কলিয়াবৰ,৬ জুন:কলিয়াবৰ এৰি যোৰহাটৰ চক্ৰবেহু মষিমূৰ কৰি বিজয়ী হৈ চমক সৃষ্টি কৰি সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰা গৌৰৱ গগৈ বৃহস্পতিবাৰে উপস্থিত হয় কলিয়াবৰত । নৱ নিৰ্বাচিত সাংসদগৰাকীক উষ্ম আদৰণি জনাই কলিয়াবৰ কংগ্ৰেছে । কলিয়াবৰবাসীৰ আদৰ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত বিজেপিক তীব্ৰ সমালোচনা কৰে গগৈয়ে ।
এগজিট প'লৰ সমীক্ষা ওলোৱাৰ লগে লগে ষ্টক মাৰ্কেটৰ অভাৱনীয় উত্থান আৰু নিৰ্বাচনী ফলাফলৰ পতনৰ সৈতে কি গোপন ষড়যন্ত্ৰ আছে সেই লৈ এক তদন্ত বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে । দিল্লীৰ সমীপতে থকা উত্তৰ প্ৰদেশত বিজেপি দলৰ দুৰৱস্থাৰ বিষয়ে অনুমান কৰিব নোৱৰা বিষয়টোও সন্দেহৰ আৱৰ্তত বুলি গৌৰৱ গগৈ প্ৰকাশ কৰে । মাত্ৰ এদিনৰ বাবে ষ্টক মাৰ্কেটৰ অবিশ্বাস্য উত্থান-পতনৰ লগত এচাম অসৎ ব্যৱসায়ীৰ কি গোপন লেনদেন আছে সেই লৈও তদন্ত বিচাৰিব বুলি জনাই সাংসদগৰাকীয়ে ।
খুমটাইৰ বিধায়কে গৌৰৱ গগৈক অভিনন্দন জনোৱাক লৈ সোধাত এক প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে কয় "প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়েও বৰ্তমান অসমৰ বিজেপি চৰকাৰৰ নতুন বিজেপি মন্ত্ৰীৰ আচৰণৰ বিৰুদ্ধে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । বিজেপিৰ দুৰ্দিনৰ সময়ত দলটোৰ অস্তিত্ব ৰক্ষা কৰা নেতাসকল বৰ্তমান সুবিধালোভী ন-বিজেপিসকলৰ আচৰণত বিতুষ্ট হোৱাৰ প্ৰমাণ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে । মৃণাল শইকীয়া, ৰাজেন গোহাঁই, অশোক শৰ্মাই নিজৰ ফাইল বন্ধ কৰিবলৈ, ধন-সম্পত্তি কৰিবলৈ বিজেপি দলত সোমোৱা নাই । চি বি আইৰ তদন্ত বন্ধ কৰিবলৈ বিজেপি দলত সোমোৱা নাই ।"
কলিয়াবৰ তিনিআলিৰ গৌৰী ভৱনত অনুষ্ঠিত আদৰণি সভাত বৃহস্পতিবাৰে কলিয়াবৰত উপস্থিত হয়হি গৌৰৱ গগৈ । আদৰণি সভাত যোৰহাট সংসদীয় সমষ্টিৰ গৌৰৱ গগৈক উষ্ম আদৰণি জনোৱাৰ লগতে কেক্ কাটি আনন্দ উল্লাস কৰে দলীয় কৰ্মীসকলে ।
তেওঁ কয়, "কলিয়াবৰৰ পৰাই ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰি আজি যোৰহাটৰ সাংসদ হ'লেও কলিয়াবৰক কেতিয়াও পাহৰিব নোৱাৰো । কলিয়াবৰৰ সৈতে যি আন্তৰিক সম্পৰ্ক আছে সেই সম্পৰ্ক যোৰহাটৰ সাংসদ হৈ থাকিলেও অটুত থাকিব । কলিয়াবৰৰ পৰা কাজিৰঙা হোৱা লোকসভা সমষ্টিত নতুন সাংসদ হ'লেও এই অঞ্চলটোৰ বাবে কৰিবলগীয়াখিনি কৰি যাম ।"