অগপৰ সভাপতি অতুল বৰা আৰু আন নেতৃবৰ্গ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ঘোষণা কৰে যে UPPLক কোকৰাঝাৰৰ আসনখন এৰি দিব বিজেপিয়ে ৷ আনহাতে বৰপেটা আৰু ধুবুৰী এই দুখন আসনত অগপই প্ৰতিদ্বন্দিতা কৰিব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে অগপই কাজিৰঙা, বৰপেটা, ধুবুৰী, কৰিমগঞ্জ এই চাৰিখন আসন বিচাৰিছিল । অগপক দুখন আসনত খেলাৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছিল ।

বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ অনুৰোধ মৰ্মে বৰপেটা আৰু ধুবুৰী আসন দুখনত প্ৰতিদ্বন্দিতা কৰিবলৈ সন্মতি জনায় অগপই । ধুবুৰীত যাতে অগপ জিকিব পাৰে তাৰ বাবেই অগপক সমষ্টিটো দিয়া হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ । গণ পৰিষদৰ প্ৰাৰ্থীসকলক জয়ী কৰাবৰ বাবে দিনে-নিশাই বিজেপি কৰ্মীসকলে কাম কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

সংবাদমেলত অগপৰ সভাপতি অতুল বৰাই বিজেপিৰ নেতৃত্বক ধন্যবাদ জনাই কয় যে দুয়োখন আসনতে অসম গণ পৰিষদে জয়লাভ কৰিব ৷ লগতে অগপই কয় যে শীঘ্ৰেই দুয়োটা সমষ্টিতে অগপই নিজৰ প্ৰাৰ্থী দলীয় আলোচনাৰ মাজেৰে ঘোষণা কৰিব । আনহাতে এইবাৰ লোকসভা নিৰ্বাচনত যোগ্যতাৰ ভিত্তিতে বিজেপিৰ প্ৰাৰ্থিত্ব পাব অসমত ৷ পুৰুষ মহিলা বুলি কথা নাই ।

2026 ৰ নিৰ্বাচনত 30 শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব বুলি কৈ 11 খন আসনত বিজেপি জিকিব বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদমেলৰ পিচতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নতুন দিল্লীলৈ উৰা মাৰে ৷ দেশৰ আন ৰাজ্যৰ আসনৰ লগতে অসমৰ 11 খন আসনক লৈ আজি দিল্লীত হ’বলগীয়া বিজেপিৰ সংসদীয় সমিতিৰ বৈঠকত ভাগ ল’বৰ বাবেই আজি পুৱা দিল্লীৰ পৰা অসমলৈ অহা মুখ্যমন্ত্ৰীগৰাকী সন্ধিয়া পুনৰ দিল্লীলৈ ৰাওনা হয় ।

লগতে পঢ়ক:অৱশেষত বিজেপিত যোগদান কৰিলে ৰাণা গোস্বামীয়ে

ABOUT THE AUTHOR

...view details