গুৱাহাটী: 'এক দেশ এক নিৰ্বাচন' বিধেয়কত বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পিছত সংসদৰ চলিত শীতকালীন অধিৱেশনতেই সংসদৰ মজিয়াত বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে । কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছত সমগ্ৰ দেশৰ লগতে অসমতো এই বিষয়ত ব্যাপক চৰ্চা অব্যাহত আছে । শাসকীয় দল বিজেপি আৰু বিজেপিৰ মিত্ৰ দলসমূহে 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থাক আদৰণি জনোৱাৰ বিপৰীতে অসমৰ বিৰোধী দলসমূহৰ মাজত বিধেয়কখনক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে ।
বিৰোধীৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহে এই প্ৰসংগত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া । অসম কংগ্ৰেছে ৰাষ্ট্ৰীয় নেতৃত্বৰ সিদ্ধান্ত মৰ্মেই চলিব ৷ আনহাতে বিৰোধী আঞ্চলিক দলসমূহৰ ভিতৰত ৰাইজৰ দল, অসম জাতীয় পৰিষদে 'এক দেশ, এক নিৰ্বাচন' নীতিৰ ঘোৰ বিৰোধিতা কৰাৰ বিপৰীতে ৰাজ্যৰ আন এক অঞ্চলিক বিৰোধী দল বি পি এফে পোনপটীয়া আদৰণি জনাইছে 'এক দেশ, এক নিৰ্বাচন' নীতিক ।
বিজেপিয়ে একেৰাতিতে সংবিধান বদলি কৰিব :
'এক দেশ, এক নিৰ্বাচন'ৰ তীব্ৰ বিৰোধিতা আঞ্চলিক দল ৰাইজৰ দলৰ । ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এই লৈ বিজেপিক কৰিছে তীব্ৰ সমালোচনা । সকলো বিৰোধীক একত্ৰিত হৈ 'এক দেশ, এক নীতি'ৰ বিৰোধিতা কৰাৰ পোষকতা অখিল গগৈৰ ৷ গগৈৰ মন্তব্য,"ভাৰতীয় সংবিধানৰ বহুকেইটা গুৰুত্বপূৰ্ণ অনুচ্ছেদ সংশোধন তথা কৰ্তন কৰি বিজেপি চৰকাৰে ইতিমধ্যেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ৰাজ্যসমূহৰ হাতত থকা অধিকাৰ কৰ্তন কৰিছে । 'এক দেশ, এক নিৰ্বাচন' ব্যৱস্থা কাৰ্যকৰী হ'লে বিজেপিয়ে একেৰাতিতে সংবিধান বদলি কৰি পেলাব আৰু এককেন্দ্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰি ভাৰতবৰ্ষৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাক শেষ কৰি পেলাব । এই ব্যৱস্থাৰ বিৰুদ্ধে সকলো বিৰোধী দলক একগোট হ'বৰ বাবে আহ্বান জনাইছোঁ ।"
আঞ্চলিক ৰাজনীতিলৈ আহিব বৃহৎ প্ৰত্যাহ্বান:
একেদৰেই ৰাজ্যৰ আন এক গুৰুত্বপূৰ্ণ আঞ্চলিক দল অসম জাতীয় পৰিষদেও 'এক দেশ, এক নিৰ্বাচন’ নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈৰ স্পষ্ট মত যে বিষয়টো লৈ সাংবিধানিক আৰু ন্যায়িক দিশৰ ব্যাপক আলোচনাৰ প্ৰয়োজন আছে । লুৰীণজ্যোতি গগৈৰ মন্তব্য, “এক দেশ , এক নিৰ্বাচন, এক ভাষা, এক ধৰ্ম, এক জাতি এয়া ভাৰতবৰ্ষৰ যি বৈচিত্ৰতা তাৰ পৰিপন্থী ৷ এয়া অতিকেন্দ্ৰীভূত চিন্তা ৷ গণতন্ত্ৰৰ মাধুৰ্য এইটোৱেই যে ইয়াত ভিন্নতা থাকিব ।"
তেওঁ লগতে কয়,"এই 'এক দেশ, এক নিৰ্বাচন' গোটেই ধাৰণাটোৱেই ভুল । এখন দেশ, এটা নিৰ্বাচন কাৰিকৰীভাৱেও এয়া সম্ভৱপৰ নহয় । ক’ৰবাত অনাস্থা অহাৰ বাবে চৰকাৰ ভাগিলে তেতিয়া নিৰ্বাচন পাতিবনে নাই ? এটা সময়ত ভাৰতবৰ্ষত একে সময়তে নিৰ্বাচন আছিল ৷ কিন্তু পিছত এইটো সম্ভৱ হৈ নুঠিল বাবেই আজিৰ এই পৰিৱেশ আহিল । গতিকে এইটো বিষয়ত এক সাংবিধানিক আৰু ন্যায়িক ব্যাপক আলোচনাৰ প্ৰয়োজনীয়তা আছে ।”
লগতে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়,"'এক দেশ, এক নিৰ্বাচন' হ’লে আঞ্চলিক ৰাজনীতিৰ ধাৰালৈ আহিব বৃহৎ প্ৰত্যাহ্বান ।" 'এক দেশ, এক নিৰ্বাচন’ আৰু আঞ্চলিক দল প্ৰসংগত লুৰীণজ্যোতি গগৈৰ মন্তব্য, ''আঞ্চলিক দলসমূহলৈ এটা ব্যাপক প্ৰত্যাহ্বান আহিব । কেন্দ্ৰীভূত চিন্তা এটা যেতিয়া আহিব , প্ৰত্যাহ্বান আহিবই ৷ স্বাভাৱিকতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰেই পৰিণতি আঞ্চলিক দলসমূহ ৷ গতিকে 'এক দেশ, এক নিৰ্বাচন' হ’লে আঞ্চলিক ৰাজনীতিৰ ধাৰা আৰু ভাৰতবৰ্ষৰ সামগ্ৰিক ৰাজনৈতিক ব্যৱস্থালৈ এটা যে প্ৰত্যাহ্বান আহিব সেয়া নিশ্চিত ।"