ETV Bharat / state

২১ জানুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা - HSLC EXAM 2025 SCHEDULE

মূল পৰীক্ষাৰ প্ৰথমদিনাই ইংৰাজী । আৰু কোনদিনা কি বিষয়ৰ পৰীক্ষা ৷ জানক এই প্ৰতিবেদনত ৷

HSLC Exam 2025
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 25, 2024, 8:01 PM IST

Updated : Nov 25, 2024, 8:08 PM IST

তেজপুৰ : ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী । ২০২৫ বৰ্ষৰ ২১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । মাঘ বিহুৰ পিছতে শিক্ষাৰ্থীয়ে বহিব লাগিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত ।

ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব ২১-২২ জানুৱাৰীত :

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই সোমবাৰে প্ৰকাশ কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচীৰ তালিকা । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই আজি প্ৰকাশ কৰা তালিকা মতে, ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব ২১-২২ জানুৱাৰীত ।

একেদৰে মূল পৰীক্ষাসমূহ ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব । প্ৰথমদিনা পুৱা অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা । ৩ মাৰ্চত সমাপ্ত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । ৰাজ্য চৰকাৰৰ নতুন শিক্ষানীতি অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাসমূহ পূৰ্বৰ তুলনাত সলনি কৰা হৈছে । ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা । ৩ মাৰ্চ অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হ'ব ঐচ্ছিক গণিত, ভূগোল, ইতিহাস, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, গৃহ বিজ্ঞান, আৰবী, নেপালী বিষয় ।

লগতে পঢ়ক:পুনৰ খুলি দিয়া হ'ল দর্পণ প'র্টেল, কিদৰে কৰিব আবেদন ? - HSLC Compartmental Exam 2024

ব্যৱহাৰিক পৰীক্ষা পঞ্জীয়নভুক্ত বিদ্যালয়ত অনুষ্ঠিত হ'ব :

আনহাতে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই আজি প্ৰকাশ কৰা সময়সূচীৰ তালিকা অনুসৰি অহা ২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব পৰ্য্যটন উদ্যোগ, কৃষি, ইলেক্ট্ৰনিক হাৰ্ডৱেৰ, যোগ শিক্ষা, সংগীত, নৃত্য আৰু হস্তশিল্প আদি বিষয়সমূহ।

পৰীক্ষাৰ সময়সূচী ২১ জানুৱাৰীৰ পৰা যদিও ব্যৱহাৰিক পৰীক্ষাসমূহ নিজা নিজা পঞ্জীয়নভুক্ত বিদ্যালয়ত অনুষ্ঠিত হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে । উল্লেখ্য় যে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পূৰ্বেই ঘোষণা কৰিছে যে এইবাৰৰ পৰা কোনো স্থানপ্ৰাপ্তৰ ব্য়ৱস্থা নাথাকিব ।

লগতে পঢ়ক:পুনৰ মুকলি হ'ব মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ প'ৰ্টেল

Last Updated : Nov 25, 2024, 8:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.