গুৱাহাটী: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটে শনিবাৰে আটাইকেইটাতে জয়লাভ কৰে । ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিজেপিয়ে বিহালী, চামগুৰি আৰু ধলাই বিধানসভা আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু ইউ পি পি এলে ক্ৰমে বঙাইগাঁও আৰু চিদলী আসনত জয়লাভ কৰে ।
বিজেপিৰ দিগন্ত ঘাটোৱাল, দিপ্লুৰঞ্জন শৰ্মা আৰু নীহাৰৰঞ্জন দাসে বিহালী, চামগুৰি আৰু ধলাই সমষ্টিৰ পৰা পৰ্যায়ক্ৰমে জয়লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদৰ দীপ্তিময়ী চৌধুৰীয়ে বঙাইগাঁও আসনত জয়লাভ কৰে । ইউ পি পি এলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম চিদলী বিধানসভা আসনত জয়লাভ কৰে । পুৱা ৮ বজাত গণনা আৰম্ভ হোৱাৰ পৰা বেছিভাগ সমষ্টিতে এন ডি এৰ প্ৰাৰ্থীসকলে অগ্ৰগতি লাভ কৰিছিল ।
বিহালী সমষ্টিত দিগন্ত ঘাটোৱালে ৯০৫১ টা ভোটৰ ব্যৱধানত জয়ী হয় । ঘাটোৱালে ৫০৯৭৪ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ জয়ন্ত বৰাই মাত্ৰ ৪১৮৯৬ টা ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে । বিজেপিৰ যুৱ নেতা দিল্পুৰঞ্জন শৰ্মাই চামগুৰিত কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনক ২২,৭৫৫ ৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় ।
চামগুৰিৰ বিজয় গেৰুৱা দলটিৰ বাবে ঐতিহাসিক, কিয়নো প্ৰথমবাৰৰ বাবে বিজেপিয়ে সংখ্যালঘু অধ্যুষিত এটা সমষ্টিৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল । চামগুৰি সমষ্টিটো পূৰ্বৰ পাঁচবাৰৰ বিধায়ক ৰকিবুল হুছেইনৰ দুৰ্গ বুলি কোৱা হয় । ধুবুৰী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইন জয়ী হোৱাৰ বাবে খালী হোৱা আসনখনত এইবাৰ কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁৰ পুত্ৰ তানজিল হুছেইনে । কিন্তু বিজেপিৰ দিল্পুৰঞ্জনে ৭৮৬২৮ টা ভোট লাভ কৰাৰ বিপৰীতে হুছেইনৰ পুত্ৰ তানজিলে মাত্ৰ ৫৫৮৭৩ টা ভোটহে লাভ কৰিবলৈ সক্ষম হয় ।
ধলাইত বিজেপিৰ প্ৰাৰ্থী নীহাৰৰঞ্জন দাসে কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুবজ্যোতি পুৰকায়স্থক পৰাস্ত কৰি গেৰুৱা দলৰ আধিপত্য বজাই ৰাখে । নীহাৰ ৰঞ্জন দাসে ৬৮৭৫৯ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই মাত্ৰ ৫৯৭৪২ টা ভোট লাভ কৰিবলৈ সক্ষম হয় । বঙাইগাঁৱত অগপৰ ৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে ৭৪৭৩৪টা ভোট লাভ কৰি জয়লাভ কৰে । আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহই মাত্ৰ ৩৯৫৭০ টা ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে ।